Ads are here which will you like

জিন্টু মদাহী (ভাগ ১)

জিন্টু মদাহী
জিন্টু মদাহী    



মোৰ মন ব্ৰহ্মাণ্ডৰ এটা তৰাৰ ওপৰত সদায় মোৰ দৃষ্টি যায়। মই অনুভৱ কৰো যেন সি কিবা কবলৈ বিচাৰি আছে। মই তাৰ কথা শুনিবলৈ চেষ্টা কৰো। বুজিবলৈ চেষ্টা কৰো। যিখিনি শুনো আৰু বুজো সেইখিনি মই লিখিবলৈ প্ৰয়ত্ন কৰো। সেই তৰাটোৰ নাম জিন্টু। মানুহে তাক জিন্টু মদাহী বুলি মাতে। এতিয়া মানুহে মৰমতে মাতে নে কি ভাবি মাতে সেইটো আপোনি নিজে সিদ্ধান্ত কৰক। মই আজি কেৱল আপোনাৰ দৃষ্টিৰ সম্মুখত তাৰ কাহানিৰ এটা অংশ লিখিবলৈ গৈ আছো।

    হাতত মদৰ বটললৈ সাপৰ নিচিনা খুজ কৰা মানুহ আমি প্ৰায় দেখি থাকো। কিছুমান ইয়াতকৈও উন্নতমানৰ থাকে। যিয়ে দুখোজ আগত গৈ তিনিখোজ পিচত যায়। সকলোৰে নিজৰ নিজৰ প্ৰতিভা থাকে। যিটো কেৱল মদৰ নিচাহ মুৰত লগাৰ পিছতহে উলাই। ঠিক তেনেকোৱা এজন প্ৰতিভাবান ব্যক্তি হয় জিন্টু মদাহী। ৰঙা পানী নাইবা বগা পানী হলেও চলি যায় যেতিয়ালৈকে নপৰে তেতিয়ালৈকে তাৰ অদ্ভুত প্ৰতিভা সমুহ বাহিৰ নোলাই। তাৰ মতে ভগৱানে এই সংসাৰ খনত মানুহৰ দ্বাৰা যিমান বস্তুয়ে সৃষ্টি কৰিছে তাৰে ভিতৰত সকলোতকৈ পৱিত্ৰ বস্তুটো হৈছে মদ। কাৰণ মদেহে মানুহৰ প্ৰকৃত চৰিত্ৰ বাহিৰ কৰাত সহায় কৰে। মুখা পিন্ধা মানুহৰ নগ্ন চৰিত্ৰ বাহিৰ কৰে। এনেকোৱা বহুত কথায়ে সি কয়। কেৱল ওচৰত এজন মানুহ বহিলে হল। তাৰ পিছত ইচ্ৰ আৰু নাচায়ে নজনা কথাও তাৰ মুখৰপৰা উলাই আহে। এনেকোৱা প্ৰতিভাৱান ব্যক্তি হয় জিন্টু মদাহী।

    এদিন জিন্টু মদাহীক তেখেতৰ পত্নী ৰেখায়ে মালিক এজনৰ ওচৰত লৈ গল। অহ্ এটা কথা কব পাহৰি গৈছিলো। জিন্টু মদাহীয়ে মিস্ত্ৰিৰ কাম কৰে। এজন দক্ষ মিস্ত্ৰি হয় বা আছিল কলেও ভুল নহয়। যাহক তাত তাৰ সম্মুখত ৰাজমিস্ত্ৰিৰ কামৰ প্ৰস্তাৱ ৰাখিলে। কিন্তু দুটা চৰ্তত। প্ৰথমটো হৈছে সি ৰাতি মদ খাই যতে বাগুৰে বাগুৰক কিন্তু কামৰ সময়ত যাতে সি মদ খাই নাহে। এটা ভীষণ চৰ্ত। যিতু চৰ্ত এজন নিখুত মদাহীয়ে কেতিয়াও মানি নলয়। তাৰ মদাহী স্বাভীমানে কামটো