Ads are here which will you like

জিন্টু মদাহী ভাগ ২ | প্ৰতিযোগীতা

Assamese Story
জিন্টু মদাহী ভাগ ২ | প্ৰতিযোগীতা
জিন্টু মদাহী ভাগ ২ | প্ৰতিযোগীতা


    মালিকৰ ঘৰৰপৰা ওলোৱাৰ সময়ত সিহতৰ প্ৰায় ১০ টা বাজিছিল। এতিয়া জিন্টু কত যায় ভাবি পোৱা নাছিল। হাতত টকাও নাছিল যে গৈ বগা পানী খাব। ৰেখাৰপৰা টকা খুজিলে টকাৰ ঠাইত মাৰ পাব। অৱশ্যে আপোনী এইটো নেভাবিব যে ৰেখায়ে জিন্টুক মৰম নকৰে। মৰম বহুত কৰে কিন্তু সমস্যা সমূহে জীৱনটোক জলাজীৰ্ণ কৰি ৰাখিছে। সেয়েহে বহু বচৰৰপৰা প্ৰকাশ কৰাৰ সুবিধা পোৱা নাই। আৰু আজিটো ৰেখাৰ হাতত টকা কম আছে গতিকে মালৰ ঠাইত মাৰ পাব আৰু লগতে দুটামান গালি বিনামুলীয়াকৈ পাব। সেয়েহে টকা নুখুজায়ে ভাল। এতিয়া জিন্টুৰ চিন্তা বাঢ়িব ধৰিলে যে আজি তাক বগা পানী কোনে খোৱাব। এনেতে ৰেখায়ে মাত লগালে, “কি হল মদ কোনে খোৱাব? তাকে ভাবি আছা।” অত বচৰ একেলগে জীৱন কটালে গতিকে জিন্টুৰ মনৰ কথা জনাটো স্বাভাৱিক। জিন্টুয়ে কলে, “জনা যদি সুধিচা কিয়? মই বজাৰপৰা আহি আছো।” ৰেখায়ে বুজি পালে জিন্টুৱে বজাৰত কিয় যাবলৈ ওলাইচে। কিন্তু ৰেখাৰ চিন্তা হল এইটো কাৰণে যে, “জিন্টুক মদ খোৱাব কোনে? কাৰো তাতটো পইচা নাই। তুফানৰো হাতত পইচা নাই। বেচেৰাকটো সকলোৱে এৰি থৈ গুচি গৈছে। তেনেহলে জিন্টুক কোনে মদ খোৱাব?” “কোনোবা নহয় কোনোবা এজন পাই যাম।” জিন্টুয়ে কলে। মৰমটো আছে দুয়োজনৰ মাজত। ইটোৱে সিটোৰ মনৰ কথাও জানে। কিন্তু কৈছো নহয় জলাজীৰ্ণ অৱস্থা। কেতিয়াবা কেতিয়াবা জীৱনে বৰ নিষ্ঠুৰ ৰুপ লয়। যেতিয়া দুৰ্ঘটনাত মানুহ এজনৰ ভৰি ভাঙে তেতিয়া কেইদিনমান তেখেতৰ খোজকঢ়াত অসুবিধা হয়। কিন্তু লাহে লাহে সেই অসুবিধায়ে তেখেতৰ অভ্যাসত পৰিণত হৈ যায়। তেখেতে আৰু কষ্ট অনুভৱ নকৰে। এই জিন্টুৰ জীৱনটোও ঠিক তেনেকোৱায়ে হৈ গৈছে। এতিয়া যেন জীৱনৰ সমস্যা সমূহে তেখেতক দুখ দিব নোৱাৰে। জিন্টুৱে “মই আহি আছো” বুলি কৈ যাবলৈ ধৰিলে। “আহোতে তিকলুক লৈ আহিবি।” পত্নীয়ে মাত লগালে। জিন্টুয়ে কথাষাৰ এখন কাণেৰে শুনি আনখন কাণেৰে ওলাই দি কলে, “নিজে আহিব পাৰিবদে।” 
