Ads are here which will you like

জলন্ত কাশ্মীৰ । Struggle of Jammu And Kashmir- Part 1


জলন্ত কাশ্মীৰ । Struggle of Jammu And Kashmir
জলন্ত কাশ্মীৰ । Struggle of Jammu And Kashmir

নদীৰ পানীক ৰুধিবলৈ যিমানে ডাঙৰ  মথাউৰি নিৰ্মাণ নকৰক কিয় এদিন নহয় এদিন নদীৰ প্ৰবাল সোতে সেই মথাউৰি উঘালি পেলাবয়ে। এই সত্যটোকে প্ৰমাণ কৰি দেখোৱালে নৰেন্দ্ৰ মোদী চৰকাৰে। সুদীৰ্ঘ প্ৰায় ৬৮ বচৰৰপৰা কৰি অহা যুজৰ ৬ আগষ্ট ২০১৯ তাৰিখে অন্ত পৰিল। আৰু অন্ত পৰিল কাশ্মীৰত শোষক সকলোৰ শাসন ব্যৱস্থাৰ।  ৩৭০ ৰ আশ্ৰয় লৈ কাশ্মীৰত ৰাজত্ব কৰি অহা তাৰ সাধাৰণ জনতাৰ অন্তৰত হিংসাৰ শিপা ৰোপণ কৰা সকলে পাহৰি গৈছিল এইখন ভাৰত ভূমি হয়। এখন পুণ্যভুমি। যত অধৰ্মৰ এদিন নহয় এদিন ন্যাস হবয়ে। নিজৰ লৰা ছোৱালীক বাহিৰৰ দেশত পঠাই কাশ্মীৰৰ জনতাৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা সকলে পাহৰি গৈছিল এতিয়া সময় সলনি হৈছে। যত কিছুমান লোকে ৩৭০ গুচোৱাটো কাল্পনিক সপোন বুলি ভাবিছিল তাত শ্যাম প্ৰসাদ মুখাৰ্জীৰ আদৰ্শক আগত ৰাখি বাস্তৱ কৰি তুলিলে মোদী চৰকাৰে। যি সংবিধানৰ জৰিয়তে ৩৭০ শিকলীৰ সৃষ্টি কৰিবলৈ বাধ্য কৰা হৈছিল সেই সংবিধানৰ জৰিয়তে তাক ন্যাসো কৰি পেলালে মোদী চৰকাৰে। 

এই শিকলিটো কাশ্মীৰত বৃটিছৰ সময়ৰপৰা নাছিল। ইয়াৰ বৰ বিশেষ প্ৰয়োজনীয়তাও নাছিল। কাৰণ যদি প্ৰয়োজনীয়তা থাকিলহেতেন তেনেহলে সৰদাৰ বল্লভাই পাতেলৰ লগতে সংবিধান সভাৰ সকলো সদস্যয়ে ইয়াৰ বিৰোধিতা নকৰিলেহেঁতেনযদি প্ৰয়োজনীয়তা থাকিলহেঁতেন তেনেহলে বি. আৰ. আম্বেদকাৰ জীয়ে এই আইন তৈয়াৰ কৰিবলৈ অস্বীকাৰ নকৰিলেহেঁতেন। এইটো নকলেহেতেন যে অনুচ্ছেদ ৩৭০ ভাৰতৰ লগত বিশ্বাসঘাত হয়। কিন্তু সাৰদাৰজী আৰু আম্বেদকাৰজীৰ বিৰোধিতা সত্বেও কেৱল সেই সময়ৰ কাশ্মীৰ ঘাটি ৰাইজৰ নায়ক হৈ উলাই অহা শেখ আব্দুলাক সন্তুষ্ট কৰিবলৈ সংবিধানৰ ২২ সংখ্যাত এই  ৩৭০ আৰু ইয়াক শক্তি যোগান ধৰা ৩৫ (ক) প্ৰণয়ন কৰা হলতাৰ পিচৰেপৰা কাশ্মীৰ সন্ত্ৰাসৰ কলা ছায়াত লাহে লাহে হেৰাই যাব ধৰিলে। কিন্তু কাশ্মীৰৰ এই অৱস্থা হবলৈ পালে কেনেকৈ? তাক বিচাৰিবলৈ হলে আমি অতীতত প্ৰবেশ কৰিব লাগিব।

