ATM চুৰ | Short Story in Assamese
কেবাদিনো আগৰ কথা। গাওঁত SBI ৰ
নতুন Branch খুলিছে লগতে স্থাপন কৰিছে নতুন ATM। গাওঁৰ মানুহ বহুত সুখি কাৰণ সিহঁতৰ মতে গাওখনে উন্নতি কৰিছে SBI
ৰ নতুন Branch
খুলিছে অৱশ্যে বেংকত থবৰ কাৰণে গাওঁৰ মানুহৰ তাত পইচা নাচিল। যিহক গাওঁৰ মানুহ
সুখি লগতে সুখি অন্যৰ কষ্ঠৰ উপাৰ্জন কাঢ়ি নিজৰ জীৱন অতিবাহিত কৰা অঘাটন চুৰ। নাম
তাৰ Mr. ৰাজু চুৰিৰ কামত থাকে সদায় সাজু। এইবাৰো সি সাজু হ’ল
চুৰিৰ কামত, ATM চুৰিৰ কামত। অহ্ হ্... ATM টো ডাঙৰ বস্তু চুৰি নহব ডকাইটিহে হব।
গতিকে সি সাজু হ’ল ডকাইটিৰ কামত। Now
Mr. ৰাজু become a ডকাইট।
ৰাজুয়ে সকলো Plane কৰিলে।
ৰাতি ATM চুৰ কৰিব। কিন্তু ATM টো নিব কিহতকৈ তাৰ সমাধান বিচাৰি ৰাজুয়ে
বিচাৰিলে VAN কিন্তু শেষত VAN
ৰ ঠাইত পালে ৰিস্কা। গতিকে ৰাতি দুটা বজাত ৰাজু ৰিস্কা লৈ ATM
ত হাজিৰ। নতুন ATM গতিকে Security ৰ
ব্যৱস্থা নাচিল। সেয়েহে
ৰাজুয়ে কোনো অসুবিধা নোহোৱাকৈ নিজৰ তলা ভঙা কৌশলৰ জৰিয়তে ATM
ৰ ভিতৰত প্ৰৱেশ কৰিলে। ৰাজুৰ এটা ডাঙৰ গুণ আছিল যে তাৰ কোনো ভাল গুণ নাচিল।
ATM
ত প্ৰৱেশ কৰাৰ পিছত ৰাজুয়ে দুটা Machine দেখিলে। ৰাজু বিপাঙত/বিমূঢ়ত
পৰিল। ৰিস্কাটো এটাহে Machine নিব পাৰিব। এতিয়া সি কোনটো Machine
নিব। অৱশেষত সি ডাঙৰ Machine টো নিবলৈ ঠিৰাং কৰিলে আৰু সকংল্প কৰিলে
যে সি দুদিন পিছত সৰু Machine টোও নিব। অৱশ্যে ৰাজুয়ে এইটো নাজানিচিল যে
সি নিব বিচৰা ডাঙৰ Machine
টো ATM নহয় Passbook Update কৰা Machine হে। গতিকে অজানিতে সি Update
Machine টো ভাঙিব ধৰিলে। কিন্তু তাত এন্ধাৰ আছিল তৰ্চৰ পোহৰত
ভালদৰে কাম কৰিব পৰা নাচিল। সেয়েহে সি লাইতৰ চুইতচ বিচাৰিলে। অৱশেষত এটা চুইতচ
পালে সি তিনি চাৰিবাৰ টিপিলেও কিন্তু কোনো লাইত নজলিল। তাৰ খং উঠিল;
চৰকাৰে ৰাইজৰপৰা টকা লয় আৰু ভালদৰে নিজৰ কাম নকৰে, চুইটচ দিচে কিন্তু লাইত দিয়া
নাই। এতিয়া ৰাজুয়ে কি জানে যে সেইটো লাইটৰ চুইটচ নহয় Alarm
ৰ চুইতচহে। গতিকে যত জ্বলিব লগা আছিল তাত ভালকৈ জ্বলিছে। লাইট বিষয়টোৰপৰা নিজৰ
ধ্যান ভংগ কৰি ৰাজু একানপটিয়া কৈ কুঠাৰ, হাটুৰী আৰু screw ড্ৰাভাৰেৰে Machine টো ভাঙিব ধৰিলে আৰু বহু কষ্টৰ ফলত শেষত সি
নিজৰ কামত সফল হ’ল।
Machine
টো ভাঙি যেতিয়া সি বাহিৰত উলাই তেতিয়া দেখে থানাৰ OC
হাতত পিষ্টল লৈ তাৰ
অপেক্ষাত ৰৈ আছে। OC য়ে
ৰাজুক কলে, “বা
মানিব লাগিব দে। দুই দিন হৈছে মাথো তই আহি গলি চুৰ কৰিব।”
তেতিয়া চুৰে ক’লে,
চুৰ- চাৰ এইটো চৰকাৰী বেংকহে। চৰকাৰী বেংকটো চৰকাৰী পইচা থাকে মানে ৰাইজৰ পইচা থাকে।
মই হলো ৰাইজৰ অংশ। গতিকে ইয়াতটো মোৰো অধিকাৰ আছে। সেয়েহে মই কোনো চুৰি কৰা নাই।
নিজৰ প্ৰাপ্যখিনিহে লব আহিছিলো।
OC – অহ্
হয়টু কিন্তু এই লাঠীডালু চৰকাৰী লাঠী চৰকাৰ হ’ল ৰাইজৰ তই হ’লি ৰাইজৰ অলাগতীয়াল অংশ
গতিকে ইয়াতো তোৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু এটা কথা নহয় তই যিটো Machine
ইমান কষ্ট কৰি ভাঙিলি সেইটো ATM Machine নহয় Passbook
Machine হে তাত
পইচা নাই।
চুৰ – কি?
এই কথাষাৰ শুনি ৰাজুৰ মূৰৰ ঘুৰণি আৰম্ভ
হ’ল। সি কান্দিব নে চিঞৰিব ভাবি পোৱা নাছিল। অৱশেষত হাৱালদাৰে তাক ধৰি নিব ধৰিলে
এনেতে OC য়ে ৰব কৈ ৰাজুক কলে, “সেই
মানুহ জনক চা তাৰ এখন হাত নাই। কিন্তু সি তোৰ নিচিনা অসং কাম নকৰে। সি সদায়
ৰাতিপোৱা ৫ টা বজাত নিজৰ চাহৰ দুকান খোলে। লগত থাকে তাৰ পত্নী
আৰু লৰা। অতি কষ্ট কৰি টকা উপাৰ্জন কৰে। সেই টকাৰে নিজৰ পৰিয়াৰ চলাই, লৰাক পঢ়ায়
আৰু বাকী যিখিনি টকা বাচি যায় সেইখিনি টকা বেংকত থয়। কিন্তু তোৰ নিচিনা এটা চুৰে
সেই টকা চুৰ কৰি নিজৰ মূল্যহীন জীৱন চলায়ে। এদিন তইও মৰিবি সেই মানুহজনো মৰিব
কিন্তু পাৰ্থক্য কি থাকিব জানো, যিদিনা সেই মানুহজন মৰিব সেইদিনা এজন মানুহৰ
মৃত্যু হব আৰু যিদিনা তই মৰিবি সিদিনা এটা জন্ত্ৰুৰ মৃ্ত্যু হব। সেয়েহে ভাল কাম
কৰিবলৈ চেষ্টা কৰ টকা কম পাবি কিন্তু সভ্য সমাজত দুই এজনৰপৰা সন্মান পাবি।”
হাৱালদাৰে চুৰক গাড়ীত ভৰালে। OC ও
গাড়ীত বহিল। গাড়ীখন চলিবলৈ আৰম্ভ কৰিলে আৰু মইও লিখা সমাপ্ত কৰিলোঁ।
॥ সমাপ্ত ॥