Ads are here which will you like

বিস্ফোৰণ

বিস্ফোৰণ
বিস্ফোৰণ 


(এইটো কেৱল এটা কাল্পনিক কাহিনী। যিটো মোৰ মন সাগৰত ভাহি আহিছে।) 
(মানুহৰ চিঞৰ বাখৰ । এম্বুলেঞ্চৰ শব্দ ।)
মানুহ : পানী... পানী । মা, ভন্টি।
মহিলা : (কেকাই কেকাই মুখৰ মাজতে)  মা দেউতা ।
(সাধাৰণ ৰাজহুৱা পৰিৱেশ । দুৰভাষা যন্ত্ৰত।)
ভন্তি : আহোতে বজাৰৰপৰা সবজী অলপ লৈ আহিবি । ঘৰত একেবাৰে সবজী নাই ।  অলপ সোনকালে আহিবি ।  মাক Doctor ৰ তাত নিব লাগিব ।
অজিত : অহ্ মাই কি এতিয়ালৈকে গাটো ভাল পোৱা নাই নেকি? মই ওলাই আহোতে মাক Doctor ক দেখুৱাব বিচাৰিছিলো । মাইহে মানা কৰিলে । মিচাতে পইচা খৰচ হব বুলি ভয় কৰে ।
ভন্তি : সকলো ক্ষেত্ৰতে পইচাৰ কথা চিন্তা কৰিলে নহব নহয় । নিজৰ স্বাস্থ্যৰ কথাওটো ভাবিব লাগিব ।
অজিত : মাকটো মই সেইটোৱে বুজাও ।
অজন্তা : (অলপ কঠোৰ ভাবে) অই অটো গণেশগুৰি যাবি নেকি?
অজিত : নাই নাজাও । (ভন্তীক) মাই কথাবোৰ বুজি নাপাই ।
অজন্তা : কিয়?
অজিত : কি কিয়? মোৰ মা হয় কথাবোৰ বুজি পাওক বা নাপাওক আপোনাৰ কি হল?
অজন্তা : মই সেইটো সুধা নাই । গণেশগুৰিত কিয় নাজায় সেইটো সুধিছো ।
অজিত : (ভন্টিক) ৰবিচোন পিচত কথা পাতি আছো । (দূৰভাষ যন্ত্ৰটো ৰাখে) মই গণেশগুৰিত নাজাও । মোৰ অটো মোৰ ইচ্চা ।
অজন্তা : সেইটো কি কথা । আপোনী যাব লাগিব ।
অজিত : নাজাও ।
অজন্তা : (বিনম্ৰ ভাৱে) দাদা অনুগ্ৰহ কৰিছো বলক না । মোৰ ইন্টাৰভিউ আছে । আজি গাড়ী মটৰ খুব কমকৈ চলি আছে যোৱা ২০ মিনিটৰপৰা এখনো বাচ অহা নাই । মোৰ গাটোও ভাল নহয় । মোৰ ইপিনে পলম হৈ আছে ।
অজিত : এতিয়াহে লাইনত আহিছে । ইয়াক কয় কথাৰ ধং । আমি অটো চালক হব পাৰো কিন্তু আমাৰো আত্মসন্মান আছে । বহক ।
(অটো চলিবলৈ আৰম্ভ হয়)
অজিত : আচ্ছা আপোনী কি ইন্টাৰভিউৰ কাৰণে গৈ আছে?
অজন্তা : সচিবালয়ৰ ।
অজিত : বাহ । মতামতি দচ গৈছে চাগে?
অজন্তা : কি? টকা দি চাকৰি কৰা ছোৱালী মই নহয় । নিজৰ দক্ষতাৰ বাবে চাকৰি পাইছো । কথা অলপ ভাবি চিন্তি কব । অটো চালক হলেও আপোনালোকৰ আত্মসন্মান আছে । যাতা কথা কৈ নিজৰ আত্মসন্মান হানি নকৰিব । (দূৰভাষ যন্ত্ৰ বাজে) অহ মা...