স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিব কৈছিল। কিন্তু সি সাহস কৰিব নোৱাৰিলে। কাৰণ তাৰ পত্নী সেই সময়ত তাতে আছিল। যদি সি মান্তি নহয় তেনেহলে ঘৰত তাৰ ওপৰত বিভিন্ন ধৰণৰ পৰীক্ষণ চলিব। মাৰৰ পৰীক্ষণ। সেই ভয়তে বুকুত জলন্ত কয়লা ৰাখি সি “হব” বুলি কলে। কিন্তু দ্বিতীয় চৰ্তটো শুনাৰ পিছত তাৰ অলপৰ কাৰণে হাৰ্ট ফেল নহল। চৰ্তটো আছিল তাৰ হাজিৰাৰ টকাখিনি পত্নীয়ে পাব। তাৰ মনত বৃহত আলোড়ণ সৃষ্টি হল। জীৱন যেন ইয়াতে শেষ। পত্নীৰ হাতত টকা মানে তাৰ হাতত মদৰ ঠাইত গাখীৰৰ বটল। তাৰ মনটোৱে চিঞৰি উঠিল, “কৈ দে এইটো অসম্ভব কথা। এইটো হব নোৱাৰে। এই চৰ্ত মই মানিব নোৱাৰো। প্ৰয়োজন হলে মন্দিৰৰ বাহিৰত চকু টেৰা কৰি হাত বেকা কৰি কেকাই কেকাই ভীক্ষা খুজিম কিন্তু এই চৰ্ত মানি মই মোৰ মদাহী স্বাভীমানটোক আঘাত নকৰো।“ সি সাহস গুটাবলৈ আৰম্ভ কৰিলে। এইবাৰ সি পত্নীৰ প্ৰতি থকা ভয়কো নাৎচাৎ কৰিবলৈ সাজু হৈছিল। মনৰ ভিতৰত এক বৃহত আন্দোলনৰ সৃষ্টি হৈছিল। সংঘাত ঘটিছিল। সেই সংঘাতত সি জয় হবলৈ সক্ষম হল আৰু মূৰ তল কৰি চকুৰ মণি ওপৰত ৰাখি কৈ দিলে “ঠেংগাও নকৰো।” “কি?” বৰ্জপাততকৈও ভয়ংকৰ শব্দ ভীষণ ধুমুহাতকৈও তীব্ৰ বেগী শব্দ এটায়ে তাৰ কলীজা কপাই তুলিলে। পত্নীৰ কেৱল মাত্ৰ এটা শব্দয়ে তাৰ কলিজাখন চিন্ন ভীন্ন কৰি পেলালে। পত্নীয়ে আকৌ সুধিলে, “কি কলি?” এইবাৰ তাৰ মনটোৱে চিঞৰ উঠিল, “অন্যায় কৰা যিমান পাপ অন্যায় সহ্য কৰাও সিমানে ডাঙৰ পাপ।" সি কোনো পধ্যে নিজৰ কষ্টৰ টকা পত্নীৰ হাতত দিবলৈ সাজু নাছিল। সি অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ সিদ্ধান্ত কৰিলে। যিতু অন্যায় তাৰ ভালৰ কাৰণে কৰা হৈছিল। সি মূৰ তল কৰি চকুৰ মণি সোফালে কৰি, “মোৰ কষ্টৰ পইচা মোক লাগিব। তোক দিলে মই কাম নকৰো।” এক অদ্ভুত শান্তি পাইছিলে তাৰ মনটোয়ে। নিজকে বীৰ যেন অনুভৱ কৰিছিল। আজি যেন সি মহাভাৰত সলনি কৰি পেলালে। শকুনীয়ে কৰিব নোৱাৰা কাম আজি সি কৰি পেলালে। আজি যেন কৌৰৱৰ জয় হল। কিন্তু যেতিয়া তাৰ মুখত এক তীব্ৰবেগী ঘুচা পৰিল