    তিকলু জিন্টুৰ তৃতীয় লৰা। চতুৰ্থ শ্ৰেণীত পঢ়ে। বিদ্যালয়খনো ঘৰৰপৰা বেছি দূৰ নহয় ওচৰতে। কেৱল যুদ্ধ ক্ষেত্ৰটো পাৰ হব লাগে। অৰ্থাৎ ৰাষ্টাটো পাৰ হব লাগে। সেয়েহে ৰেখাৰ চিন্তা হয়। কিন্তু জিন্টুৰ কোনো চিন্তা নাই। কাৰণ সি তিকলুক ৰাষ্টা কেনেকৈ পাৰ হব লাগে ভালদৰে শিকাই দিছে। জিন্টুৰ এতিয়া কেৱল এটায়ে চিন্তা, “মদ কোনে খোৱাব। তুফানৰ তাতটো টকা নাই। কাৰ তাত যাও। আগতে বজাৰৰপৰা এপাক মাৰি আহো নেকি। কোনোবা নহয় কোনোবা এজন পাই যাম। নাপালে বাকীত খাই আহিম। কালিটো টকা পামে।” এইবুলি ভাবি বজাৰৰ পিনে যাবলৈ আৰম্ভ কৰিলে। অলপ দূৰ যোৱাৰ পিছতে জিন্টুৰ কাণত তুফানৰ শব্দ ভাহি আহিল। জিন্টুয়ে পিছৰপিনে চালে। তুফানে জিন্টুৰ পিনে খুজ কাঢ়ি আহি আছে।
    সৰুৰেপৰা তুফান আৰু জিন্টু ভাল বন্ধু। দুয়ো একলগে মদ খোৱা আৰম্ভ কৰিছিল। মতামতি একেলগে বিয়ায়ো পাতিছিল। পাৰ্থক্য মাথো এইটোৱে যে জিন্টুৰ পত্নী জিন্টুৰ লগত আছে আৰু তুফানৰ পত্নী বেলেগৰ লগত আছে। অৰ্থাৎ বেলেগৰ লগত পলাই গৈ বিয়া পাতিছে। মানুহে কয়, ভাল পত্নী থাকিলে ঘৰখন ভালে থাকে। একেবাৰে সচা কথা। জিন্টু আৰু তুফানৰ জীৱনটো চালেয়ে এইটো উপলব্ধি কৰিব পাৰি। জিন্টুৰ পত্নীয়ে ঘৰখন চম্ভালী আছে বাবে আজি জিন্টু আৰু ঘৰখন ভাল অৱস্থাত আছে। লৰা-ছোৱালীয়ে বিদ্যালয়ত পঢ়ি আছে। আৰু আনফালে তুফানৰ পত্নী নাই কাৰণে তাক বুজাব পৰা মানুহ নাই। এটা লৰা আছে সিয়ো বাপেকক এৰি নিজৰ জীৱন অতিবাহীত কৰি আছে। মাজে মাজে টকা কেইটামান দিয়ে। আৰু তুফানে ডিঙিলৈকে মদ ধালে। ক্ষমা কৰিব মই পাহৰি গৈছিলো তাৰ আচল নাম তুফান নহয়। বিজয় মন্দলহে। ডেকা বয়সত বৰ মাৰপিত কৰিছিল। বহতে তাক ভয়ো খাইছিল। সেয়েহে লগৰবোৰে তাক তুফান বুলি মাতিছিল। তেতিয়াৰ পৰায়ে তাক মানুহে তুফান বুলি মাতে। কিন্তু