Ads are here which will you like

মন সমুদ্ৰত ভাহি অহা কাল্পনিক দ্বীপ এটাৰ লিখিত ৰুপ - গণ প্ৰহাৰ

গণ প্ৰহাৰ
গণ প্ৰহাৰ 

     দিগন্ত আৰু মই গাওঁ এখনলৈ ফুৰিবলৈ আহিছিলো। বহু ধুনিয়া আছিল সেই গাওঁখন। আমি নাওঁত বহি নদীৰ সিপাৰলৈ গলো। কিন্তু সেই নাওৰ মালিকজনে অত্যাধিক মদ খাইছিলে। তেখেতে ভাড়াক লৈ দিগন্তৰ লগত তৰ্ক কৰিব ধৰিলে। তেতিয়া লাহে লাহে তাত মানুহ গুট খাব ধৰিলে। আৰু এতিয়া দিগন্ত মৃত্যুৰ লগত যুজি আছে। আৰু মই হস্পিতালৰ জৰুলীকালীন সেৱাৰ বাহিৰত শোকাকুল অৱস্থাত বহি আছো। নানা ধৰণৰ চিন্তায়ে মোক ব্যাকুল কৰি তুলিছে।   

কিমান দুৰ্বল আমি মানুহবোৰ কিমান অসহায় আমি মানুহবোৰ নিজৰ মন বিবেকৰ ওপৰত অলপো নিয়ন্ত্ৰণ নাই আমাৰনিজৰ স্বাৰ্থ সিদ্ধিতকৈ কোনো ব্যক্তিৰ জীৱনকে আমি গুৰুত্ব নিদিউআমি লাহে লাহে বেমাৰী হৈ গৈ আছো আজি মানুহবোৰৰ মানবতাৰ জ্ঞান থকা হলে এনেকুৱা এটা ঘটনা কেতিয়াও নঘটে। এনেতে মই দুৱাৰ খোলাৰ শব্দ শুনা পালো মই দৌৰি গৈ চিকিৎসকৰ ওচৰত গলোকিন্তু চিকিৎসকৰ মুখ দেখি মই সকলো বুজি পালোতথাপিও চাগে চিকিৎসকে দিগন্ত জীৱিত বুলি কৈ দিয়ে সেয়েহে মিচা আশা এটা লৈ মই দৌৰি গৈ চিকিৎসক সুধিলে, "মানুহজন বাচিছেনে?"  কিন্তু একো লাভ নহলনৰ পিশাচৰ বলি হৈ আজি আকৌ এজন সাধাৰণ ব্যক্তিৰ মৃত্যু হলএতিয়া অলপ পিচতে দিগন্তৰ মাক দেউতাক আহিবতেখেতৰ পত্নী আহিবআৰু হিয়া উজাৰি কান্দিব