প্ৰাচীন কাশ্মীৰ


কাশ্মীৰ নামৰ ক্ষেত্ৰত বহুতো ধাৰণা আছে তাৰে ভিতৰত প্ৰধান ধাৰণাটো হৈছে যে এই নামটো ব্ৰক্ষ্মাৰ পুত্ৰ মৰীচি আৰু মৰীচিৰ পুত্ৰ ঋষি কাশ্যপৰপৰা আহিছেঅৰ্থাৎ নিশ্চয় তাত ঋষি কাশ্যপৰ বসতি আৰু লগতে প্ৰভাৱও যথেষ্ট আছিল। আনহাতে বৰ্তমান তথ্যৰপৰা কব পাৰি যে কাশ্মীৰত এটা সময়ত মৌৰয়ান ৰাজবংশয়ে ৰাজত্ব কৰিছিল। কল্হাণৰ দ্বাৰা ৰচিত ৰাজতাৰানগিনিৰপৰা জানিব পৰা যায় যে মৌৰয়ান সাম্ৰাজ্যৰ মহা প্ৰতাপী ৰজা আশোকে শ্ৰীনগৰ স্থাপন কৰিছিল। মৌৰিয়ান ৰজায়ে কেৱল কাশ্মীৰতে নহয় বৰং সমগ্ৰ পাকিস্তানতে ৰাজত্ব কৰিছিল। মৌৰয়ানৰ পিচত কাশ্মীৰত কুসান সকলোৰ ৰাজত্ব হল। কাশ্মীৰ বুলি কলে কেৱল জম্মু কাশ্মীৰ আৰু লাদ্দাকয়ে নপৰে পাকিস্তানে দখল কৰি ৰখা পাক অধিকৃত কাশ্মীৰো পৰিছিল। এই কুসান ৰাজবংশৰ শক্তিশালী ৰজা আছিল এজন বৌদ্ধ ধৰ্মৰ অনুয়ায়ী কণিষ্ক। এজন বৌদ্ধিচ হিচাপে তেখেতে কাশ্মীৰত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিব ধৰিলে আৰু তেখেতেয়ে কাশ্মীৰৰ কুন্দলবনত চতুৰ্থ বৌদ্ধিক পৰিষদ আহ্বান কৰিছিল। এই কুসান সকলৰ পিছত তাত বেলেগ বেলেগ হিন্দু ৰজাৰ শাসন চলিছিল। এই ৰজা সকলে প্ৰায় শতাব্দী ৫ ৰপৰা ১৪ শতাব্দীলৈ ৰাজত্ব কৰে। এই সকলোৰে কাৰকোতা ৰাজবংশয়ে কাশ্মীৰত বিখ্যাত সূৰ্য্য মন্দিৰৰ নিৰ্মাণো কৰিছিল যাৰ নাম আছিল মাৰতান্দ সূৰ্য্য মন্দিৰ। লগতে  লোহাৰ ৰাজবংশয়ে ১০০৩ ৰপৰা ১৩২০ লৈ ৰাজত্ব কৰিছিল। ১৩৩৮ ৰ আগলৈকে কাশ্মীৰত কোনো মুছলমান ৰজাৰ শাসন হোৱা নাছিল কিন্তু যেতিয়া ১৯৩৮ ত লোহাৰ ৰাজবংশৰ উদয়নদেবৰ মৃত্যু হয় তেতিয়া তেখেতৰ সন্তান অল্পায়ু হোৱাৰ বাবে ১৯৩৯ ত তেখেতৰে মন্ত্ৰী শাহ মীৰে (শাহ মিৰ্জা বুলিও কোৱা হয় যিজনে ১৩১৩ ত পৰিয়ালৰ সৈতে কাশ্মীৰত আহিছিল। তেখেতে পিছলৈ এজন শক্তিশালী মন্ত্ৰী হৈছিলে।) পৰিস্থিতিৰ সুবিধা লৈ শাসন দখল কৰি লয়। এখেতে পিচলৈ শাম্সুদিন বুলি জনাযাত হয় আৰু এইজনে কাশ্মীৰৰ শাহমিৰ বংশৰ (কিন্তু শাহমিৰ বংশৰ সংস্থাপক শিহাবুদ্দীন আছিল) প্ৰথম মুছলিম শাসক আছিল। আৰু কাশ্মীৰত আৰম্ভ হল চালতানত অফ কাশ্মীৰ যিতু ১৪ ৰপৰা ১৬ শতাব্দীলৈ চলিছিল। এই শাহ মিৰ বংশৰে ষষ্ঠম ৰজা আছিল চুলতান চিকান্দাৰ শাহ মিৰ (১৩৮৯-১৪১৩)। এজন ঘৰ্মান্ধ শাসক। চিকান্দাৰৰ শাসন কালতে বহুতো ধৰ্মান্তৰ হৈছিল, বহুতো মঠ মন্দিৰ ভাঙিছিল। মাৰতান্দ সূৰ্য্য মন্দিৰো ধংস কৰিছিল। বহুতো হিন্দু শাস্ত্ৰ ধংস কৰি পেলাইছিল। হিন্দু সকলোৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলিছিল।  ইয়াৰোপৰি চিকান্দাৰৰ ব্ৰাহ্মণ সেনাপতি আৰু পৰামৰ্শদাতা সুহাভট্টয়ে ভয়তে নিজৰ ধৰ্ম পৰিবৰ্তন কৰি ৰাইজক কৈছিল যে হয় ধৰ্ম পৰিবৰ্তন কৰক নহলে কাশ্মীৰ এৰি যাওক। ফলত বহু লোকে নিজৰ ধৰ্ম পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈছিল আৰু যিসকলে কৰা নাছিল সিহঁতে নিজৰ ঘৰ দুৱাৰ এৰি পলায়ন কৰিছিল। ইয়াৰ পিচত চুলতান হল জেইন-উল-আবিদীন (১৪১৮-১৪১৯ আৰু ১৪২০-১৪৭০)আৰু কাশ্মীৰত এক নতুন পৰিৱৰ্তনৰ সুচনা হল। তেখেতে বহুতো মন্দিৰৰ নিৰ্মাণ কৰিছিল, গৌ হত্যাৰ ওপৰত প্ৰতিবন্ধকতাও লগাইছিল লগতে মৃত্যুৰ ভয়ত কাশ্মীৰ এৰি যোৱা ব্ৰাহ্মণ সকলোক আকৌ কাশ্মীৰত আহিবলৈ আগ্ৰহ কৰিছিল। তেখেত এজন ধৰ্ম নিৰপেক্ষ ৰজা আছিল। হিন্দু সকলোৰ প্ৰতি অশেষ শ্ৰদ্ধা আছিল। সকলো ধৰ্মকে সমান দৃষ্টিৰে চাইছিল। সেয়েহে তেখেতক বোদ্ধ (বুদ) শাহ (মহান ৰজা) ৰ উপাধি দিছিল। কিন্তু এই শাহ মিৰ বংশৰ ৰাজত্বৰ অন্ত পৰে তেতিয়া যেতিয়া ১৮৮৬ ত মোগলে কাশ্মীৰ দখল কৰে। ইয়াৰ পিচতে ১৯৫১ ত আফগানী সকলে কাশ্মীৰত দুৰ্ৰানী বংশৰ স্থাপনা কৰে। তাৰে এজন শক্তিশালী ৰজা আছিল আহমেদ শাহ দুৰ্ৰানী। কিন্তু কাশ্মীৰত আকৌ সূৰ্য্য উদয় হয় তেতিয়া যেতিয়া বীৰ ৰজা ৰণজিৎ সিংৰ নেতৃত্বত শিখ সকলে ১৮১৯ ত আফগানক হৰুৱাই। কিন্তু ইয়াৰ কিছু বছৰৰ পিচতে ৰণজিৎ সিংৰ মৃত্যু হয়। ইয়াৰ সুবিধা লয় বৃটিছ সকলে। কাৰণ ৰণজিৎ সিংৰ লগত যুঁজিবপৰা ক্ষমতা বিট্ৰিছৰ নাছিল। ৰণজিৎ সিংৰ মৃত্যুৰ পিচত ৰজা হয় দিলিপ সিং। বৃটিছ সকলে ৰণজিৎ সিংৰ অধীনত থকা কাশ্মীৰৰ দোগ্ৰা বংশক নিজৰ ফলীয়া কৰি যুদ্ধৰ ঘোষণা কৰিলে আৰু ফলত Anglo-Shikh যুদ্ধ আৰম্ভ হয়। বিট্ৰিছৰ চতুৰালীৰ ফলত যুদ্ধত দিলিপ সিং পৰাস্ত হয়আৰু ১৮৪৬ ত দোগ্ৰা বংশয়ে ৭৫ লাখ টকা বিট্ৰিছক দি  সম্পূৰ্ণ কাশ্মীৰত ৰাজত্ব আৰম্ভ কৰে। অৰ্থাৎ কাশ্মীৰক দোগ্ৰা ৰাজবংশয়ে ব্ৰিটিছৰপৰা ক্ৰয় কৰি লয়। গতিকে কাশ্মীৰত কেৱল দোগ্ৰা ৰাজবংশৰে অধিকাৰ আছিল তেতিয়ালৈকে যেতিয়ালৈকে দোগ্ৰা ৰাজবংশৰ ৰজায়ে কাশ্মীৰক কাৰো হাতত তুলি নিদিয়ে।

