Ads are here which will you like

পুষ্যমিত্ৰ শুংগ। Pushyamitra Shunga

পুষ্যমিত্ৰ শুংগ। Pushyamitra Shunga
পুষ্যমিত্ৰ শুংগ। Pushyamitra Shunga

বীৰ মৌৰিয়ান ৰাজবংশৰ এজন প্ৰতাপি সেনাপতি আছিল, পুষ্যমিত্ৰ শুংগ কিছুমানৰ মতে তেখেত আছিল ব্ৰাহ্মণ আৰু কিছুমানৰ মতে ক্ষেত্ৰীয়। বেছিভাগ তথ্যয়ে তেখেতক ব্ৰাহ্মণ হিচাপে প্ৰমাণ কৰিছে। যোগগুৰু পতণ্জলিৰ মহাভাষ্য আৰু মহাপণ্ডিত ব্যাকৰণবিদ পাণিনিৰ অষ্টাধ্যায়ীত পুষ্যমিত্ৰ শুংগত ভাৰদ্বাজ গোত্ৰৰ ব্ৰাহ্মণ বুলি কৈছে। সি যিকি নহক, তেখেত ভাৰত মাতৃৰ এজন বীৰ পুত্ৰ আছিল। যাৰ বীৰত্বৰ সম্মুখত য়মান সকলেও হাত দাঙি দিছিল। এই বীৰ যুদ্ধাক পৰাস্ত কৰিবপৰা ক্ষমতা কাৰো নাছিল। তেখেতৰ বীৰত্বৰ কথা ইয়াৰপৰায়ে প্ৰমাণ হয় যে তেখেতে দুবাৰকৈ অশ্বমেধ য়জ্ঞ কৰিছিল। নিজ মাতৃভুমিৰ প্ৰতি অগাঘ প্ৰেম আছিল। সহ্য কৰিব নোৱাৰিছিল বাহিৰৰ ৰজায়ে আমাৰ ভুমিত ৰাজত্ব কৰক। সেয়ে সেনাপতিৰপৰা ৰজা হোৱাৰ সিদ্ধান্ত কৰিলে। বহু সংঘাত আছিল তেখেতৰ জীৱনত। কিন্তু কোনো সংঘাতে তেখেতক চেৰ পেলাব নোৱাৰিছিল প্ৰায় ৩৬ বচৰ ৰাজত্ব কালত এখনো যুদ্ধ পৰাস্ত হোৱা নাছিল। এনেকোৱা এজন বীৰৰ বীৰত্বৰ বিষয় কিছু কথা কবলৈ এই লেথটো লিখিবলৈ গৈ আছো।  