অজিত : (মুখৰ মাজতে) মোৰ কথা মোকে শুনাই ।
অজন্তা : (দুৰভাষা যন্ত্ৰত) পইচা দিয়া হৈ গৈছে । এতিয়া কেৱল । মা চিন্তা নকৰিবি । চাকৰিটো হোৱাৰ পিচত আমাৰ সকলো সমস্যাৰে সমাধান হব । তই এতিয়া কাকোৱে মোৰ চাকৰিৰ কথাটো কব নালাগে ।
মা : মামেৰে লগত কথা পাতোতে মুখৰপৰা ঘপ্পকে কথাটো ওলাই গল না । সি এতিয়া মিঠাই লৈ আহি আছে আৰ ।
অজন্তা : এই তইও যে  আৰ । এতিয়া গোতেই গাওখনে কথাটো গম পাব । হবদে ৰাখো এতিয়া । (দুৰভাষ যন্ত্ৰ ৰাখে । অটোৰ গতি বাঢ়ে) অহ মা মৰিলো । অই ইমান speed ত অটো চলাইছে যে । অলপ লাহে লাহে চলাওক ।
অজিত : আগৰ Singnal খালি আছে । এতিয়া পাৰ হব নোৱাৰিলে যামত ফাচি যাম ।
অজন্তা : যামত ফাচিলে ফাচিলো । আপোনী লাহে লাহে যাওক । এতিয়া মোৰ মৰিবলৈ ইচ্চা নাই ।
অজিত : নমৰে দিয়ক। মই থাকোতে আপোনাক মৰিবলৈ নিদিউ । চিন্তা নকৰিব ।  (দুৰভাষ যন্ত্ৰ বাজে) ভন্তি গাড়ী চলাই আছো । অলপ পিচত Phone কৰি আছো । অহ (দুৰভাষ যন্ত্ৰ ৰাখে)
অজন্তা : (মুখৰ মাজতে) লেবেল নাচা কিয়া অটো নহয় যেন BMW য়ে চলাই আছে ।
অজিত : কিবা কলে নেকি?
অজন্তা : নাই কোৱা ।
অজিত : জানে মইও এটা সময়ত চৰকাৰী চাকৰিৰ কাৰণে খুব মাথা মাৰিছিলোঁ । কিন্তু একো লাভ নহল । অৰ্থনীতিত MA কৰিছো ।  বেচি ভাগ Written Test  ত মই পাচতো হৈ যাও কিন্তু ফাচি যাও Table ৰ Test তহে । কিমান আৰু অপচেষ্টা কৰিম । এতিয়া আপোনাৰ নিচিনা সভাগ্যটো সকলোৰে নাথাকে । যে কেৱল নিজৰ দক্ষতাৰ বাবেহে চৰকাৰী চাকৰি পোৱা যাব । ভাল হল দিয়ক আজিৰ যুগত চৰকাৰী চাকৰি পোৱা মানে স্বৰ্গত ঘৰ পোৱা । এতিয়া আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱনটো আৰামত চলি যাব । পিচে আপোনাৰ ঘৰত কোন কোন আছে?
অজন্তা : হা.. অহ্ মা আৰু দেউতা ।
অজিত : আপোনী অলপ চিন্তিত যেন লাগি আছে ।
অজন্তা :  নাই । গাটো অলপ দুৰ্বল দুৰ্বল লাগি আছে ।
অজিত : আপোনাৰ সচাকৈ গাটো ভাল নহয় নেকি?
অজন্তা : তে, মই মিচা কোৱা বুলি ভাবিছিলে নেকি? আজি ইন্টাৰভিউৰ দিনায়ে গাটো বেয়া হবলৈ পালে । (অটো ৰোৱাৰ শব্দ) কি হল ইয়াতে অটো ৰখালে যে । কত গৈ আছে আপোনী?
অজিত : আহি আছো ৰব ।
অজন্তা : ইপিনে মোৰ দেৰি হৈ আছে আৰু ই কতবা মৰিব গৈছে ।
(অজিত আহে)
অজিত : এইটো লওক নাৰিকল পানী । মই যি দেখিছো আপোনাৰ জলবিয়োজন হৈছে অৰ্থাৎ Dehydration হৈছে । সেয়েহে গাটো বেয়া লাগি আছে । নাৰিকল পানী খাওক গাটো সবল সবল যেন অনুভৱ হব । খাওক কি ভাবি আছে?