১৯৪৭ ৰ কাশ্মীৰ



১৫ আগষ্ট ১৯৪৭ নানা সুখ দুখৰ মাজত ভাৰত স্বাধীন হল । তাৰে মাজতে জীন্নায়ে আত্ম সন্তুষ্টিৰ বাবে ভাৰতত সাম্প্ৰদায়িকতাৰ যুদ্ধ আৰম্ভ কৰিলে। কাৰণ জীন্নাক লাগে মুছলিম দেশ পাকিস্তান। যি পাকিস্তানত ৰজা অশোকৰ সাম্ৰাজ্য আছিল ৰজা বিক্ৰমাদিত্যৰ সাম্ৰাজ্য আছিল। আছিল মহাভাৰতৰ সম্পৰ্ক। যত হিন্দু সভ্যতাৰ অংশ মোহেনজ্যদাৰো সভ্যতা আছিল। যত নানাধৰণৰ মঠ মন্দিৰ আছিল আছিল তাকশ্যিলা বিশ্ববিদ্যালয়। সেই সমস্ত ভাৰতৰ ইতিহাসৰ ওপৰত নিজৰ স্বাৰ্থপৰতাৰ কলা ছায়া ৰাখি পাকিস্তান কৰিব বিচাৰিছিল। ইয়াত জীন্নাক সহায় কৰিলে নিজৰ সভ্যতাক উচ্চ বুলি কৈ ভাৰতক পিচপৰা সভ্যতা বুলি ভ্ৰমণ জীবন নিৰ্বাহ কৰা বিট্ৰিছ সকলে।

জীন্নায়ে  মুছলিম লীগৰ জৰিয়তে ১৯৪৭ চন অহা লৈকে এক সাম্প্ৰদায়িক যুদ্ধৰ সৃষ্টি কৰিলে। ইফালে দ্বিতীয় মহাযুদ্ধৰ পিছত ব্ৰিটেইনত House Of Commons ৰ নিৰ্বাচন হয় আৰু Labour Party জয়যুক্ত হৈ প্ৰধানমন্ত্ৰী হয় ক্লেমেন্ট এট্টলি। আৰু তেখেতে ফেব্ৰুৱাৰী ১৯৪৬ ত ঘোষণা কৰে যে, 

ক)  ৩ জুন ১৯৪৭ ৰ ভিতৰত ভাৰতে নিজস্ব চৰকাৰ গঠন কৰক। আৰু 
খ) অন্তিম হস্তান্তৰৰ তাৰিখ নিৰ্ণয় হোৱাৰ পিছত ৰিয়াছত সমূহৰ ভৱিষ্যৎ নিৰ্ণয় হব।