      সেনাপতিৰপৰা ৰজা

ৰজা অশৌকে বৃহত্বৰ ভাৰতৰ নিৰ্মাণ কৰিলে যাক অখংণ্ড ভাৰত বুলিও কোৱা হয়। মৌৰিয়ান বংশৰে শেষ ৰজাজন আছিল বৃহদ্ৰথ মৌৰিয়া। তেখেতে অহিংসাত বিশ্বাস কৰা ৰজা আছিল। এজন ব্যক্তি হিচাপে অহিংসাৰ ৰাষ্টা শুদ্ধ হব পাৰে। কিন্তু এজন ৰজা হিচাপে সেই সময়ত কেৱল অহিংসাৰ ৰাষ্টা শুদ্ধ নাছিল, ক্ষতিকাৰক আছিল। কাৰণ ইয়াৰ সুবিধা আন দেশৰ ৰজাসকলে লবলৈ আৰম্ভ কৰে। যিসকলে কোনো অহিংসা বুজি নাপায়। বুজি পাই কেৱল শাসণ।
ইণ্ডো-গ্ৰীক সকল যাক য়মান বুলিও কোৱা হয় সিহতে লাহে লাহে নিজৰ প্ৰভাব বিস্তাৰ কৰি আহিছিল। সিহতে প্ৰায় খ্ৰীষ্টপূৰ্ব ১৮৩ চনত পাঞ্জাৱৰ সাকাল (বৰ্তমানৰ চিয়ালকোত) ত নিজৰ ৰাজধানী স্থাপন কৰে। তেতিয়া পুষ্যমিত্ৰয়ে ৰজা বৃহদ্ৰথক ইয়াৰ বিষয় অৱগত কৰাই আৰু লগতে কৈছিলে যে য়মান সকলোৰ বিৰুদ্ধে এতিয়া কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পিছলৈ কথা বেয়া হব। কিন্তু বৃহদ্ৰথে গুৰুত্ব নিদিলে। পুষ্যমিত্ৰয়ে ইয়াক সাধাৰণ ভাবে লব পৰা নাছিল। জানিছিল যে ইয়াৰ পৰিণাম ভয়ংকৰ হব। এটা পক্ষয়ে অহংসাক মানি আনটো পক্ষয়ে হিংসাক মানিলে কষ্ট অহিংসাক মনা জনৰে হব। বিশেষকৈ সেই সময়ত যিতু সময়ত বাহিৰৰ শত্ৰুৰ দৃষ্টি ভাৰতৰ ওপৰত আছিল। পুষ্যমিত্ৰয়ে বৃহদ্ৰথক এজন দক্ষ ৰজা হিচাপে গণ্য কৰা নাছিল। য়মানৰপৰা দেশ বচাবলৈ হলে আমিও কঠোৰ হবয়ে লাগিব। নহলে এদিন সিহতে আমাৰ ওপৰত ৰাজত্ব কৰিব। গতিকে বৃহদ্ৰথক বুজোৱাৰ পিছতো যেতিয়া তেখেতে বুজি নাপালে তেতিয়া পুষ্যমিত্ৰয়ে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। বৃহদ্ৰথৰ হত্যা কৰি নিজে শাসণ দখল কৰা। পুষ্যমিত্ৰয়ে ইয়াৰ কু-প্ৰভাৱৰ বিষয়েও নিশ্চয় জানিছিল যে, বৃহদ্ৰথৰ মৃত্যু হলে; বহু ৰাজবংসয়ে ইয়াৰ সুবিধা লব আৰু নিজৰ নিজৰ ৰাজত্ব আৰম্ভ কৰিব। কিন্তু পুষ্যমিত্ৰৰ হাতত সেই সময়ত কোনো ৰাষ্টা নাছিল। সেয়েহে বৃহদ্ৰথৰ হত্যা কৰি শুংগ ৰাজবংসৰ পাতনি মেলে। যিতু প্ৰায় খ্ৰীষ্টপূৰ্ব ১৮৫ ৰপৰা খ্ৰীষ্টপূৰ্ব ৭৫ লৈ চলিছিল।
বৃহদ্ৰথৰ হত্যাৰ পিছত ৰজা পুষ্যমিত্ৰয়ে তেখেতৰ সচিব জনক গ্ৰেপ্তাৰ কৰি লয়। ফলত সচিব জনৰ পত্নীৰ ভায়েক য়জ্ঞসেনে ইয়াৰ বিৰোধীতা কৰে আৰু বিদ্ৰোহ ঘোষণা কৰে। য়জ্ঞসেনে পুষ্যমিত্ৰৰ পুত্ৰ অগ্নিমিত্ৰৰ প্ৰিয় বন্ধু মাঘৱসেনক অপহৰণ কৰি লয়। আৰু পুষ্যমিত্ৰৰ সম্মুখত এইটো চৰ্ত ৰাখে যে সচিবজনক মুকলি কৰিলেহে মাঘৱসেনক মুকলি কৰি দিয়া হবকিন্তু পুষ্যমিত্ৰয়ে কোনো চৰ্ত মানিবলৈ তৈয়াৰ নাছিল আৰু সেয়েহে তেখেতে তেখেতৰ সন্তান অগ্নিমিত্ৰক মাধৱসেনক মুকলি কৰিবলৈ পঠাই। ফলত যুদ্ধ হয় আৰু সেই যুদ্ধত মাধৱসেন মুকলি হয়। এই ঘটনা সমূহৰ সুন্দৰ বিবৰণ কালিদাসৰ মাল্যিকা-আগ্নিমিত্ৰত বৰ্ণনা কৰা আছে।