অজন্তা : মইটো আপোনাক ভুল বুজিছিলো । মই ভবা নাছিলো যে আপোনী মোৰ কাৰণে । ধন্যবাদ ।
(অটো Start হয় । গাড়ী যানবাহনৰ শব্দ)
অজিত : হাহা... তেনেকৈ আৰু জীৱনটো পাৰহৈ গল ।
অজন্তা : হা..হা.. আপোনী কিন্তু ভাল জমাই । কিন্তু অটো চলাওতে কথা কম কৈ কব লাগে । নহলে কোন মুহুৰ্তত কি হৈ যায় কোনে জানে ।
অজিত : কথা মই কমকৈ কও । কিন্তু আজি নাজানো কিয় বহুত কথা পাতিব মন গৈছে । আজি অটো চলোৱাৰ মনে নাচিল । মা আৰু ভন্টিক কৰবাত ফুৰাব নিম বুলি ভাবিছিলো । পিচত ভাবিলো যে আজি বাছ সমুহ অলপ কমকৈ চলি আছে । ভাল ভাড়া পোৱাৰ আশা আছে । গতিকে মা আৰু ভন্টিক কালি ফুৰাব লৈ যাম আজি মই অকলে ফুৰো ।  ভালে হল দিয়ক আপোনাকো লগ পালো । আপোনী আমনিটো পোৱা নাই?
অজন্তা : নাই নাই ।  বৰং আপোনাৰ লগত কথা পাতি মোক ভালে লাগি আছে । নহলে জালুকবাৰীৰপৰা গণেশগুৰি গৈ পোৱা লৈকে ভাল এঘুমটি হৈ যায় । হাহা । (ওচৰেদি তীব্ৰ বেগী মটৰচাইকিল গুচি যায়) চাব । বাপৰে ।
অজিত : দেখিছে । আজি কালিৰ লৰা । পিচত Girlfriend জনীক বহাই লৈ একেবাৰে ৰকেট যোৱা দিছে । অলপো নিজৰ মনটোৰ ওপৰত নিয়ন্ত্ৰণ নাই । এইবোৰ কাৰণতে লৰা ছোৱালীবোৰ মৰে ।
অজন্তা : আপোনীওটো অলপ আগতে যামৰপৰা বাচিবলৈ ৰকেট যোৱা দিছিলে । যদি আপোনাৰ কিবা হলহেতেন তেনেহলে মাক আৰু ভন্টিক কোনে চালে হেতেন ।
অজিত : সেইটো অৱশ্যে হয় । ঠিক আছে দিয়ক আজিৰপৰা যামৰপৰা বাচিবলৈ মই কেতিয়াও তীব্ৰ বেগত গাড়ী নচলাও । (দুৰভাষ যন্ত্ৰ বাজে) অহ্ ভন্টি গাড়ী চলাই আছো । পিচত... 
ভন্টি : দাদা মাই তোক মনত কৰি আছে । তোক সোনকালে ঘৰত আহিব দিছে ।
মা : অহ সোণ কত আছো তই । মোৰ কিবা অন্তৰখন কিবা কিবি লাগি আছে । তই ঘৰত আহি যা । আজি আৰু অটো চলাব নালাগে ।
অজিত : মা তই মিচাতে চিন্তা কৰি আছা ।
মা : নহয় অ সোণ বুকুখন কিবা বিন্ধি ধৰিছে ।
অজিত : অহ্, সন্ধিয়া Doctor ৰ তাত যাম নহয় । তাৰ পিচত সকলো ভাল হৈ যাব । মা পিচত কথা পাতি আছো । (দূৰভাষা যন্ত্ৰ ৰাখে ।)
মা : সোণ সোণ...