লুইচ মাউন্টবেটনক এই উদ্দেশ্যে ভাৰতত ভাইচৰয় হিচাপে পঠোৱা হয়। কিন্তু এট্টলিৰ ঘোষণাত ভাৰতক দুভাগ কৰাৰ  কোনো কথাৰ উল্লেখ নাই। পিচত ১৮ মাৰ্চ ১৯৪৭ ত এট্টলিয়ে এখন চিঠি লিখি মাউন্টবেটনক কিছুমান ক্ষমতা দিয়ে।

ইয়াৰ মাজতে ১৯৪৬ ত সমগ্ৰ ভাৰতত অস্থায়ী নিৰ্বাচন হয় যত কংগ্ৰেছে ৯২৩ খন আৰু মুছলীম লাগে ৪২৫ খন আসন লাভ কৰে। চৰকাৰ হয় কংগ্ৰেছৰ। প্ৰধানমন্ত্ৰী হয় জৱাহৰলাল নেহৰু আৰু গৃহ মন্ত্ৰী হয় সৰদাৰ বল্লভ ভাই পাতেল। মুছলিম লীগ পৰাস্ত হোৱাৰ পিচতে আৰম্ভ হয় সাম্প্ৰদায়িক যুদ্ধ। ৰাঙলী হৈ পৰে তেতিয়াৰ সমগ্ৰ ভাৰত ভূমি।  ভাৰতত হোৱা বৃহৎ সাম্প্ৰদায়িকতাৰ সুবিধা লৈ মাউন্টবেটনে ভাৰতক দুটা ভাগত বিভক্ত কৰি দিয়ে আৰু ৰিয়াচতৰ ৰজা সকলোৰ ওচৰত তিনিটা বিকল্প ৰাখিলে যে হয় ভাৰতত অন্তৰ্ভুক্ত হওক নহয় পাকিস্তানত যাওক নহয়তুবা স্বাধীন থাকক। ভাৰতত তেতিয়া প্ৰায় ৫৭০ খনতকৈও বেচি ৰিয়াচত আছিল। আৰু ৰিয়াচত সমুহ ভাৰতত অন্তৰ্ভুক্ত কৰাৰ দায়িত্ব দিছিল সাৰদাৰজীক। কাৰণ গান্ধীজীৰ বিশ্বাস আছিল যে কেৱল তেখেতে এই ৰাজ্যসমূহ ভাৰতত অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু চাৰদাৰজীৰ প্ৰচেষ্টাৰ কাৰণেহে ৫৬৫ খন ৰিয়াচত ভাৰতত অন্তৰ্ভুক্ত হৈছিল। কিন্তু জম্মু কাশ্মীৰ ৰাজ্যৰ দায়িত্ব এটা সময়ত কাশ্মীৰত বসবাস কৰা কাশ্মীৰী পণ্ডিতৰ বংশধৰ, নেহৰুজীয়ে ৰাখিছিল পিচত যেতিয়া পৰিস্থিতি বেয়া হব ধৰিলে তেতিয়া সাৰদাৰজীয়ে আহিব লগা হল।

মহাৰাজ হৰি সিংয়ে বিচাৰিছিল স্বাধীন থাকি কাশ্মীৰক চুইটযালেন্দৰ (Switzerland) নিচিনা দেশ বনাবলৈ। সেয়েহে পাকিস্তানত আহিবলৈ কোৱাত ৰজা হৰি সিংএ পাকিস্তানত নগৈ Standstill Agreement চহী কৰিলে। ৰজায়ে ভাৰতৰ লগতো Standstill Agreement চহী কৰিব বিচাৰিছিল কিন্তু পাতেলজীয়ে তেতিয়া মানা কৰি দিলে। ১৯৪৭ ৰ জুনৰ তৃতীয় সপ্তাহত মাউন্টবেটনে কাশ্মীৰত গৈ ৪ দিন থাকি ৰজাক বুজাবলৈ চেষ্টা কৰিলে যে এখন দেশৰ বাবে লাগতীয়াল বস্তু সমুহ কাশ্মীৰৰ নাই লগতে ভৌগোলিক ভাবে কাশ্মীৰ যি ঠাইত আছে সেইটো কাশ্মীৰৰ বাবে ক্ষতিকাৰক হব। গতিকে স্বতন্ত্ৰ নাথাকি ভাৰত বা পাকিস্তানত গুছি যাওঁক। কিন্তু ৰজা হৰি সিংএ নামানিলে। তেতিয়া গান্ধীজীয়েও তেখেতক বুজাবলৈ গৈছিল লগতে বুজাবলৈ গৈছিল সাৰদাৰ বল্লভ ভাই পাতেল আৰু  জৱাহৰলাল নেহৰু। কিন্তু বিশেষ একো লাভ হোৱা নাছিলতেতিয়া ১৮ অক্টোবৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সাৰসংঘচালক মাধব সদাশিৱ ৰাও গোৱালকৰে (গুৰুজী) ৰজাক বুজাবলৈ কাশ্মীৰত গৈছিল। গুৰুজীৰ কথাত নিশ্চয় ৰজা সন্তুষ্ট হৈছিল যাৰ অনুমান পাই পাকিস্তানে কাশ্মীৰক হাতৰপৰা যোৱাৰ ভয়ত 20 অক্টোবৰ ১৯৪৭ ত প্ৰায় ২০০ ট্ৰাক ভৰ্তি কৰি কাৰ্লানী পাচথুন জনজাতি সন্ত্ৰাসবাদী সকলোক কাশ্মীৰত পঠাই দিয়ে।  তাৰ পিছতে কাশ্মীৰত বৰ্বৰ্তা আৰম্ভ হয়। পাছথুন সকলে নৃশংসতাৰ সকলো সীমা চেৰাই গৈছিল। যি ধৰ্মৰ আধাৰত জীন্নায়ে পাকিস্তান বিচাৰিছিল সেই ধৰ্মৰ মানুহ তিৰোতাকো হত্যা কৰিলে লগতে নান ধৰণৰ অত্যাচাৰ চলালেৰজাৰ সৈন্যয়ে সিহঁতৰ লগত যুঁজিবলৈ অসমৰ্থ হৈ যায় আনকি ৰজাৰ এটা অংশও সিহতৰ লগত মিলি যায়। ৰজা হৰি সিং সম্পূৰ্ণৰুপে অকলশৰীয়া হৈ পৰিছিল। যেতিয়া পাচথুন সকল শ্ৰীনগৰ পাই তেতিয়া ৰজায়ে ২৪ অক্টোবৰত ভাৰতৰপৰা সহায় বিচাৰিলে  পাতেলজীয়ে ৰজাক Instrument Of Accession ত চহী কৰি ভাৰতৰ অংগ হবলৈ কলে। যিহেতু পাকিস্তানে পাচথুন সন্ত্ৰাসবাদীৰ জৰিয়তে কাশ্মীৰত আক্ৰমণ কৰিছে গতিকে Standstill Agreement ৰ সহায়ত ৰজায়ে কোনো অসুবিধা নোহোৱাকৈ ভাৰতৰ অংগ হব পাৰে। লগতে দোগ্ৰা ৰাজবংশয়ে ৭৫ লাখ টকা দি সম্পূৰ্ণ কাশ্মীৰ ব্ৰিটিছৰপৰা কিনি লৈছিল গতিকে কাশ্মীৰত কেৱল দোগ্ৰা ৰজাৰহে অধিকাৰ আছিল। সেয়েহে হৰি সিংয়ে সেই অধিকাৰৰ আধাৰত কাশ্মীৰক ভাৰতৰ অংগ কৰিবলৈ মান্তি হয় আৰু ২৬ অক্টোবৰত ভি কে মেননে Instrument Of Accession লৈ কাশ্মীৰত আহে। ৰজায়ে চহী কৰে। আৰু তেতিয়াই সমগ্ৰ কাশ্মীৰ লিখিতভাৱে ভাৰতৰ অংগ হৈ পৰে। ৰজায়ে মাউন্টবেটনলৈ এখন চিঠিও লিখে যে  তৎকালীন ভাবে কাশ্মীৰত অন্তৰিম চৰকাৰ গঠন কৰিব লাগে যত শাসন ব্যৱস্থা থাকিব শেখ আব্দুলাৰ তাত আৰু তেখেতৰ লগত থাকিব ৰজাৰ প্ৰধানমন্ত্ৰী মেহৰ চন্দ্ৰ মহাজন। 

শেখ আব্দুলা যি শেখ আব্দুলায়ে শিক্ষা শেষ কৰি ৰজা হৰি সিংৰ প্ৰশাসনত নিযুক্ত হব বিচাৰিছিল কিন্তু নিযুক্তি নাপালে। যি শেখ আব্দুলায়ে ১৯৩২ চনত Jammu & Kashmir Muslim Conference যাক ১৯৩৯ চনত Jammu & Kashmir National Conference (JKNC) নাম দি ৰজাৰ বিৰুদ্ধে মাত মাতি আহিছিল। সেই কাশ্মীৰী ৰাইজৰ নেতৃত্ব কৰা শেখ আব্দুলাক ৰজাই শাসনৰ ক্ষমতা দিব বিচাৰিছিল। ইয়াৰ এটা কাৰণ এইটোও হব পাৰে যে আব্দুলায়ে মুছলমান সকলোৰ নেতৃত্ব কৰিছিল আৰু তেখেতে কাশ্মীৰক ভাৰতত অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল সেয়েহে সাম্প্ৰদায়িকতা বৃদ্ধিৰ আশংকা নাছিল। সি যিকি নহওক ৰজাৰ চহী হলমুছলিম আলিগড় বিশ্ববিদ্যালয়ৰ সংস্হাপক চেইদ আম্হাদ খানৰ দ্বিৰাষ্টীয় সিদ্ধান্ত (Two Nation Theory) ক কাৰ্যকাৰি ৰুপ দিবলৈ দিনে ৰাতিয়ে চেষ্টা কৰা মহম্মদ ইকবাল আৰু তেখেতৰ লগৰ মহম্মদ জীন্নাৰ Two Nation Theory পালন হল। কাশ্মীৰী ৰাইজৰ নায়ক শেখ আব্দুলা ভাৰতৰ পক্ষত। সকলো চৰ্ত পালন হৈছে। এতিয়া কেৱল বেদখলকাৰী সকলোক সিহঁতৰ আচল ঠাইত পঠাবলৈ বাকী আছিল। সেই উদেশ্যে ২৭ অক্টোবৰত ভাৰতীয় সৈন্য ৰাওনা হয়। সাধাৰণ ৰাইজৰ ওপৰত অত্যাচাৰ কৰি বীৰত্ব প্ৰকাশ কৰা সন্ত্ৰাসবাদী সকলে ভাৰতীয় সৈন্যক দেখি এন্দুৰৰ নিচিনা পলায়ন কৰিব ধৰিলে। ভাৰতীয় সৈন্যয়ে কাশ্মীৰৰপৰা লেতেৰা অৱৰ্জনা সমুহ চাফা কৰি গৈ থাকিল। পাকিস্তানে কাশ্মীৰ হাতৰপৰা যোৱা দেখি গিলগিতত ৰজা হৰি সিংৰ প্ৰতিনিধি ৰাজ্যপালক বন্দী কৰিলে আৰু পাকিস্তানৰ পতকা উত্তোলন কৰিলে। লগতে অস্থায়ী চৰকাৰো গঠন কৰিলে। যিদৰে ডুবিবলৈ লোৱা মানুহ এজনে কাঠৰ টুকুৰা এটা দেখি তাক ধৰি বাচিব পাৰিব বুলি ভাবে ঠিক সেইদৰে পাকিস্তানে এই চৰকাৰ গঠন কৰি কাশ্মীৰ দখল কৰিব পাৰিম বুলি ভাবিছিল। কিন্তু ভাৰতীয় সৈন্যয়ে লাহে লাহে আগবাঢ়ি গৈ আছিল। বৰ্তমানৰ পাক অধিকৃত কাশ্মীৰ পোৱাৰ সময়তে সমস্যা সৃষ্টি কৰিলে মাউন্টবেটনে। মাউন্টবেটনে নেহৰুজীক কাশ্মীৰ সমস্যাটো ৰাষ্ট্ৰীয় সংঘলৈ নিব কলে। প্ৰথম অৱস্থাত নেহৰুজী মান্তি হোৱা নাছিল। সাৰদাৰজীয়েও ইয়াৰ ঘোৰ বিৰোধিতা কৰিছিল আৰু কৈছিল ভাৰতীয় সৈন্যয়ে কাশ্মীৰৰপৰা সন্ত্ৰাসবাদী সমুহ শেষ কৰি গৈ আছে আৰু সমগ্ৰ কাশ্মীৰ পৰা পাকিস্তানী সৈন্যয়ে পলায়ন কৰিবলৈ বাধ্য হৈছে। এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় সংঘত যোৱাৰ কোনো প্ৰয়োজনীয়তা নাই। কিন্তু নেহৰুজীয়ে অবশেষত মাউন্টবেটনৰ কথাত আমেৰিকাত গল আৰু নিজৰ জীৱৰ ডাঙৰ ভুল এটা কৰি পেলালে যিতু তেখেতে তাত গৈ অনুভৱ কৰিছিল। 