প্ৰতিটো বস্তুৰে দুটা দিশ থাকে। এটা ভাল এটা বেয়া। ঠিক সেইদৰে সমাজৰো দুটা দিশ আছে। আৰু আজি মোৰ চকুত ভাহি উঠিছে সমাজৰ কৰুণ দিশটো। সেয়েহে মই সমাজৰ ব্যক্তিক দোষাৰুপ কৰি খুজিছো। যত মই নিজেও সনিবিষ্ট হৈ আছো। মোৰ খোভৰ অগ্নিয়ে কঠোৰ শব্দৰ জৰিয়তে মোৰ মনত আড়োৰণৰ সৃষ্টি কৰিছে। মই ভাবিবলৈ বাধ্য হৈছে, এই মানব জাতিটোক কিছুমান নিৰ্লজ্জ লুভীয়া কুকুৰে ধ্বংস কৰি পেলাইছেচৰকাৰে নিজৰ মতে শাসন চলাই আছে আৰু বিৰোধীয়ে নিজৰ মতে বিৰোধ প্ৰদৰ্শন কৰি আছে কিন্তু একো লাভ নাই আজিও আমাৰ সমাজখন সেই একে অৰণ্যৰ ভিতৰতে আছেযি অৰণ্যত ক্ষমতাশালী জন্তুৱে দুৰ্বল জন্তুৰ চিকাৰ কৰেআৰু আজি চিকাৰ হল এজন সাধাৰণ ব্যক্তিমই আৰু দিগন্তয়ে কেৱল গাওখনলৈ ফুৰিবলৈ আহিছিল নাওত উঠি ঠাই ডোখৰ উপভোগ কৰিবলৈহে আহিছিল কিন্তু সামান্য ভাড়াক লৈ এখন কাজিয়াৰ সৃষ্টি হল আৰু দিগন্তৰ কৰুণ মৃত্যু হলএই মৃত্যুৰ কাৰণ কেৱল সেই গাওখনৰ ব্যক্তি বা দিগন্ত নাছিল তাৰ কাৰণ আছিল চৰকাৰ, সমাজত বসবাস কৰা বুদ্ধিজীৱি সকল, সাংবাদিক সকল লগতে সমাজৰ প্ৰতিজন ব্যক্তি যত মইও আছোআজি এই গাওখনে শিক্ষাৰ নামত পাইছে কি? এই গাও বুলি নহয় কিমান গাওঁৰ মানুহে এতিয়াও জীৱনৰ কোনো অৰ্থয়ে নাজানে ভিতৰুৱা বিদ্যালয়বোৰত লৰা ছোৱালীক শিক্ষকে কিবা কবলৈ ভয় কৰেকিবা কব বাপেকে কাটি থৈ গুচি যাবআজি যদি এই গাওঁৰ মানুহ সকল শিক্ষিত হলহেতেন তেনেহলে এনেকোৱা এটা ঘটনা কেতিয়াও নঘটেকিন্তু লাভ কি? শিক্ষিত মানুহেটো ক্ৰোধৰ অগ্নিত জ্বলি গণ প্ৰহাৰ নকৰাকৈ নাই নিজৰ আৱেগ অনুভুতি হেৰাই জন্তুত ৰুপান্তৰিত নোহোৱাকৈ নাইদৰাচলতে প্ৰয়োজন মানতাৰ শিক্ষাৰকিন্তু এই শিক্ষা দিব কোনেকোনো লাভ নাই যি চলি আছে চলি থাকিব। মানুহৰ আগতেও গণ প্ৰহাৰৰ বলি হৈ মৃত্যু হৈছিল আজিও মৃত্যু হৈছে আৰু কালিও মৃত্যু হৈ থাকিব। যেতিয়ালৈকে আমি সংকল্পক কাৰ্য্যত পৰিণত কৰিব নোৱাৰো। যেতিয়ালৈকে আমি দোষীক উচিত শাষ্টি দিব নোৱাৰো। যেতিয়ালৈকে এই লুভীয়া এলেহুৱা সমাজখনত মানবতাৰ শিক্ষাৰ প্ৰচাৰ কৰিব নোৱাৰো কিন্তু এই মানুহবোৰে মানৱতাৰ শিক্ষা লব কিয়? মানৱতা কি বুজিবলৈ চেষ্টা কৰিব কিয়? ইহতেটো কেৱল বুজি পাই নিজৰ স্বাৰ্থ সিদ্ধিতকৈ কোনো বস্তুয়ে ডাঙৰ হব নোৱাৰে। কুকুৰে মানুহৰ লগত থাকি থাকি লাহে লাহে মানুহ হব শিকি আছে কিন্তু মানুহে লাহে লাহে কুকুৰ হৈ গৈ আছে এনেতে মোৰ মোৰ চকু দিগন্তৰ মাকৰ ওপৰত পৰিলমাকে যেন শোকত পাগলীহৈ নিজৰ লৰাৰ মুখখন চাবলৈ ব্যাকুল হৈ আছিলযিজন সন্তানক বুকুত সাৱতি ৰাখি ডাঙৰ কৰিলে আজি সেই সন্তানটোৰ মৃত মুখখন বুকুত সাৱতি হিয়া উজাৰি কান্দিব তেতিয়া দিগন্তৰ দেউতাক কান্দি কান্দি দৌৰি অহা দেখিলোতেখেতক মই ফোনতে সকলো কৈ দিছিলো যে আশা বহুত কমতেতিয়াই তেখেতৰ কলিজা ফালি গৈছিলএতিয়া সেই ফালি যোৱা কলিজাখন বিচাৰি কান্দি আছেএনেতে মই দেখিলে অঞ্জুৰ মুখখন কেৱল ৬ মাহ আগতে তেখেতৰ বিয়া হৈছিল বহুত আনন্দময় আছিল সিহতৰ জীৱন। বহুত সপোন আছিল সিহতৰ জীৱনক লৈ। এতিয়া সকলো সপোন চাৰখাৰ হল। এতিয়া গুতেয়ে জীৱন অণ্জুয়ে কেনেকৈ পাৰ কৰিব? কোনে সিহতৰ পৰিয়ালৰ দায়িত্ব লব। যেতিয়া এজন মানুহৰ মৃত্যু হয় তেতিয়া কেৱল তেখেতৰ মৃত্যু নহয় মৃত্যু হয় তেখেতৰ পৰিয়ালৰো