অজিত : জানে মোৰ মাই খুব চিন্তা কৰে । এবাৰ কি হৈছিলে । মই যেতিয়া চাকৰিৰ কাৰণে দিনে ৰাতিয়ে ঘুৰি ফুৰাৰ পিচতো চাকৰি পোৱা নাছিলোঁ তেতিয়া বেজাৰতে মই কাৰো লগতে কথা পতা নাছিলো । ইপিনে আমাৰ গাওঁৰ লৰা কিছুমানে উগ্ৰপন্থী সংগঠনত যোগদান হব ধৰিলে । কিছুমানে আৰ্মীৰ গুলিত মৰিলে । মাৰ চিন্তা লৰাও উগ্ৰপন্থী হলে কি হব । মোক সদাই বুজাই সোণ এইবোৰত নাজাবি দে । হাতত বন্দুক তুলি আমাক এৰি নাযাবি দে । মই মাক কও যে মা চিন্তা নকৰিবি তোৰ লৰাই কেতিয়াও তহঁতক এৰি নাযায় । কেতিয়াও বিপ্লবৰ নামত হাতত অস্ত্ৰ তুলি নলয় । যদি লবয়ে লাগে হাতত কলম তুলি লম । হাতত অস্ত্ৰ তুলি সমাজ নিৰ্মাণ কৰাতকৈ হাতত কলমলৈ সমাজ গঠন কৰাৰহে পক্ষপাতী মই । তাৰ পিচতহে মাই অলপ শান্তি পালে ।
অজন্তা : মোৰ মা আৰু দেউতাও তেনেকুৱাই । প্ৰতিটো কথাতে চিন্তা কৰে । সন্ধিয়া Tution ৰপৰা আহোতে যদি ৫ মিনিটো পলম হয় মা আৰু দেউতায়ে হাতত কুঠাৰ লৈ একেবাৰে চাৰৰ ঘৰ পাইগে । চাৰে একেবাৰে কপি কপি আমাক পঢ়াই । আৰু  মই ওলাই নহালৈকে মা আৰু দেউতায়ে একেবাৰে বাহিৰতে ৰৈ থাকে ।
অজিত : মৰম বুজিছে । নিজৰ সন্তানৰ প্ৰতি মা দেউতাকৰ মৰম । সংসাৰৰ প্ৰতিজন মা দেউতায়ে নিজৰ সন্তানক অজস্ৰ মৰম কৰে । কিন্তু আজি কালিৰ সন্তানে ক্ষন্তেকীয়া আৱেগত সকলো সম্পৰ্ক শেষ কৰি নতুন পথত আগুৱাই যাই ।
অজন্তা : (দূৰভাষা যন্ত্ৰ বাজে) এইয়া মাই Phone কৰিছে । অহ্ ।
মা : চাকৰিটো হলনা?
অজন্তা : গণেশগুৰিয়ে গৈ পোৱায়ে নাই ৰ । ইন্টাৰভিউ হব তাৰ পিচতহে চাকৰি দিব ।
মা : দেউতাই তই যোৱাৰ পিছৰেপৰা তোৰ কথা সুধিয়ে আছে । তোক মনত কৰি আছে ।
অজন্তা : (অলপ কান্দো কান্দো হয়) দেউতাক চিন্তা কৰবা মানা কৰ । আহোতে দেউতাৰ কাৰণে এটা ধুনিয়া চলা আনিম বুলি কবি । অহ ৰাখো দে । (দূৰভাষ যন্ত্ৰ ৰাখে)
অজিত : আপোনী মিচাতে বৰ কঠোৰ হোৱাৰ নাটক কৰে । দেউতাৰ কথা ওলোৱাৰ লগে লগে চকু পানী ওলাল ।
অজন্তা : দেউতাৰ ব্ৰেন টিউমাৰ আছে । এটা Operation হল আৰু এটা বাকী আছে ।
অজিত : অহ্ । আপোনী চিন্তা নকৰিব । চব ঠিক হৈ যাব । আজি আপোনাৰ চাকৰিও হৈ যাব । আপোনাক চাকৰিৰ প্ৰয়োজন আছিল ভগৱানে চাকৰিও দি দিলে ।
অজন্তা : ভগৱানেটো কেতিয়াবায়ে এই নৰ পিশাচ সমাজখনৰপৰা আতৰি গৈছে । থৈ গৈছে মাথোন লুভীয়া কুকুৰবোৰক । যিয়ে কেৱল কামোৰিব জানে । চেলেকিব জানে । কিন্তু মানুহৰ নিচিনাকৈ থাকিব নাজানে ।
