...প্ৰথম অংশ পঢ়িবলৈ ইয়াত Click কৰক--> অংশ ১
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভূমিকা
এই অনুচ্ছেদ ৩৭০ ৰ বিৰুদ্ধে বহুতো সংগঠনে মাত মাতিছিল তাৰ
ভিতৰত এটা আছিল জম্মু প্ৰজা পৰিষদ। জম্মু কাশ্মীৰৰ পৰিস্থিতি দেখি ৰাষ্ট্ৰীয়
স্বয়ংসেৱক সংঘৰ প্ৰচাৰক বলৰাজ মাধকে ১৯৪৭ চনত জম্মু কাশ্মীৰত জম্মু প্ৰজা পৰিষদ
নামৰ ৰাজনৈতিক দলৰ গঠন কৰে। এই দলটোৱে পিছত ভাৰতীয় জন সংঘৰ লগত মিলি
কাম কৰিছিল। যি জনসংঘৰ স্থাপনা কৰিছিল শ্যাম প্ৰসাদ মুখাৰ্জীয়ে।
|
৬ জুলাই ১৯০১ ত বাংগালত জন্ম
গ্ৰহণ কৰা শ্যাম প্ৰসাদ মুখাৰ্জীয়ে কেৱল ৩৩ বছৰ বয়সতে অৰ্থাৎ ১৯৩৪ চনত তেখেতক
তেখতৰ দক্ষতাৰ বাবে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্ত কৰা হয়। ১৯২৯ ত
তেখেতৰ কংগ্ৰেছৰ পাৰ্থী হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ হয়। তেখেত অখিল ভাৰতীয় হিন্দু
মহাসভাৰো সদস্য আছিল আৰু ১৯৪৩ ত তেখেতক সভাপতিও পতা হৈছিল। ১৯৪৭ চনত তেখেতক
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ উদ্যোগ আৰু সৰবৰাহ মন্ত্ৰীও (Industry
and Supply Minister) পতা হয় । কিন্তু নেহেৰুজীৰ লগত তেখেতৰ মতভেদ আছিল আৰু সেয়েহে তেখেতে
কেইমাহমান পিছতে কেন্দ্ৰীয় মন্ত্ৰী পদৰ লোভ নকৰি কংগ্ৰেছৰপৰা ত্যাগপত্ৰ দি দিয়ে।
তেখেত অনুচ্ছেদ ৩৭০ ৰ ঘোৰ বিৰোধিতা কৰিছিল। আৰু সেয়েহে তেখেতে তেতিয়াৰ ৰাষ্ট্ৰীয়
স্বয়ংসেৱক সংঘৰ সাৰসংঘচালক মাধব সদাশিৱ ৰাও গোৱালকৰ লগত পৰামৰ্শ কৰি ২১ অক্টোবৰ ১৯৫১ ত ভাৰতীয় জন সংঘৰ স্থাপনা কৰে। তেখেতে অনুচ্ছেদ ৩৭০ ৰ
সমালোচনা কৰি স্পষ্ট ভাষাৰে কৈছিল "এক দেশ মে দো বিধান দো প্ৰধান অৰ দো
নিচান নেহি চালেগা।" লগতে
তেখেতে ২৬ জুন ১৯৫২ ৰ লোকসভাৰ ভাষণত নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে । কিন্তু তেখেতৰ
স্পষ্টতা আৰু দেশপ্ৰেমক কিছুমানে পচন্দ কৰা নাছিল আৰু সেয়েহে তেখেতে যেতিয়া
কাশ্মীৰত অনশন কাৰ্যসূচীৰ স্থিতি চাবলৈ যায় তেতিয়া তেওঁক তাত বন্দী কৰি লয় আৰু ২২
জুন ১৯৫৩ ত তেখেতৰ জম্মু কাশ্মীৰত মৃত্যু হয় । তেখতৰ মৃত্যুৰ কাৰণ এতিয়াও এক
প্ৰকাৰৰ ৰহস্যয়ে হৈ আছে।
২২ জুন তাৰিখে শ্যাম প্ৰসাদ মুখাৰ্জীৰ শৰীৰৰ মৃত্যু হৈছিল
কিন্তু তেখেতৰ আদৰ্শ, তেখেতৰ সপোনৰ মৃত্যু হোৱা নাছিল। ভাৰতীয় জন সংঘ এতিয়াও জীয়াই
আছিল।
৩৫ (ক) ৰ খেল