সেই সময়ত ৰাষ্ট্ৰীয় সংঘৰ ওপৰত  আমেৰিকা আৰু ব্ৰিটেইনৰ অধিপত্য আছিল। আমেৰিকা আৰু ব্ৰিটেইনে এনে এখন ঠাই বিচাৰিছিল যাৰ জৰিয়তে সিহতে নিজৰ ক্ষমতা বঢ়াব পাৰে। সেয়েহে কাশ্মীৰ সিহঁতৰ কাৰণে বহু প্ৰয়োজনীয় হৈ পৰে। কাৰণ জানিবলৈ আমি কাশ্মীৰক ভৌগোলিক ভাবে চাব লাগিব। যদি কাশ্মীৰ ৰাষ্ট্ৰীয় সংঘৰ  হাতত যায় তেতিয়া ৰাষ্ট্ৰীয় সংঘৰ নামত আমেৰিকা আৰু ব্ৰিটেইনে তিনিখন বৃহত্তৰ আৰু শক্তিশালী দেশৰ ওপৰত দৃষ্টি ৰাখিব পাৰিব। প্ৰথম তেতিয়াৰ USSR (১৯৯১ চনত ১৫ খন দেশত বিভক্ত হয় । তাৰে এখন দেশ আমেৰিকাৰ শত্ৰু ৰাছিয়া।) দ্বিতীয় চীন আৰু তৃতীয়তে ভাৰত। এই হিচাপে  কাশ্মীৰ আমেৰিকা আৰু ব্ৰিটেইনৰ কাৰণে প্ৰয়োজনীয় হৈ পৰে। নেহৰুজী ৰাষ্ট্ৰীয় সংঘত যোৱাৰ পিছত ৰাষ্ট্ৰীয় সংঘয়ে Resolution ৪৭ ত ৩ টা Consequential (অৰ্থাৎ প্ৰথমটো সম্পূৰ্ণ হলেহে দ্বিতীয়টো হব) দিয়ে, 

ক)  পাকিস্তানে  নিজৰ সম্পূৰ্ণ সৈন্য কাশ্মীৰৰ পৰা গুচাব লাগিব ।
খ) ইয়াৰ পিচত ভাৰতেও লাগতিয়াল আৰ্মী ৰাখি বাকীবোৰ গুচাব লাগিব ।
গ) আৰু শেষত ভোটৰ জৰিয়তে জনসাধাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব । 

তাৰ পিচত ১ জানুৱাৰীত ১৯৪৮ ত Cease Fire ঘোষণা কৰা হয় আৰু সমাধান হবলৈ গৈ থকা কাশ্মীৰৰ এটা অংশ পাকিস্তানৰ দখলত থাকি যায়। পাকিস্তানে কাঠৰ টুকুৰাটো ধৰিয়ে বাচি থাকে কাৰণ টুকুৰাটো ধৰা ৰাখিছিল মাউন্টবেটনৰ লগতে আমেৰিকায়ে। এটা নিৰ্দিষ্ট সময়লৈকে।