তেতিয়া সি বুজি পালে। মহাভাৰতৰ সিদ্ধান্ত সলনি কৰিবপৰা হলে আজি সংসাৰত ভাল মানুহ জীয়াই নাথাকিলেহেতেন। মহাভাৰতৰ সিদ্ধান্ত আছে কাৰণে ভাল মানুহৰ বিশ্বাস আছে যে এদিন ধৰ্মৰ জয় হব। অৰ্থাৎ সত্যৰ জয় হব। আৰু আজি তেখেতৰ পত্নীৰ জয় হব। কিন্তু জিন্টুও আজি হাৰ মানিবলৈ সাজু নাছিল কাৰণ কষ্টৰ টকাত তাৰ গেলাৰ ৫ টা বটল নাই নাই সি ৰাজমিস্ত্ৰীৰ কাম পাইছে। অৰ্থাৎ ৰঙা হাফ এটাৰ বটল লুকাই আছে। তাৰ জীৱন লুকাই আছে। সি মৰি যাব কিন্তু তাৰ কষ্টৰ পইচা পত্নীক লব নিদিয়ে। সি এইবাৰ পত্নীৰ ফালে চাই আকৌ চকু তলফালে কৰি কব ধৰিলে, “পইচা তই ৰাখিলে মই কি ৰাখিম। মোৰো খৰচ আছে।”"মাইৰে বিয়ানে বাপেৰেৰ বিয়া যে তই পইচা খৰচ কৰিবি।” পত্নীয়ে কব ধৰিলে, “এটা কাম আনি দিছো। যাতে অলপ পইচা আহক। সেই পইচা তোক মদদ শেষ কৰিব নিদিউ। তই কাম কৰিবি আৰু পইচাও নাপাও।” “মই ঠেংগাও নকৰো কাম।” জিন্টুয়ে ঘোৰ বিৰোধীতা কৰিলে। এনেতে কোনো সুবিধাকে হাতৰপৰা যাব নিদিয়া নেতা স্বৰুপ মালিকে মাত লগালে, “চা এখন তহতৰ ঘৰ নহয়। যে কাজিয়া কৰি ফুৰিবি। ৰেখা মই জানো তই জিন্টুৰ ভালৰ কাৰণে তাক টকা দিব বিচৰা নাই। কিন্তু জিন্টুক একেবাৰে টকা নিদিয়াটো ভুল হব। কষ্ট কৰা সত্তেও পইচা নিদিয়াটো পাপ। আৰু সেই পাপ মই কৰিব নোৱাৰো। মই তোক আধা পইচা দিম আৰু জিন্টু তোক আধা পইচা দিম। যদি মান্তি আছা কৰ নাইবা মোৰ তাত আৰু মানুহ আছে।” “ৰেখাক আধা পইচা দিব আৰু মোক আধাৰ আধা পইচা দি পিচত দিম বুলি কৈ খেদাই দিব। ৰাতি মই মদ খাই চব পাহৰি যাম। ইয়াকে কয় চতুৰালী।" জিন্টুয়ে ভাবিলে। ৰেখায়ে কথাটো ধৰিব নোৱাৰিলেও জিন্টুয়ে কিন্তু ধৰিব পাৰিছিল। কাৰণ সি আগতেও এইজন মানুহৰ তাত কাম কৰিছিল। এতিয়া যদি সি মান্তি নহয় তেনেহলে সি আধাৰ আধা পইচাও নাপাব। এই সংসাৰখনত সকলোৱে সকলোক লুটি খাই আছে। জিন্টুৰ মনত ভাব হল, “মানুহে এনেয়ে কেৱল নেতাসকলোক দোষ দিয়ে। সিহতে ভালদৰে চাৰিওফালে বস্তুবোৰ উপলব্ধি কৰি নাচাই। আমাৰ সমাজত নেতাৰ গুৰু সকল ঘুৰি আছে। সিহতে সুযোগ পোৱা নাই বুলিহে। নহলে