পুষ্যমিত্ৰ শুংগৰ য়মানৰ লগত যুদ্ধ

য়ুমান সকলোৰ মহা প্ৰতাপি ৰজা প্ৰথম দেমিত্ৰিওসে খ্ৰীষ্টপূৰ্ব ১৮০ ত কাবুল উপত্যকা জয় কৰি আগি বাঢ়ি আহি আছিলসিহতে মগাধ আক্ৰমণ কৰি কেইবাটাও অঞ্চল, নগৰ, জয় কৰিবলৈ সক্ষম হয়; আৰু নিজৰ ৰাজধানী বৰ্তমানৰ চিয়ালকোত স্থাপন কৰে। ক্ষমতাত অন্ধহৈ সিহত আগবাঢ়ি আহি আছিল। কিন্তু এনেতে সিহতৰ পথত ঠিয় দিলে এটা ঘোড়া।
ৰজা হোৱাৰ পিছত পুষ্যমিত্ৰ শুংগয়ে অশ্বমেধ য়জ্ঞ কৰে। যাতে যিবোৰ ৰজায়ে বিদ্ৰোহ কৰিছে সিহতক আকৌ ঘূৰাই আনিব পাৰে। পুষ্যমিত্ৰৰ ঘোড়াক ৰখাবপৰা ক্ষমতা কাৰো নাছিল। কিন্তু য়মান সকলে ঘোৰাটোক ৰাখোৱাৰ সাহস কৰিলে। প্ৰথম দেমিত্ৰিওসে ভাবিছিল ৰজা পুষ্যমিত্ৰক সহজে হৰোৱাব
পাৰিব। কাৰণ সিহত বিজয়হৈ আহি আছিল। সিহতক কোনেও হৰাবপৰা নাছিল। কিন্তু সিহতে এইটো নাজানিছিল যে সিহত বিজয় কেৱল পৰাক্ৰমৰ কাৰণে হোৱা নাছিল সিহত বিজয় হব পাৰিছিল কাৰণ বৃহদ্ৰথে যুদ্ধ নিবিচাৰিছিল। অহিংসা বিচাৰিছিল। কিন্তু এই ঘোৰাটো পুষ্যমিত্ৰ শুংগৰ হয়। ইয়াক ৰখোৱা মানে নিজৰ মৃত্যুক নিমন্ত্ৰণ দিয়া। আৰু এই নিমন্ত্ৰণ দিছিল য়মান সকলে। ফলত সিন্ধু উপত্যকাত ভীষণ ৰণ হয় আৰু য়মান সকলোক ভাৰতীয় বীৰৰ শক্তিৰ অনুভুতি হয়। পুষ্যমিত্ৰ শুংগ কালহৈ সিহতৰ ওপৰত জপিয়াই পৰেআৰু অৱশেষত পুষ্যমিত্ৰৰ বিজয় হয়।
ইয়াৰ পিচত আকৌ দেমিত্ৰিওস বংসৰ মহা প্ৰতাপি ৰজা মিনাণ্ডায়ে যুদ্ধ ঘোষণা কৰে। কিন্তু ইয়াত এইটো নিশ্চিত ভাবে কব নোৱাৰি যে তেখেতে পুষ্যমিত্ৰৰ লগত যুদ্ধ কৰিছিল নে অগ্নিমিত্ৰ লগত কিন্তু এইটো নিশ্চিত যে মিনাণ্ডায়ে পৰাজিত হৈছিল। যি মিনাণ্ডাক কিছুমানে আলেকজেণ্ডাৰকৈও মহান ৰজা বুলি গণ্য কৰে সেই মিনাণ্ডাক পৰাস্ত কৰিছিল শুংগ বংসয়ে। আজি দেমিত্ৰিওস আৰু মিনাণ্ডাক বিশ্বয়ে জানে কিন্তু বীৰ পুষ্যমিত্ৰক বিশ্বটো বাদে দিয়ক আমাৰ দেশৰ কিছুমান মানুহে নামে শুনা নাই।