অনুচ্ছেদ ৩৭০ ৰ খেল আৰু বিৰোধীতা


কাশ্মীৰৰ এটা অংশ যোৱাৰ পিচতে জম্মু কাশ্মীৰৰ ওপৰত যে নিজৰে কাৰোবাৰ দৃষ্টি আছিল সেই বিষয় কোনেও ভবা নাছিল।  এই সময়চোৱাত ভাৰতৰ সংবিধান সভা আৰু খচৰা কমিটিৰ কাম চলি থাকে। যিহেতু Instrument Of Accession ৰ জৰিয়তে জম্মু কাশ্মীৰ লিখিতভাৱে ভাৰতৰ অভিন্ন অংগ হৈ পৰিছিল সেয়েহে শেখ আব্দুলায়ে অনুচ্ছেদ ৩৭০ ৰ দাবি কৰিছিল। কাৰণ তেখেতৰ মতে অনুচ্ছেদ ৩৭০ ৰূপায়ন কৰিলেহে কাশ্মীৰৰ জনসাধাৰণে ভাৰতক নিজৰ দেশ হিচাপে গণ্য কৰিব। শেখ আব্দুলাৰ কথা ৰাখিবলৈ নেহৰুজীয়ে আম্বেদকাৰজীক খচৰা প্ৰস্তুত কৰিব কলে কিন্তু তেখেতে একেষাৰে নাকচ কৰিলে । আৰু শেখ আব্দুলালৈ চিঠি লিখি কলে, "আপোনী বিচাৰিছে যে ভাৰতে আপোনাৰ সীমাৰ ৰক্ষা কৰক, আপোনালোকৰ কাৰণে ৰাস্তাৰ নিৰ্মাণ কৰক, আপোনাক খাদ্য, চাউল পঠাওক তেনেহলে জম্মু কাশ্মীৰকো সেইটোৱে মৰ্য্যদা দিব লাগে যিটো ভাৰতৰ অন্য ৰাজ্য সমুহক দিয়া হৈছে। কিন্তু ইয়াৰ বিপৰীতে আপোনী বিচাৰিছে যে ভাৰত চৰকাৰৰ আপোনাৰ ৰাজ্যত সীমিত অধিকাৰ থাকক আৰু ভাৰতীয় নাগৰিকৰ তাত কোনো অধিকাৰে নাথাকক । এনেকোৱা কৰাটো ভাৰতৰ লগত বিশ্বাসঘাতকতা হব আৰু কানুন মন্ত্ৰী হিচাপে মই এনেকোৱা নকৰোঁ" আম্বেদকাৰজীৰ অস্বীকাৰ আৰু বুজনি দিয়াৰ পিছতো শেখ আব্দুলায়ে ৩৭০ এৰি নিদিলে কাৰণ তেওঁ তেতিয়াৰ পৰিস্থিতি বুজি পাইছিল। জানিছিল যে বাজী এতিয়া হৰি সিংৰ তাত নাই তেখেতৰ তাতহে আছে। কাৰণ তেখেতক ১৯৪৭ ত আপতকালীন প্ৰশাসনৰ মুৰব্বী লগতে ৫ মাৰ্চ ১৯৪৮ ত জম্মু কাশ্মীৰৰ প্ৰধানমন্ত্ৰী নিযুক্ত কৰা হয়। কাশ্মীৰী ৰাইজৰ হৈ মাত মাতি সিহঁতৰ মাজত নায়কহৈ ওলাই অহা শেখ আব্দুলায়ে নেহৰুজীক ৩৭০ ৰ কাৰণে জোৰ দিলে  আৰু নেহৰুজীয়েও তেখেতক সন্তুষ্ট কৰিবলৈ গোপালস্বামী আয়েংগাৰৰ ওচৰত যাবলৈ কলে আৰু পিচত আয়েংগাৰজীয়ে ধাৰা ২২ ৰ অধীনত অনুচ্ছেদ ৩৭০ ৰূপায়ন কৰিলেযেতিয়া সৰদাৰ যিয়ে কথাটো গম পালে তেতিয়া তেখেতে ইয়াৰ ঘোৰ বিৰোধিতা কৰিছিল। কেৱল তেখেতে নহয় সংবিধান সভাৰ সকলোৱে ইয়াৰ বিৰোধিতা কৰিছিল। আৰু এই কথাটো প্ৰমাণ কৰে তেতিয়া যেতিয়া আয়েংগাৰজীয়ে সংবিধান সভাত প্ৰস্তাৱটো ৰাখে আৰু বাকীবোৰ সদস্যয়ে সেইখন ফালি পেলাই দিয়েসেই সময়ত নেহৰুজী আমেৰিকাত গৈছিল জম্মু কাশ্মীৰৰ সমস্যাৰ বিষয়ে ৰাষ্ট্ৰীয় সংঘত আলোচনা কৰিবলৈ। শেখ আব্দুলাৰ কাৰণে এতিয়া অনুচ্ছেদ ৩৭০ প্ৰণয়ন কৰাটো কঠিন হৈ পৰিছিল। কিন্তু আব্দুলা আৰু আয়েংগাৰজীয়ে জানিছিল যে এই আইন সংবিধান সভাত ৰাখি প্ৰণয়ন কৰাৰ ক্ষমতা কেৱল পাতেলজীৰ আছিল। সেয়েহে আয়েংগাৰজীয়ে পাতেলজীক বুজাবলৈ চেষ্টা কৰিলে। প্ৰথম অৱস্থাত পাতেলজী কোনো পধ্যেই মানিবলৈ মান্তি নাছিল কিন্তু যেতিয়া ইয়াত নেহৰুজীৰ ইচ্চা আৰু লগতে পিছলৈ জম্মু কাশ্মীৰৰ ৰাইজে বিদ্ৰোহ ঘোষণা কৰিলে সমস্যা বাঢ়িব পাৰে বুলি কলে তেতিয়া পাতেলজী চিন্তিত হৈ পৰিল কাৰণ সেই সময়লৈকে ভাৰতৰ ওপৰত বিট্ৰিছৰ ক্ষমতা আছিল। আৰু প্ৰায় ৮০ শতাংশ মুছলিম বসতি কাশ্মীৰত সাম্প্ৰদায়িকতা বৃদ্ধিৰ আশংকা আছিল। কাৰণ কাশ্মীৰৰ মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ তুলনাত কাশ্মীৰী পণ্ডিত সকল বহুত বেচি সমৃদ্ধিশালী আছিল যিতু কথা তাত বসবাস কৰা সংখ্যাগৰিষ্ঠ সকলে পচন্দ কৰা নাছিল। ফলত  আগতেও ৰজা হৰি সিংৰ শাসন কালত বহুতো বিৰোধ প্ৰদৰ্শন হৈছে যাক নেতৃত্ব দিছিল JKNC শেখ আব্দুলাই। সেয়েহে অনিচ্ছা সত্যেও পাতেলজীয়ে অনুচ্ছেদ ৩৭০ সংবিধান সভাত গৃহিত কৰিলে কিন্তু অস্থায়ী ৰুপত। ইয়াৰ পিছতে ভাৰতৰ আৰু জম্মু কাশ্মীৰৰ মাজত এখন দুৱাৰৰ নিৰ্মাণ হল যাৰ চাবি আছিল জম্মু কাশ্মীৰ চৰকাৰৰ হাতত ।
 এই ৩৭০ য়ে প্ৰদান কৰা কিছুমান বিশেষ বিন্দু হল 