ইয়াৰ মাজতে কাশ্মীৰত নিৰ্বাচন আৰম্ভ হয়। কাশ্মীৰী জনসাধাৰণৰ
মাজত শেখ আব্দুলা নায়ক হৈ পৰিছিল আৰু সেয়েহে ১৯৫১ ৰ নিৰ্বাচনত তেখেতে ৭৫ খন আসনৰ
ভিতৰত ৭৫ খন আসনে পায়। তাৰ পিচৰেপৰা শেখ আব্দুলা হৈ পৰে কাশ্মীৰৰ শাসক। কাশ্মীৰত
বৃহৎ দুৰ্নীতি আৰম্ভ হয়। শ্যাম প্ৰসাদ মুখাৰ্জীক কাশ্মীৰত গ্ৰেপ্তাৰ কৰা হয়।
আব্দলায়ে সাম্প্ৰদায়িক মূলক ভাষণ দিব ধৰিছিল। মানুহে ঠিকে কয় ক্ষমতা অহাৰ পিচতহে
মানুহৰ আছল স্বৰুপ উলাই পৰে। আব্দলায়ে নিজ ইচ্চা অনুসৰি চৰকাৰ চলাই আছিল। কিন্তু
বেচি দিন তেখেতে শাসন কৰিব নোৱাৰিলে। Kashmir Conspiracy Case ত ৮ আগষ্ট ১৯৫৩ ত তেখেতক
গ্ৰেপ্তাৰ কৰা হয় আৰু কাশ্মীৰৰ প্ৰধানমন্ত্ৰী হয় বাকচি গুলাম মহম্মদ। শেখ আব্দুলাৰ
গ্ৰেপ্তাৰীৰ পিচতে কাশ্মীৰক সহায়ৰ নামত ধ্বংস কৰিবলৈ আগবাঢ়ি আহে পাকিস্তান।
পাকিস্তানে বিভিন্ন অস্ত্ৰ শস্ত্ৰ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰে যাতে কাশ্মীৰত
অৰাজকতা সৃষ্টি হয়। সেই সময়ত কাশ্মীৰত সংবিধান ৰচনাৰ কাম চলি আছিল (৩১ অক্টোবৰ
১৯৫১ - ১৭ নবেম্বৰ ১৯৫৬)। ইয়াৰ মাজতে ৩৭০ ৰ লগত এটা গুৰুত্বপূৰ্ণ অধ্যায়
সন্নিবিষ্ট কৰা হয় আৰু সেইটো হল অনুচ্ছেদ ৩৭০ ৰ শৰীৰ, ধাৰা ৩৫ (ক)। ৩৭০ ৰপৰায়ে
ইন্ধন পাইছিল ৩৫ (ক) য়ে । ৩৫ (ক) ৰ কিছুমান বিশেষ বিন্দু হল ,
১)
নাগৰিক সকলোক বিশেষ অধিকাৰ প্ৰদান কৰা ।
২) ডা. ৰাজেন্দ্ৰ প্ৰসাদে ১৯৫৪
চনত এই বিলখনক চহী কৰে ।
৩) ১৪
মে ১৯৫৪ বা তাৰ আগতে যি সকল কাশ্মীৰত আছিল সেই সকলেহে কাশ্মীৰৰ স্থায়ী বাসিন্দা হব
। সিহতক Permanent Residential Certificate ও দিয়া হব । (কিন্তু ইয়াৰ আগতে ১৯৫৪ ৰ ঠাইত ১৯২১ হে আছিল
যিতু ৰজা হৰি সিংয়ে স্থানীয় সংখ্যা গৰিষ্ঠ লোকৰ
অনুৰোধত প্ৰৱৰ্তন কৰিছিল । এই ৩৫ (ক) ৰ ফলত ১৯৭১ ত নিজৰ প্ৰাণ ৰক্ষা কৰি অহা বহুতো
শৰণাৰ্থীয়ে এতিয়াও কাশ্মীৰৰ শৰণাৰ্থী শিবিৰত কোনো সুবিধা নোপোৱাকৈ জীৱন নিৰ্বাহ
কৰি আহিছে।)
৪) PRC নথকাবোৰে ভোটদানৰ সুবিধাও
নাপাই ।
৫)
কাশ্মীৰৰ বাহিৰৰ ৰাজ্যৰ কোনো লোকে কোনো চৰকাৰী সুবিধা নাপায় ।
এই দুয়োখন আইনে যদিও কাশ্মীৰৰ লোক সকলোক কিছুমান সুবিধা
দিছিল কিন্তু বহুতো ক্ষতি সাধন কৰিছিল ।
১)
কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ কম । কেন্দ্ৰীয় চৰকাৰৰ সুবিধাৰপৰা কাশ্মীৰী সকল
বঞ্চিত থাকিব লগীয়া হৈছিল ।
২)