ভুল ভ্ৰান্তি

বহুতৰ মনত এইটো ধাৰণা আছে যে পুষ্যমিত্ৰ এজন ব্ৰাহ্মণ আছিল আৰু সেয়েহে তেখেতে বৌদ্ধিচ সকলোক দেখিব নোৱাৰিছিল। বহু বৌদ্ধ গ্ৰন্থত উল্লেখ কৰিছে যে তেখেতে বহু বৌদ্ধস্তূপ ধংস কৰাৰ লগতে বহু ভীক্ষুৰ হত্যাও কৰিছে। তেখেতক এজন বৌদ্ধ ধৰ্ম বিৰোধী শাসক হিচাপে বৰ্ণনা কৰা হৈছে। কিন্তু প্ৰতিটো বস্তুৰ দুটা দিশ থাকে। বহু ইতিহাসকাৰৰ মতে তেখেত বৌদ্ধ ধৰ্মৰ বিৰোধী নাছিল, নহলে বৌদ্ধ স্তূপ নিৰ্মাণ আৰু মেৰামতি নকৰিলেহেতেন। দেমিত্ৰিওসৰ লগত হোৱা যুদ্ধত দেমিত্ৰিওসক সহায় কৰিছিল কিছুমান বৌদ্ধ ভীক্ষুয়েআৰু লগতে বৃহদ্ৰথ এজন বৌদ্ধ ভীক্ষু আছিল। গতিকে ভাৰতত যেতিয়া দেমিত্ৰিওসে নিজৰ ক্ষমতা বিস্তাৰ কৰি আছিল, তেতিয়া নিশ্চয় কিছুমান ভীক্ষুয়ে ৰজাক যুদ্ধ নকৰিবলৈ উপদেশ দিছিল। এইবোৰ কাৰণত বৌদ্ধিচ সকলোক প্ৰথমে পুষ্যমিত্ৰয়ে ভাল পোৱা নাছিল। কিন্তু পিছলৈ তেখেতে বহু বৌদ্ধ স্তূপ নিৰ্মাণ কৰিছিল আৰু বহু বৌদ্ধ স্তূপ সমূহ মেৰামতিও কৰিছিল।

পিছৰ শাসন কাল

প্ৰায় ৩৬ বচৰ ৰাজত্ব কৰি তেখেতে এতিয়াৰ চীন, পাকিস্থান আৰু আফগানিস্থানৰ লৈকে নিজৰ ক্ষমতাৰ বিস্তাৰ কৰিছিল। কিন্তু খ্ৰীষ্টপূৰ্ব প্ৰায় ১৪৯ তেখেতৰ মৃত্যু হয় আৰু তেখেতৰ সন্তান অগ্নিমিত্ৰ শুংগ বংশৰ ৰজা হয়।
মানুহ মৰণশীল কিন্তু নাম আৰু কৰ্ম অমৰ হৈ ৰৈ যায়কিন্তু তেতিয়ালৈকে যেতিয়ালৈকে আমি সিহতক পাহৰি নাযাও। আমি বাহিৰৰ দেশৰ বহু বীৰৰ কথায়ে শুনিচো। সিহতৰ বিষয়ে জানিছো। সিহতৰ প্ৰতাপৰ বিষয়ে শুনিছো। কাৰণ সিহতৰ মানুহে আমাক সিহতৰ বিষয় শুনাব বিচাৰিছে, জনাব বিচাৰিছে, কব বিচাৰিছেআজি পশ্চিমীয়া সভ্যতায়ে গুতেয়ে বিশ্ব দখল কৰি আছে। কিন্তু আমাৰ নিজৰ মাজত কাজিয়া কৰোতে যাব। এই ভাৰত ভূমিক বিদেশৰপৰা ৰক্ষা কৰিবলৈ বহু মানুহে নিজৰ জীৱন ত্যাগ কৰি দিছে; এই কাৰণে নহয় যে আমি নিজৰ মাজতে কাজিয়া কৰি নিজকে শেষ কৰি পেলাম; টকাৰ লোভত নিজৰ আত্মসন্মান বিক্ৰি কৰি দিম। এতিয়া আমি নিজক চিনি পোৱাৰ সময় আহি গৈছে। এক হোৱাৰ সময় আহি গৈছে। বিশ্বক আমাৰ নিজৰ অস্তিত্বৰ বিষয় অৱগত কৰোৱাৰ সময় আহি গৈছে।