Ads are here which will you like

অহংকাৰ আৰু লোভ কৰিলে সন্মান হেৰায় Assamese Kids Story


অহংকাৰ আৰু লোভ কৰিলে সন্মান হেৰায় Assamese Kids Story
অহংকাৰ আৰু লোভ কৰিলে সন্মান হেৰায় Assamese Kids Story  

অহংকাৰ আৰু লোভ কৰিলে সন্মান হেৰায় Assamese Kids Story  


বহুত দিন আগৰ কথা মাধৱপুৰ নামৰ আছিল এখন গাও। গাওঁৰ মানুহবোৰ আছিল বৰ এলেহুৱা। সদায় দেৰিকৈ উঠে। সেই বাবে গাওঁৰ মূৰব্বী জন আছিল বৰ চিন্তিত। গাওঁৰ মূৰব্বী জনে ভাবি পোৱা নাছিল কেনেকৈ মানুহবোৰক ৰাতিপোৱা সোনকালে উঠাই পৰিশ্ৰমী কৰি তুলা যায়।  সেই সময়ত গাওঁত নাছিল কোনো Alarm ঘড়ীৰ ব্যৱস্থা সেয়েহে গাওঁৰ মূৰব্বী জনে গাওঁত আনিলে এটা কুকুৰা। মূৰব্বী জনে ভাবিছিল কুকুৰায়ে ৰাতিপুৱা হোৱাৰ লগে লগে যিহেতু মাত দিয়ে সেয়েহে সেই মাত শুনি মানুহবোৰে ৰাতিপুৱা সোনকালে উঠা কৰিব।

মূৰব্বী জনে ভবা মতে কামো হল। কুকুৰায়ে সদায় ৰাতিপুৱা মাত দিয়ে আৰু মানুহবোৰেও সেই মাত শুনি ৰাতিপুৱা সোনকালে উঠি কামত যায়। মানুহবোৰো লাহে লাহে পৰিশ্ৰমী হব ধৰিলে। ৰাতিপুৱা সোনকালে উঠাৰ বাবে মানুহবোৰৰ স্বাস্থ্যও ভাল হব ধৰিলে। কিন্তু কুকুৰাটো লাহে লাহে অহংকাৰী হব ধৰিলে। মানহবোৰে কুকুৰাটোক নিজৰ সামৰ্থ অনুযায় বহু বস্তু খাবলৈ দিছিল, বহু সন্মানো কৰিছিলে কিন্তু কুকুৰাটোয়ে আৰু বেছি বস্তু আৰু সন্মান বিচাৰিলে। অৰ্থাৎ কুকুৰাটোৰ মনত অহংকাৰৰ লগতে লোভৰ জন্ম হল। কুকুৰাটোৱে পাহৰি গৈছিল যে এই অহংকাৰ আৰু লোভে সন্মান কাঢ়ি লৈ যায়।

কুকুৰটোৱে মানুহৰ ঘৰে ঘৰে গৈ বস্তু চুৰ কৰি খাব ধৰিলে, মানুহবোৰক কামত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিলে। মানুহবোৰে কুকুৰাটোৰ এইবোৰ বেয়া কাৰ্য্যত অসন্তুষ্ট হৈ পৰিছিল যদিও কুকুৰাটোক কিন্তু কোনো কষ্ট দিয়া নাছিল। কাৰণ কুকুৰাটোয়ে সদায় ৰাতিপুৱা মাত দি মানুহবোৰক জগাইছিল সেয়েহে মানুহবোৰে কুকুৰাটোক বহুত সন্মান আৰু মৰম কৰিছিল।

কুকুৰাটোৰ অহংকাৰ আৰু লোভ বাঢ়িব ধৰিলে। নিজকে ৰজা বুলি ভাবিব ধৰিলে। সেয়েহে মানুহবোৰৰপৰা মনে বিচৰা অত্যাধিক বস্তু নোপোৱাত, কুকুৰাটোয়ে মানুহবোৰক কষ্ট দিব ধৰিলে আৰু এদিন নিজৰ অহংকাৰত কুকুৰাটোয়ে ৰাতিপুৱা মাত দিয়ায়ে বন্ধ কৰি দিলে। কুকুৰাটোয়ে ভাবিছিল যে সি মাত নিদিলে মানুহবোৰে ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিব ফলত মানুহবোৰে কুকুৰাটোয়ে বিচৰা ধৰণে কাম কৰিব। কিন্তু তেনেকুৱা নহল; সদায় ৰাতিপুৱা সোনকালে উঠি থকাৰ বাবে সেইটো মানুহৰ অভ্যাসত পৰিণত হল। মানুহবোৰে কুকুৰাটোৰ অবিহনেও ৰাতিপুৱা সোনকালে উঠিব ধৰিলে। মানুহবোৰৰ অভ্যাস ভাল হব ধৰিলে আৰু কুকুৰাটোৰ অভ্যাস বেয়া হব ধৰিলে। মানুহৰ ঘৰত চুৰ কৰাটো কুকুৰাটোৰ অভ্যাসত পৰিণত হল।

মানুহবোৰে লাহে লাহে বুজি পালে যে যিহেতু কুকুৰাটোৰ অবিহনেও সিহতে ৰাতিপুৱা সোনকালে উঠিব পাৰে সেয়েহে সিহঁতে চুৰ কুকুৰাটো মাৰি গাওঁৰ পৰা খেদি দিলে। নিজৰ অহংকাৰ আৰু লোভৰ ফলত কুকুৰাটোয়ে গাঁওখন হেৰুৱাব লগীয়া হল আৰু লগত গাওখনৰপৰা পোৱা সন্মান আৰু খোৱা বস্তুও হেৰুৱাব লগীয়া হল।

কাহিনীটোৰপৰা শিক্ষা (Moral of this Assamese Kids Story)


এই কাহিনীটোৰপৰা এইয়ে শিক্ষা পাও যে অহংকাৰ আৰু লোভ কেতিয়াও কৰিব নালাগে। সদায় নিজৰ কৰ্ম কৰিব লাগে। অহংকাৰ আৰু লোভ কৰিলে এদিন সন্মান হেৰুৱাবলগীয়া হয়।