এতিয়া তুফান সাধাৰণ বতাহত পৰিণত হৈছে। আগতে তুফানে যি সকলোৰ লগত মাৰপিত কৰিছিলে, দাদাগিৰি দেখুৱাইছিলে এতিয়া সিহতৰ বাথৰুম চাফা কৰে। সময় এনেকোৱায়ে। কোনো সাৰি যাব নোৱাৰে। কাৰো সাৰি যোৱাৰ অলপো ক্ষমতাও নাই। ৫০ বচৰীয়া তুফান এতিয়া দেখাত ৬০ বচৰীয়া বুঢ়া যেন লাগে। 
    তুফানে জিন্টুৰ ওচৰত আহি সুধিলে, “কত যাও?” জিন্টুৱে কলে, “মদ খোৱা মানুহ বিচাৰি আছো।” “বল একেলগে বিচাৰো।” তুফানে কলে। আৰু দুয়ো নিজৰ মিচন আৰম্ভ কৰিলে। জিন্টুয়ে সোফালে দৃষ্টি ৰাখিছিল আৰু তুফানে বাওফালে। কিন্তু মদ খোৱাব পৰা মানুহ বিচাৰি পোৱা নাছিল। সিহত বজাৰ গৈ পালে। ৰাষ্টাৰ কাষত থিয় হৈ দহ মিনিট ইফাল সিফাল কৰিলে। কাকোয়ে দেখা নাপালে। এনেতে হঠাৎ তুফানৰ দৃষ্টি ডেকা চাৰৰ পত্নীৰ তাত পৰিল। তুফানে জিন্টুক কলে, “অই জিন্টু, সেইটো চা। ডেকা চাৰৰ পত্নী।” জিন্টুয়ে চালে আৰু কলে,
জিন্টুঃ – তোক কি ডেকা চাৰৰ পত্নীয়ে মাল খোৱাব নেকি?
তুফানঃ – নহয়ও বুৰ্বক। তেখেতৰ পত্নী বিৰাত ভাল। কাম কৰিলে দহ বিচ টকা বেচিকৈ দিয়ে। এতিয়া তেখেতে বজাৰ কৰি আছে। তই যাই অলপ সহায় কৰি দে? অলপটো কিবা দিব।
জিন্টুঃ – এহ্ মই যাব নোৱাৰো, তই যা। ডেকা চাৰে গম পালে, পিঠি বহল কৰিব। চব বুজি পাই। মোৰ পত্নীক কব। আৰু পত্নীয়ে গম পালে মহাভাৰত এখন আৰম্ভ হব। তোৰ তিৰি চলি নাই তই যা।
তুফানঃ – ধুৰ মাইকী। ইমান ভয় কৰিলে হব নেকি? তই থাক মই যাই আছো।
    এইবুলি কৈ তুফানে মিচনত উলাই গল। তুফান দুৰ্বল হলেও ডেকা কালৰ অহংকাৰটো এতিয়াও আছে। অহাংকাৰে কেতিয়াও মানুহৰ সংগ নেৰে; যেতিয়ালৈকে ই মানুহক শেষ কৰি নিদিয়ে। তুফানে মৰমত লাহেকৈ “বাইদেউ" বুলি মাতিলে। বাইদেউয়ে চিনিব নোৱাৰি কলে,
বাইদেউঃ – তুমি...?
তুফানঃ – এহ্ বাইদেউৱে  মোক পাহৰিলে। মই জিন্টুৰ লগত হাজিৰা কৰো।
বাইদেউঃ – অহ্ হয় হয়। বেয়া নাপাবা মোৰ মনত নাছিলে।
তুফানঃ – নাই নাই কিয় বেয়া পাম। বাইদেউ অকলে বজাৰ কৰি আছে নেকি?
