Ads are here which will you like

Showing posts with label Other Assamese. Show all posts
Showing posts with label Other Assamese. Show all posts
মন সমুদ্ৰত ভাহি অহা দ্বীপ এটাৰ চিত্ৰ- জীৱ স্ৰেষ্ট

মন সমুদ্ৰত ভাহি অহা দ্বীপ এটাৰ চিত্ৰ- জীৱ স্ৰেষ্ট


কাৰো অন্তৰত আঘাত দিবলৈ মই এই লেখটো লিখা নাই। মই লেখটো লিখিছো নিজৰ মন সমুদ্ৰত হোৱা ভুইকম্পৰ ফলত নিৰ্মাণ হোৱা দ্বীপটোৰ বিষয় আপোনালোকক কবলৈ। বহুত অদভূত এই কাল্পনিক জগতখন। যত ৱাস্তবতাও আছে আৰু আছে অৱাস্তবতা। মই নাজানো মোৰ দ্বীপটো কিমান ৱাস্তব বা কিমান অৱাস্তব। কিন্তু বিচাৰো যে আপোনি এই দ্বীপটোৰ বিষয় পঢ়ক। যদি ভাললাগে আনলৈ পঠাব যদি বেয়া লাগে মোক ক্ষমা কৰিব।
চিৰিয়াখানাত আমি বন্দী জন্তূবোৰক চাই আনন্দ উপভোগ কৰো। আমি জানো যে সেই হিংস্ৰু জন্তূবোৰে কাৰাগাৰৰ দুৱাৰ ভাঙি আমাক স্পৰ্স কৰিব নোৱাৰে। সিহতে আমাক কিবা কবলৈ বিচাৰে কিন্তু আমি বুজিব নিবিচাৰো। আমি সিহতক চাই গৰ্ৱ অনুভৱ কৰো কাৰণ সিহত আমাৰ বন্দী আমি জানো যে কিমান অসহায় সিহত কাৰাগাৰৰ ভিতৰত। কিন্তূ আমি একো মাত নামাটো কাৰণ আমি সেই অসহায় জন্তূবোৰক চাই আনন্দ উপভোগ কৰো। যিদৰে আমি আনন্দ উপভোগ কৰো আইনাৰ ভিতৰত থকা জন্তূটোক চাই। আমি আইনাত বন্দিহৈ থকা জন্তূটোক বুজিবলৈ চেষ্টা নকৰো কাৰণ প্ৰকৃত স্বৰুপ গ্ৰহণ কৰিব পৰা ক্ষমতা আমাৰ নাই। আমি তাৰ কান্দোন চাব নোৱাৰো তাৰ শব্দ নোহোৱা চিঞৰ বুজিব নোৱাৰো। আমি বুজিবলৈ চেষ্টা নকৰো যে সেই অসহায় জন্তূটোৱে আমাক আমাৰ প্ৰকৃত পৰিচয়ৰ বিযয় কিবা কবলৈ বিচাৰি আছে। আমি বুজো কেৱল সেই জন্তূটো আমাৰ বন্দী। আমি কান্দিলেহে সি কান্দিব আমি হাহিলেহে সি হাহিহ। সি গুলাম আমাৰ অৱাস্তবৰুপি কল্পনাৰ। যিদৰে চিৰিয়াখানাত বন্দী বাঘ এটাই আমাৰ অহংকাৰ আৰু শক্তিক দমন কৰি আমাক প্ৰকৃত শক্তিৰ স্বৰুপ দেখাই ঠিকদৰে সেই আইনাৰ সেই শব্দহীন জন্তূটোৱেও আমাৰ অহংকাৰ আৰু গৰ্ৱক নিশেষ কৰি আমাক জন্তুৰপৰা মনুষ্য কৰিব বিচাৰে। কিন্তু আমি সেইটো হব দিব নিবিচাৰো। কাৰণ জন্তূৰ জীৱন অতিবাহিত কৰি কৰি আমি মনুষ্যতাক গ্ৰহণ কৰিবপৰা ক্ষমতা হেৰাই পেলাইছো। এতিয়া কেৱল মানবীয়তাৰ গুন আমাৰ মুখত সীমাবদ্ধ হৈ আছে। যিদৰে দেখিবলৈ মৰমীয়াল ভালুক এটায়ে চিকাৰ সম্মুখত পোৱাৰ লগে লগে নিজৰ প্ৰকৃত স্বৰুপত আহি যাই ঠিক সেইদৰে মুখত মানৱতাৰ গুণগান গোৱা সকলেও চিকাৰ পোৱাৰ লগে লগে নিজৰ প্ৰকৃত স্বৰুপত আহি যাই। চিকাৰীৰ কাম চিকাৰ কৰা আৰু চিকাৰৰ কাম চিকাৰ হোৱা। এইটোৱে প্ৰকৃতিৰ নিয়ম। ইয়াক কোনো জন্তূয়ে সলনি কৰিব নোৱাৰে। সি চাগে কুকুৰে হওক বাঘে হওক শিয়ালে হওক নাইবা মানুহে কিয় নহওক। যেতিয়ালৈকে কোনো জীৱয়ে জন্তূৰপৰা ওপৰত উঠি নিজকে মনুষ্য হিচাপে গঠন নকৰে তেতিয়ালৈকে আইনাত বন্দীহৈ থকা জীৱটো জন্তূৰ জীৱনহে অতিবাহিত কৰি থাকিব। সি কেতিয়াও মনুষ্য হব নোৱাৰিব।