অপৰাধ কম হলেও সন্ত্ৰাসবাদ বাঢ়িছিল ।
৩)
নিবনুৱা সমস্যা বাঢ়িছিল ।
৪)
দুৰ্নীতি বহুত বেচি আছিল । ভ্ৰষ্টাচাৰে নিজৰ সীমা চেৰাই গৈছিল।
৫) GDP বহুত কম আছিল ।
৬)
শিক্ষাৰ উন্নীতকৰণ নাছিল ।
৭)
দলিত সম্প্ৰদায়ৰ কাৰণে কোনো সুবিধা নাছিল। ১৯৫৭ চনত চাফ-চিকুণ কাম কৰিবলৈ বালমিকি
সম্প্ৰদায়ৰ দলিত লোকসকলক কাশ্মীৰত আনিছিল। চৰকাৰে সিহতক কাশ্মীৰৰ নাগৰিকত্ব দিবলৈ সাজুও হৈছিল । কিন্তু এটা
চৰ্ত আছিল। বালমিকি সকলোৰ আহিবলগীয়া সকলো প্ৰজন্ময়ে যিমান শিক্ষিত নহয়ক কিয় কেৱল
চাফ-চিকুণৰ কামহে কৰিব । আন একো কামে কৰিব নোৱাৰে।
৮)
সংখ্যালঘু সকলোৰ ওপৰত অত্যাচাৰ হৈছিল। বিশেষকৈ কাশ্মীৰ অঞ্চলত। ইয়াৰ উদাহৰণ ১৯৮৯ ত
পোৱা যায় ।
ইতিহাসৰ পূনাৰাবৃতি
অনুচ্ছেদ ৩৭০ য়ে কেৱল মুষ্টিমেয় লোককহে খাদ্য যোগান ধৰি
আহিছিল। আৰু সেই মুষ্টিমেয় লোকৰ কিছুমানে কাশ্মীৰৰ সাধাৰণ ৰাইজক ভাৰত বিৰোধী কামৰ
বাবে উৎসাহ দিছিল। ভাৰতৰপৰা সকলো সুবিধালৈ ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰি পাকিস্তানৰ
গুণগান গাইছিল। কাশ্মীৰত আকৌ ৩৭০ ৰ গৰ্ভৰপৰা চিকান্দাৰ শাহ মিৰৰ জন্ম হয়
যিয়ে ক্ষমতাত আহে ১৯৮৯ ত।
১৯৬৪ ত কেন্দ্ৰীয় চৰকাৰে শেখ আব্দুলাৰ ওপৰৰপৰা প্ৰতিবাদবোৰ
উঠাই লয়। আব্দুলা ১১ বচৰৰ পিচত (মাজতে কেইবাবাৰো উলাই আহিছিল।) উলাই আহে আৰু গুলাম
মহম্মদ চাদিক আৰু চৈইদ মিৰ কাজিমৰ পিচত ১৯৭৫ ত কাশ্মীৰৰ মুখ্যমন্ত্ৰী হয়।
ইয়াৰ মাজতে ১৯৭১ ত ভাৰত পাকিস্তানৰ যুদ্ধ হয় আৰু সেই যুদ্ধত পাকিস্তান পৰাস্ত
হৈ ১৯৭২ ত পাকিস্তানে Simla Agreement ত হস্তাক্ষৰ কৰে। যত লিখা আছিল কাশ্মীৰ
সমস্যাত কোনো তৃতীয় পক্ষক সোমাবলৈ দিয়া নহব। ইয়াৰ পিচতে ইন্দিৰা গান্ধী আৰু শেখ
আব্দুলাৰ মাজত ১৯৭৪ ত Indira-Sheikh Accord হস্তাক্ষৰ হয়। যত কাশ্মীৰৰ প্ৰধানমন্ত্ৰীক
মুখ্যমন্ত্ৰী আৰু চাদাৰ-ই-ৰিয়াসতক ৰাজ্যপাল কৰি দিয়ে। লগতে ইয়াত আন বিন্দু কিছুমানো
সংলগ্ন হয়। কিন্তু কাশ্মীৰত দুৰ্নীতি আৰু সন্ত্ৰাসবাদ বন্ধ নহয়। ২৬ মাৰ্চ ১৯৭৭
ৰপৰা ৯ জুলাই ১৯৭৭ লৈকে ৰাজ্যপাল শাসণ চলে। পিচত আকৌ শেখ আব্দুলা মুখ্যমন্ত্ৰী হয়।
প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো নিৰ্বাচনতে হোৱা দুৰ্নীতিৰ বাবেয়ে ভাৰতীয় লোকতন্ত্ৰৰ
ওপৰত কাশ্মীৰৰ সাধাৰণ ৰাইজে বিশ্বাস হেৰুৱাব ধৰিছিল। ইয়াৰ লাভ লৈ চুবুৰীয়া দেশ