বাইদেউঃ – নাই নাই এখেত আছে। সেই তাতে বজাৰ কৰি আছে।
    হঠাৎ যেন তুফানৰ ওপৰত বৰ্জপাত পৰিল। এতিয়া তুফানে কি কৰে। ডেকা চাৰৰ সম্মুখত টকা খুজিলেটো তেখেতে টকা নিদিয়ে। সকলো বুজি পাব। এতিয়া টকা কেনেকৈ উলিয়াই। তেতিয়ায়ে বাইদেউৰ এষাৰ প্ৰশ্নয়ে জিন্টুক ৰাষ্টা দেখোৱালে। “তুমিও ইয়াত বজাৰ কৰিব আহিছা?”
তুফানঃ – নাই নাই...অহ্ অহ্। মানে বজাৰ কৰিব আহিছিলো। (বহুত দুখ প্ৰকাশ কৰি কলে) কিন্তু ১০০ টকা হেৰাল। কত পৰিল তাকে বিচাৰি আছো। ভাবিছিলো দুটা মান চবজী কিনিম। বঢ়িয়াকৈ ৰান্ধি বাঢ়ি খাম। কিন্তু এতিয়া দেখিচো লঘণে থাকিব লাগিব।
বাইদেউঃ – তোমাৰ ঘৰটো পইচা নাই নেকি?
তুফানঃ – আমিটো দুখিয়া মানুহ, ঘৰত কোত পইচা থাকিব। দিন হাজিৰী কৰো। সেইমতে ঘৰ চলে। এতিয়া কামবোৰ বন্ধ হৈ আছে। টকা কত পাম? 
বাইদেউঃ – (তুফানৰ কথাত দুখিত হৈ কবলৈ ধৰিলে) অহ্। মইয়ে তোমাক অলপ টকা দি দিলোহেতেন, কিন্তু এখেতে মোক কৈছে জিন্টু যদি মৰিবলৈ লয় তেনেহলে ভাবি লবা যে সি অভিনয় কৰি আছে। এটকাও নিদিবা।
তুফানঃ – জিন্টুটো এক নম্বৰৰ বদমাচ মানুহ। দিনে ৰাতিয়ে মদ খাই থাকে। তিৰি চলিৰ অলপো চিন্তা নাই। কিন্তু মই তেনেকোৱা নহয়। 
বাইদেউঃ – কিন্তু তোমাকটো বেচি ডাঙৰ মদাহী যেন লাগে।
তুফানঃ – সেইটোত বয়সৰ কাৰণে। জিন্টুকৈ মই ১০ বচৰে ডাঙৰ। মোৰ বয়স ৬০ আৰু তাৰ বয়স ৫০। সেই কাৰণে আপোনাক এনেকোৱা লাগিছে।
বাইদেউঃ – ৰবা তেনেহলে। এখেত আহক, এখেতক কৈ মই তোমাক টকা কেইটামান দি দিম। 
তুফানঃ – নাই নাই। তেখেতে মই মিচা কোৱা বুলি ভাবিব। হব দিয়ক আৰু; আজি লঘণে থাকিম। আমি দুখীয়া মানুহ; লঘণে থকাটো আমাৰ অভ্যাস আছে। যাও দিয়ক বাইদেউ।
    বাইদেউ বিপাঙক পৰিল। কি কৰা যায়। ভাবিলে, “ই সচা কৈছে নে মিচা কৈছে?” যদি মিচা কৈছে টকা দিলে মদহে খাব। আৰু যদি সচা কৈছে টকা নিদিলে লঘণে থাকিব। কি কৰো? তাক ১০০ টকা নিদো। ৫০ টকা দিউ। ৫০ টকাটো কত মদ নেপাই। ভাল বুদ্ধি কৰিছো।” আচলতে বাইদেউ নাজানে যে তুফানে ৰঙা খোৱা মানুহ নহয় বগা খোৱা মানুহ। আৰু বগাৰ দামৰ বিষয় বাইদেউয়ে কৰপৰা গম পাব। সেয়েহে তুফানৰ কথাত পতিয়ান গৈ বাইদেউয়ে কলে, “ৰবা। তুমি লঘণে থাকিব নালাগে। এইটো লোৱা ৫০ টকা। অলপ কিবা চবজী কিনি লোৱা। কিন্তু তোমাক এনেয়ে টকা দি আছো বুলি নাভাভিবা। পিচত যেতিয়া কাম কৰিবা তেতিয়া কাটি লম। বুজিলা। যোৱা এতিয়া।” তুফান প্ৰসন্ন হৈ পৰিল। সি মিচনত কৃতকাৰ্যতা অৰ্জন কৰিলে। সি কলে, “হব বাইদেউ। আপোনাৰ বহুত বহুত ধন্যবাদ বাইদেউ।” এইবুলি কৈ তুফান তাৰপৰা গুচি গল। 
    এই সকলোবোৰ জিন্টুয়ে ৰাষ্টাৰ কাষৰপৰা চাই আছিল। সি জানিছিল যে তুফানে বাইদেউ বুৰ্বক বনাব পাৰিব। কাৰণ বাইদেউ বহুত ভাল। বাইদেউ বুলি নহয় ডেকা চাৰো বহুত ভাল।  কিন্তু ডেকা চাৰ শিক্ষক আছিল যিহেতু সকলো বুজি পাই। কিন্তু বাইদেউ সকলো বুজি নাপাই। সকলোকে সমান বুলি ভাবে। সেয়েহে আমাৰ নিচিনা মানুহে তাৰ লাভ লয়। সকলোয়ে সকলোক বুৰ্বক বনাই খাই আছে। কিন্তু বেয়া লাগে ডেকা চাৰ আৰু বাইদেউৰ নিচিনা মানুহৰ কাৰণে। যিয়ে কেতিয়াও আনৰপৰা একো কাঢ়ি খোৱা নাই। ওলোটা আনক খাবলৈ ভাত এমুঠি যোগাৰ কৰি দিচে। 
    তুফান প্ৰসন্ন মনে জিন্টুৰ ওচৰত আহিল। আৰু টকা দেখাই কলে, “দেখিছো ৫০ টকা। তই কেৱল ভয়তে থাক। একো কৰিব নোৱাৰ জীৱনত। বল এতিয়া। কত গেলা খাবি। ৰাষ্টাৰ ইটো পাৰে নে সিটো পাৰে। বল আজি ৰাষ্টাৰ সিটো পাৰে খাও।” এইবুলি কৈ দুয়ো যুদ্ধ ক্ষেত্ৰ পাৰ হবলৈ সাজু হল। এনেতে ৰাষ্টাৰ সিটো পাৰে থকা সৰু লৰা এটাৰ ওপৰত জিন্টুৰ চকু গল। লৰাটোক জিন্টুৱে চিনি পাই। কলিতাৰ ঘৰৰ লৰা। বিদ্যালয় চাগে চুটি দিছে। কান্ধত বিদ্যালয়ৰ বেগটো লৈ লৰাটোৱে হাহি মুখে ৰাষ্টা পাৰ হবলৈ সাজু হৈছে। বৰ মৰম লগা লৰাটো। লৰাটোয়ে জিন্টুক দেখিলে। হাতখন জোকাৰী জিন্টুক মাতিলেও। জিন্টুও হাতখন জোকাৰীলে। জীৱন বৰ নিৰ্দয় কিন্তু তাতকৈ নিৰ্দয় চাগে এই মানুহ নামৰ দুই ঠেঙীয়া জন্তুটো। ঠিক সেই সময়তে দুখন বাচৰ মাজত প্ৰতিযোগীতা চলি আছিল। কোনে আগতে গৈ পাই। কোনে বেছি মানুহ উঠাব পাৰে। আৰু আজি তাৰ লক্ষ্য আছিল এই লৰাটো। তাৰ সৰু কোমলীয়া জীৱনটো। আগৰ বাচখনক চেৰ পেলাবলৈ পিচৰ বাচখনে গাড়ীৰ বেগ বঢ়ালে। সেই বাচৰ মানুহবোৰ তেতিয়া বেঙা হৈ গৈছিল। হয়তু এজন দুজনে মাত মাতিছিল। কিন্তু সেই মাতক সমৰ্থন কৰা মানুহ সেই বাছখনত নাছিল। সেই তীব্ৰ বেগী বাছখন সেই লৰাটো ওপৰৰে গুচি গল। বাছখন প্ৰতিয়োগীতাত বিজয় হল। এতিয়া চালকক পুৰস্কাৰ দিয়াৰ সময় আছিল। বাছখন লগা লগ ৰখাই চালক পলাবলৈ ধৰিলে। গাড়ীৰ ভিতৰৰ বেঙা মানুহবোৰে মাত ঘুৰাই পালে। লগতে মাত ঘুৰাই পালে সমাজৰ বেঙা মানুহবোৰে। যিবোৰে অতে দিনে তীব্ৰ বেগী গাড়ীৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পোৱা নাছিল। এতিয়া কিন্তু সাহস পাইছে। অত দিনে অন্তৰত সোমাই ৰখা খং আজি ফুতিবলৈ সাজু আছিল। মানুহবোৰ চালকৰ পিছত দৌৰিব ধৰিলে। জিন্টু সকলো চাই আছিল। তুফানো মানুহৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। মানুহে সেই চালক জনক পুৰস্কাৰ দিয়া আৰম্ভ কৰিলে। চাৰিওফালপৰা মানুহে তাক মাৰিলে। সি চিঞৰিব ধৰিলে। কব ধৰিলে যে মোৰ পত্নী আছে সৰু লৰা আছে। মোক এৰি দিয়ক। মোৰ ভুল হৈ গল। মই ভবায়ে নাছিলো, এনেকোৱা কিবা এটা হব বুলি। মোক নামাৰিব। মই মৰিলে মোৰ পত্নীৰ কি হব। ঠিক সেই সময়তে এজন মানুহে কলে, “এতিয়া লৰাটোৰ মাকৰ কি হব। তাৰ দেউতাকৰ কি হব। মাৰ এই হাৰামজাদাক।” সি চিঞৰিব ধৰিলে। এনেতে জিন্টুৰ দৃষ্টি সেই লৰাটোৰ ওপৰত পৰিল। তাৰ মাকে লৰাটোক কোলাত লৈ চি়ঞৰি চিঞৰি কান্দি আছে। তাৰ মাক যেন বাউলী হৈ গৈছে। এই সংসাৰৰ আটাইতকৈ পবিত্ৰ জীৱটোয়ে হৈছে মাঁ। আৰু আজি এজন মাকে তাৰ কলিজা হেৰাইছে। অলপ সময়ৰ আগতে কিমান সুখত আছিল এই লৰাটো। লৰাটোৱে ভাবিছিলে চাগে ঘৰত গৈ মাকক বিদ্যালয়ত কি কি হৈছে সকলো কব। কিন্তু এতিয়া সকলো শেষ। মানুহে মোক মদাহী বুলি কয়। নিচাৰ পাগল বুলি কয়। কিন্তু এই সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিচা কৰে। কিছুমানে ভাল নিচা কৰে কিছুমানে বেয়া। কিছুমানৰ ক্ষমতাৰ নিচা, কিচুমানৰ অহংকাৰৰ নিচা, কিছুমানৰ অত্যাচাৰ কৰাৰ নিচা, কিছুমানৰ অত্যাচাৰ সহ্য কৰাৰ নিচা আৰু কিছুমানৰ আনক সহায় কৰাৰ নিচা। সমাজৰ বেছিভাগ ব্যক্তিয়ে নিচাগ্ৰস্ত হয়। দুৰ্বল হয়। অসহায় হয়। কেৱল আনক দোষ দিব জানে। আজি