এনেকোৱাও নহয় যে এই মানুহ নামৰ জন্তূৰুপি দানৱে বসবাস কৰা ভয়ংকৰ জংঘলত কোনো মনুষ্যৰুপি দেৱতাই বসবাস নকৰে। বসবাস কৰে। সিহত থকাৰ বাবেটো এই জংঘলখন জ্বলি শেষ হৈ যোৱা নাই। সিহত গোতেই জীৱনটো জ্বলিপুৰি এদিন শেষ হৈ যায়। কিন্তু জংঘলখন জ্বলিব নিদিয়ে। সিহতে ৰাষ্ট্ৰীয় সেৱকৰুপে আমাক শিকাই একতা আৰু আত্মচেতনা। নিজৰ জীৱনৰ বলিদান দিয়ে কেৱল আমাৰ কাৰণে। গোতেই জীৱনটো কেৱল আমাক সত্যৰ সন্ধান কৰিবলৈ শিকাইকিন্তু আমি সিহতৰ ওপৰতে প্ৰশ্ন কৰো। ভুল নুবুজিব প্ৰশ্ন কৰাক মই ভুল বুলি কব বিচৰা নাই। কিন্তু প্ৰশ্ন কেৱল এটা পক্ষক নহয় দুয়োটা পক্ষকে সুধিব লাগে।
নিজৰ জীৱনত দুখ দি সমাজক সুখি কৰাটোক মই মানৱতা বুলি কব বিচৰা নাঈনিজৰ জীৱটো শুদ্ধ পথতনি সমাজখন পোহৰাই তুলাটোয়ে মানৱতাৰ প্ৰধান গুণ। কিন্তু আচৰিত কথা এই গুণ সকলো বিচাৰ কৰিবপৰা জীৱৰে আছে কিন্তু নিজৰ অৱগুণ সমূহৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবে সেই গুণ সমূহ কাৰ্য্যত পৰিণত কৰিব নোৱাৰে। ফলত সিহত লাহে লাহে হিংস্ৰ জন্ত্ৰুত পৰিণত হব ধৰে। কিন্তু এতিয়া বুজিবৰ সময় হল। বিচাৰ কৰিবৰ সময় হল। প্ৰতিজন মানুহে আইনাত বন্দীহৈ থকা জন্তূটোক চকুত চকু থৈ সুধিবৰ সময় হল যে আমি প্ৰকৃততে কোন। মনুষ্য নে জন্তূ ? বিশ্বাস কৰক অন্তৰৰপৰা ওলোৱা উত্তৰটোৱে আপোনাৰ আৰু এই সমাজখনৰ ভৱিষ্যত সলনি কৰি দিব।
এতিয়া সমাজখনক কেৱল এটা দৃষ্টিকোণেৰে চালে নহব বিভিন্ন দৃষ্টিকোণেৰে চাব জানিব লাগিবআমি প্ৰকৃততে জংঘলত বসবাস কৰি আছো নে এখন সভ্য সমাজত? নিজক জ্ঞানী প্ৰমাণ কৰা বাদ দিয়ক। এই সমাজত সৃষ্টতকৈ সৃষ্ট ব্যক্তি বসবাস কৰি আছে। সেয়েহে নিজক জ্ঞানী হিচাপে প্ৰমাণ কৰি অহংকাৰ কৰি ফুৰাত কৈ সমাজক জ্ঞানী ৰুপত গঠন কৰি গৰ্ব কৰক। কেৱল এজন জ্ঞানীয়ে ১০০ জন মূৰ্খক লগত লৈ এখন সমৃদ্ধিশালী সমাজটো গঠন কৰিব পাৰিব কিন্তু জ্ঞানীজনৰ মৃত্যুৰ পিচত মূৰ্খসকলে সেই সমৃদ্ধিশালি সমাজখন ধংসহে কৰিব। সেয়েহে একতাৰ ৰচিৰে কেৱল এখন জ্ঞানীৰ সমাজ নিৰ্মাণ কৰকতাৰ পিচতে নিজকে জীৱ সৃষ্ট বুলি পৰিচয় দিবমনত ৰাখিব ঘৰিয়ালৰৰ যদি কব পৰা ক্ষমতা থাকিলেহেতেন তেনেহলে নিজকে নিৰ্মম আৰু লোভীয়া জীৱ বুলি পৰিচয় নিদি এজন জীৱ সৃষ্ট হিচাপে পৰিচয় দিলেহেতেন।



INFORMATION WILL HELP YOU TO BUY OR GIVE ADVICE SOMEONE

English Labels

Ads is here