অজিত : কিয় তেনেকৈ কয়? সমাজত এতিয়াওঁ ভাল মানুহ আছে । মই কি বেয়া নেকি? আপোনাৰ মা দেউতা কি বেয়া নেকি?  আপোনী কব নিবিচাৰিলেও মই জানোঁ যে চাকৰিটো আপোনী নিজৰ দক্ষতাৰ বাবে পোৱা নাই,  ঘোচ দিব লগা হৈছে । সেয়েহে আপোনাৰ খং উঠিছে । খং নকৰিব । এবাৰ মা দেউতাৰ মুখখনলৈ মন কৰক । চাব আপোনাৰ খং একেবাৰে নোহোৱা হৈ যাব । আৰু এদিন নহয় এদিন সময় সলনি হব । যিদিনা লুভীয়া কুকুৰবোৰ মানুহ হব শিকিব সিদিনা চাব সমাজত কোনো লুভীয়া কুকুৰে বসবাস নকৰে । এখন সুন্দৰ সমাজৰ গঠন হব ।
অজন্তা : আপোনী এটা কথা ঠিক কৈছে আৰু এটা ভুলো কৈছে । চাকৰিটোৰ বাবে মই ঘোচ দিছোঁ কিন্তু সেই ঘোচে হৈছে মোৰ দক্ষতা । যি দক্ষতা সকলো ছোৱালীৰ তাতে থাকে ।
(অটো ৰখাৰ শব্দ । অটো Start হয় । শান্ত পৰিৱেশ । অলপ পিচত ।)
অজিত : (মুখৰ মাজত) আমি একেখন নাৱৰে যাত্ৰী
সহযাত্ৰী একেখন নাৱৰে
যদি সংঘাট হয়, তেনে ধ্বংস হ’ব
গৰ্ব আমাৰ প্ৰগতিৰ
আমি একেখন নাৱৰে যাত্ৰী
সহযাত্ৰী একেখন নাৱৰে
অজন্তা : প্ৰভু চোঁৱা তললৈ, সৰগৰ পৰা, হে মহাপ্ৰভু, এই পুণ্য সাগৰ;
অজিত : এই নাওঁ পৃথিৱীৰ হ’ব, হ’ব মানব জাতিৰ,
অজন্তা : সেয়ে ইশ্বৰে গঢ়ি দিলে নাবিকৰ দ’ল
অজিত : চকু কাৰো ক’লা, কাৰো নীলা, কাৰো পৃংগল.....
অজন্তা : সেয়েহে আজি তোমাৰে আমাৰ
একেই আকাশ একেই ধৰনী।
অজিত আৰু অজন্তা : আমি একেখন নাৱৰে যাত্ৰী
সহযাত্ৰী একেখন নাৱৰে যাত্ৰী
যদি সংঘাট হয়, তেনে ধ্বংস হ’ব
গৰ্ব আমাৰ প্ৰগতিৰ
অজিত : এহ
অজন্তা : কি হল?
অজিত : ব্ৰীজৰ তলৰে অহা হল ।
অজন্তা : অহ্ নাই একো নাই ।
অজিত : নাই এই গণেশগুৰি ব্ৰীজৰ তলত বিৰাত যাম হয় ।
অজন্তা : ভালে আপোনাৰ লগত আৰু কিছুসময় অতিবাহিত কৰিব পাৰিম ।
অজিত : অহ্ সেইটো মই ভবায়ে নাছিলো ।
(গাড়ীৰ শব্দ । মানুহৰ কথা বতৰাৰ শব্দ ।)
অজন্তা : কিবা ভয় ভয় ভাব এটা আহি আছে ।
অজিত : মোৰো কিবা তেনেকুৱা এটা ভাব আহিছে ।
(গাড়ী আৰু মানুহৰ শব্দ বাঢ়ি যায়)
অজন্তা : (কান্দিব ধৰে) নাই মোৰ ঘৰলৈ মনত পৰিছে ।
অজিত : মোৰো ।  তুমি নাকান্দিবা চোন ।
(গাড়ীৰ শব্দ বাঢ়ি যায় । মানুহৰ কথাবতৰাৰ শব্দ বাঢ়ি যায়। দুয়োটাৰে দুৰভাষা যন্ত্ৰ বাজে।)
অজিত আৰু অজন্তা : মা ।
(এক বিস্ফোৰণ হয়)

আমি একেখন নাৱৰে যাত্ৰী
সহযাত্ৰী একেখন নাৱৰে
যদি সংঘাট হয়, তেনে ধ্বংস হ’ব
গৰ্ব আমাৰ প্ৰগতিৰ