) জম্মু কাশ্মীৰক এক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা
২) জম্মু কাশ্মীৰত নিজস্ব সংবিধান প্ৰদান কৰা
৩) জম্মু কাশ্মীৰক এখন স্বায়িত শাসিতৰ ক্ষমতা প্ৰদান কৰা
৪) কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা নিৰ্দিষ্ট পৰিমাণত সীমিত থাকিব কেন্দ্ৰীয় চৰকাৰে কেৱল ৰক্ষা, বিদেশী কাৰ্য্য আৰু যোগাযোগৰ ক্ষেত্ৰতহে হস্তক্ষেপ কৰিব পাৰিব বাকীবোৰ ক্ষেত্ৰত কাশ্মীৰ বিধানসভাৰ অনুমতিৰ প্ৰয়োজন লাগিব ।
৫) কেন্দ্ৰীয় চৰকাৰে তাত ৩৫৬ প্ৰৱৰ্তন কৰিব নোৱাৰে অৰ্থাৎ জৰুৰী অৱস্থা ঘোষণা কৰিব নোৱাৰে এই কাৰণে ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ সংবিধান সভা বৰ্খাস্ত কৰিব নোৱাৰে এই অধিকাৰ কেৱল চাদাৰ--ৰিয়াচতৰ অৰ্থাৎ ৰাজ্যপালৰহে থাকিব পিচলৈ ৰাজ্যপাল শাসনৰ মাহ পিচত ৰাষ্ট্ৰপতি শাসনৰ ব্যৱস্থা কৰে  
৪) ১৯৭৬ চনৰ Urban Land Ceiling Act তাত প্ৰৱৰ্তিত নহয়
৫) ভাৰতৰ অন্য ৰাজ্যৰ ব্যক্তিয়ে তাত কোনো ধৰণৰ মাটি কিনিব নোৱাৰ। {ফলত তাত কোনো ব্যৱসায় প্ৰতিস্থানে কোনো উদ্যোগ স্থাপন কৰিব নিবিচাৰে উদ্যোগ স্থাপন নোহোৱাৰ ফলত তাত নিবনুৱা সমস্যায়ে দেখা দিয়ে কাৰণ ৰাজ্যিক চৰকাৰেটো সকলোকে চৰকাৰী চাকৰি দিব নোৱাৰে অৱশ্যে উদ্যোগ স্থাপন নোহোৱাৰ ফলত তাত পুজীকৰণৰ (Capitalization) বেয়া প্ৰভাৱ নপৰে
৬) কেন্দ্ৰীয় চৰকাৰে তাত অনুচ্ছেদ ৩৬০ লগাব নোৱাৰিব ৩৬০ বিত্তীয় আপাতকালৰ কথা কোৱা আছে
৭) জম্মু কাশ্মীৰৰ নিজস্ব পতকা থাকিব
৮) উচ্চতম ন্যায়ালয়ৰ কোনো ৰায়দান জম্মু কাশ্মীৰত বলবৎ নহয়
৯) কাশ্মীৰী মহিলায়ে যদি কাশ্মীৰৰ সলনি বেলেগ ৰাজ্যত বিয়া কৰাই তেনেহলে সিহঁতৰ কাশ্মীৰৰ নাগৰিকত্বৰ লগতে সকলো অধিকাৰ নোহোৱা হব কিন্তু যদি পাকিস্তানত বিয়া কৰে তেনেহলে কোনো অধিকাৰে লুপ্ত নহয়। এইখিনিতে কৈ থোৱা ভাল হব যে ২০০২ চনত কাশ্মীৰৰ উচ্চ ন্যায়ালয়ৰ এটা ৰায়দানত কোৱা হৈছে যে কাশ্মীৰী মহিলাই আন ৰাজ্যত বিয়া হলে তেখেতৰ অধিকাৰ লুপ্ত নহয় কিন্তু তেখেতৰ সন্তানে কাশ্মীৰত কোনো অধিকাৰ নাপায়

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভূমিকা......


Continue.... Part 2