দুইদিনতে অসম কাংগাল কৰি বিদেশৰ হাতত বেচি দিব। ইমান প্ৰতিভাবান আমাৰ এই সকল মানুহ।” জিন্টুয়ে এইবাৰ কোনো বিৰোধীতা নকৰিলে আৰু মালিকৰ আধাৰ আধা ভাঙি দিয়া চক্লেটো লবলৈ সাজু হল। আৰু অনিশ্চা সত্বেও ৰেখাও মান্তি হল। ৰেখায়ে ভাবিলে, “আধা হলেও কিছু টকাটো আহিব ঘৰখনলৈ।“ মালিকে বৰ আনন্দ মনেৰে কলে, “ভালে হল। ৰেখাও টকা পাবি আৰু জিন্টুৰো লাভ হল। হয়নে নহয়। এতিয়া জিন্টু কামটো কিন্তু তই হাজিৰাৰ পদ্ধতিৰে কৰিব লাগিব আৰু এসপ্তাহৰ ভিতৰতে শেষ কৰিব লাগিব। বুজিলি। এতিয়া তহত যা। যোৱা কালি তই এটা ভাল জুগালী লগত আনিবি দে। যা এতিয়া।“ “বৰ অদ্ভুত এই মানৱ জাতীটো।” জিন্টুয়ে ভাবিলে, “মালিকে ভাবি আছে তেখেতে বৰ ভাল কাম কৰিছে। কিন্তু তেখেতেও নাজানে যে তেখেতৰ বেয়া মনটোয়ে কাম কৰিবলৈ আৰম্ভ কৰি দিছে। প্ৰতিজন মানুহৰে দুটা মন থাকে এটা ভাল এটা বেয়া। দুয়োটায়ে দুয়োতাক দবাবলৈ চেষ্টা কৰে। যাৰ যিতু বেচি শক্তিশালী হব সি তেনেকুৱা কামে কৰিব। সেয়েহে মানুহৰ আচল চৰিত্ৰ মদৰ নিচাহতে ওলাই। এতিয়া মালিকৰ ভাল মনটোয়ে টকা ভাগ ভাগ কৰিছে কালি সন্ধিয়া মালিকৰ বেয়া মনটোয়ে মোৰ আধা টকা খাই দিব।“ এনেতে ৰেখাই মাত লগালে, “তেনেহলে মালিক আহিছো। কালি এখেতক মই ১০ মিনিট আগতে পঠাই দিম।” ৰেখাই মালিকক নমস্কাৰ দি জিন্টুৰ ফালে চোকা দৃষ্টি নিক্ষেপ কৰি কলে, “দেখিছো কিমান ভাল মালিক পাইছো। ইমান কাম কৰিলি কিন্তু তথাপিও মালিকৰ অলপো গুন আয়ত্ত কৰিব নোৱাৰিলি। কালি ১০ মিনিট আগতে আহি যাবি। এতিয়া বল।” জিন্টু আৰু ৰেখা যাবলৈ ওলাই। মালিকে মনতে ভাবিলে, “বেচেৰাৰ জীৱন মদতে শেষ হৈ গল।”

জিন্টুয়ে যোৱাৰ আগতে এবাৰ মালিকৰ পিনে ঘুৰি চাই। ঠিক সেই মূহূ্ৰ্ততে এক অদ্ভুত মিচিকিয়া হাহি মালিকৰ মুখখনত জিন্টুয়ে দেখিবলৈ পালে। জিন্টুৱে মালিকৰ এই হাহিটো ভালদৰে চিনি পাই। মন সংগ্ৰামত যেতিয়া ভাল আৰু বেয়াৰ মাজত যুদ্ধ হয় আৰু বেয়াৰ বিজয় হয় তেতিয়া মালিকে ঠিক এইদৰে মিচিকিয়া হাহি এটা মাৰে। চাগে মালিকৰ মনত মোৰ আধা টকা মৰাৰ খেলটো আৰম্ভ হৈ গৈছে।