এতিয়া মই সিহতৰ মুখা মুখি কেনেকৈ হম? কেনেকৈ কম যেতিয়া দিগন্তক সেই জন্তু সকলে মাৰি আছিল তেতিয়া মই তাতে আছিলোকেনেকৈ কম মই দিগন্তক মাৰিবলৈ সেই জন্তু সকলোক মানা কৰিছিলো কিন্তু সিহতৰ ভাবিব পৰা ক্ষমতা নাচিল বুজিবপৰা বুদ্ধি নাছিল সেয়েহে মোক মাৰি আতৰ কৰি দিলে মোকো মাৰিব ধৰিলে মোৰ ঘৰত বিধৱা মা আছে, পত্নী আছেমই মৰিলে সিহঁতৰ কি হব? সেই ভাবি মই মৃত্যুৰ ভয়ত তাৰপৰা পলালোকিন্তু মোৰ পলোৱাৰ ইচ্ছা নাছিলনাই নাই! মই সিহতক একো কব নোৱাৰোসিহতৰ মুখামুখি হবপৰা ক্ষমতা মোৰ নাইদিগন্ত মোক ক্ষমা কৰি দেমই তোক বচাব নোৱাৰিলো। এই ভাবি মই লগা লগ মানুহৰ মাজত লুকাই গলোতেতিয়া দেউতাকে চিকিৎসক এজনক কিবা সুধা দেখিলোতেতিয়া লগে লগে মা আৰু পত্নী দৌৰি গৈ কোঠাৰ ভিতৰত সোমাই গলদেউতাকে তাতে ধলি পৰিলমই এইবোৰ দেখি নিজৰ চকু পানী ৰখাব নোৱাৰী বাথৰুমৰ ভিতৰত সোমাই গলোআৰু মুখখন চেপি কান্দিব ধৰিলোকি হৈ গলকিমান সহজ এজন মানুহক মাৰি পেলোৱা কেৱল এখন চোকা দাউৰ এটা ঘাপে যথেষ্ট কিন্তু এটা পৰিয়াল চলাবলৈ চোকা দাউতকৈ চোকা সমস্যাসমূহৰ লগত যুঁজিবপৰা ক্ষমতা লাগে। দিগন্ত  তই গলি এতিয়া অলপ পিচতে সাংবাদিক কিছুমান আহিবআকৌ অলপ চিঞৰ বাখৰ হবখেৰৰ জুইৰ নিচিনা কিছুমানে সমদল উলিয়াব আৰু কেইদিনমান পিছত সকলো সামান্য হৈ যাবএইয়ে আমাৰ এলেহুৱা বেমাৰী সমাজখনৰ নিয়মকোনেও এই সমাজখন সলনি কৰিব নোৱাৰে কাৰণ আমি সলনি হব নিবিচাৰো এনেকোৱা কিমান ঘটনা ঘটি আছে। কিমান মানুহ মৰি আছে। কিন্তু শাস্তি কিমানে পাইছে? কিছুমানেটো চাগে কাৰগাৰত যোৱাক পিকনিংক যোৱা বুলি ভাবে। সেয়েহে সাংবাদিকক বুঢ়া আঙুলী দেখোৱাই অল্দা বেষ্ট বুলি কয়। কাৰণ সিহতে জানে এই সমাজখনে সিহতৰ একোডাল কৰিব নোৱাৰে। দিগন্ত মোক আৰু সমাজত বসবাস কৰা প্ৰতিজন ব্যক্তিকে ক্ষমা কৰি দিবি। তই চাগে কেতিয়াও ন্যায় নাপাও।