সমাজৰ মানুহ সকলে মিলি সেই চালক জনক চাগে মৃত্যৰে পুৰস্কৃত কৰিব। কিন্তু একো লাভ নাই। কালি আকৌ কৰবাত তেনেকোৱা ঘটনা ঘটিব। আৰু ঘটি থাকিব যেতিয়ালৈকে মানুহ একলগ নহয়। যেতিয়ালৈকে সকলো বেয়া নিচা এৰি একটা আৰু সুন্দৰ সমাজ গঢা়ৰ নিচা নলয়। তেতিয়ালৈকে হাজাৰ চালকক মাৰক একো ডাল নহয়। এনেতে তুফানে আহি কলে, “এই চালক সকলোৰ উৎপাত দিনক দিনে বাঢ়ি গৈছে। ঠিকে কৰিছে। ইহতক মাৰিব লাগে। কিন্তু অকল ইহতক মাৰিলে কি হব। এই ধনী মানুহ কিছুমান আছে নহয়। যিয়ে দামী গাড়ী মটৰচাইকেল সমুহ তীব্ৰ বেগত চলাই। সিহতকো ধৰি মাৰিব লাগে। তেতিয়া গম পাব কুকুৰহতে।” “একো লাভ নাই।” জিন্টুৱে কলে, “মাৰাটোৱে সমাধান নহয়। আমি মদ খাই কিমান কি কৰিলো। নিজৰ জীৱন ধংস কৰি পেলালো। তাৰ পিছতো জানো আমি সলনি হলো। নাই হোৱা। কাৰণ আমি মদ এৰিব নোৱাৰো। এই নিচাগ্ৰস্থ সমাজখনো তেনেকোৱায়ে। সিহতেও নিজৰ নিজৰ বেয়া নিচা সমুহ এৰিব নোৱাৰে। সেয়েহে সমাজ কেতিয়াও ঠিক নহয়। ইহতক ঠিক কৰিবলৈ হলে। সন্তান জন্ম হোৱাৰেপৰা কৰিব লাগিব। আমি সৰুতে মাৰা মাৰি কৰা আৰু মদ খোৱা শিকিছিলো। সেয়েহে আমাৰ জীৱনৰ এই অৱস্থা। সেই চালকজনে নিজৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকা নাছিল ফলত আজি তাৰ এই অৱস্থা। সেয়েহে চৰকাৰে কঠোৰ নিয়ম বনাওক। আৰু সৰু লৰা-ছোৱালীবোৰৰ কাৰণে মদাহী শিক্ষকৰ ঠাইত ভাল ব্যক্তিত্বৰ শিক্ষকৰ যোগান ধৰক। ব্যক্তিক ভাল ব্যক্তিত্ব গঢ়াৰ শিক্ষা দিয়ক।” জিন্টুয়ে কিবা কলে তুফানে বিৰাত মন দি শুনে কাৰণ সি একো বুজি নাপায়। জিন্টুৰ কথা শেষ হোৱাৰ পিছত তুফানে কলে, “হল নেকি?” জিন্টুয়ে বুজি পালে যে তুফানে একো বুজি পোৱা নাই। আৰু ভাবিলে বুজি নোপোৱায়ে ভাল। কাৰণ মইনো বা এই সমাজখনে সকলো বুজি পাোৱাৰ পিছতো আজিলৈকে নিচাক এৰিবপৰা নাই। সি কি এৰিব। তুফানে কলে, “হল যদি। ৰাষ্টা পাৰ হও বল। ডিঙি শুকাই গৈছে।” এনেতে জিন্টুয়ে তিকলুক ৰাষ্টাৰ সিপাৰে দেখিলে। তেতিয়ালৈ মৃত লৰাটোক লৈ যোৱা হৈছিলে। জিন্টু দৌৰি গৈ তিকলুক ৰাষ্টা পাৰ কৰাই তুফানৰ ওচৰত আহি কলে, “বল বিষখিনি খাই মাতাল হও।”