পাকিস্তানে কাশ্মীৰৰ নাগৰিকক সন্ত্ৰাসবাদী হবলৈ উৎসাহ দিছিল আৰু পাকিস্তানে সিহঁতৰ
শুভাকাংক্ষী বুলি ভ্ৰমিত কৰিব ধৰিছিল। ফলত সেই নাগৰিকৰ কিছু সংখ্যকৰ দৃষ্টিত ৰাষ্টাৰ
বাল্বটো সূৰ্য্যতকৈও বেচি উজ্জ্বল হৈ পৰিছিল।
১৯৭৯ ৰ ঘটনা। USSR ৰে আফগানিস্তান আক্ৰমণ কৰে।
তেতিয়া আমেৰিকা আৰু পাকিস্তানে আফগানী মুজাহিদীন সকলোক ভৰ্তি কৰোৱা, প্ৰশিক্ষণ দিয়া, সশস্ত্ৰ বনোৱা আদিত সহায় কৰিব
ধৰিছিল। ফলত মুজাহিদীন সকলোৰ সংখ্যা ইমানে বাঢ়িল যে সিহতৰ ওপৰত পাকিস্তান
আৰু আমেৰিকাই নিয়ন্ত্ৰণ হেৰুৱাই পেলালে। আৰু সিহতে কেৱল পাকিস্তান বা
আফগানিস্তানতে সন্ত্ৰাস সৃষ্টি কৰা নাছিল কাশ্মীৰকো এখন ইছলামিক দেশ বনাব
বিচাৰিছিল। আৰু সিহত এতিয়াও সেই উদ্দেশ্য আগত ৰাখিয়েই কাম কৰি আছে।
১৯৮২ চনত শেখ আব্দুলাৰ মৃত্যুৰ পিছত তেখেতৰ সন্তান ফাৰুক
আব্দুলা মুখ্যমন্ত্ৰী হয়। কিন্তু তেখেত আৰু ইন্দিৰা গান্ধীৰ সম্পৰ্ক ভাল নাছিল।
তাৰ ফলস্বৰূপে ১৯৮৪ ৰ নিৰ্বাচনত কংগ্ৰেছ আৰু নেচনেল কনফ্ৰেনচৰ মাজৰ মিত্ৰতা ভংগ
হয়। ফাৰুক আব্দুলায়ে শেখ আব্দুলাৰ নিচিনাকৈয়ে কাশ্মীৰত বেচি স্বায়ত্তশাসন আনিব
বিচাৰিছিল। ইপিনে ১৯৮০ ত
ভাৰতীয় জন সংঘৰ ঠাইত অতল বিহাৰী বাচপায়ৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি)
জন্ম হয়। বহুতো উদ্দেশ্যৰ লগতে শ্যাম প্ৰসাদ
মুখাৰ্জীৰ সপোন আগত ৰাখি কাম আৰম্ভ কৰে। ১৯৮৪ ৰ নিৰ্বাচনত কেৱল দুটা আসনেৰে
বিজেপিয়ে লোকসভাত প্ৰবেশ কৰে।
এই ১৯৮৪ ৰ নিৰ্বাচনৰ কেইদিনমান আগতেয়ে ইন্দিৰা গান্ধীৰ হত্যা
কৰা হয়। আৰু তেখেতৰ ঠাইত তেখেতৰ সন্তান ৰাজীব গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা
কৰি দেশৰ প্ৰধানমন্ত্ৰী হয়। ইফালে কাশ্মীৰৰ মুখ্যমন্ত্ৰী হয় গুলাম মহম্মদ সাহ।
কিন্তু পৰিস্থিতি আকৌ বেয়া হব ধৰে আৰু সেয়েহে ৬ মাৰ্চ ১৯৮৬ ৰপৰা ৭ নবেম্বৰ ১৯৮৬ লৈ
আকৌ ৰাজ্যপাল শাসন প্ৰৱৰ্তন হয়। ইয়াৰ পিচত আকৌ কংগ্ৰেছ আৰু নেচনেল কনফ্ৰেনচৰ মাজত
মিত্ৰতা হয়। আৰু নিৰ্বাচনত জয়যুক্ত হৈ কেন্দ্ৰত ৰাজীৱ গান্ধী আৰু কাশ্মীৰত ফাৰুক
আব্দুলাৰ ৰাজত্ব হয়। এই নিৰ্বাচনৰ ঘোৰ বিৰোধিতা কৰিছিল কাশ্মীৰৰ Muslim
United Front ৰ লগতে
Jammu Kashmir Liberation Front (JKLF) তে। সিহতৰ মতে নিৰ্বাচনত
যথেষ্ট গোলমাল হৈছে আৰু ইয়াৰ পৰাই কাশ্মীৰৰ ইতিহাস সম্পূৰ্ণৰুপে সলনি হব ধৰে। যি
উগ্ৰপন্থী নামৰ শিপা ডালে লাহে লাহে গড়লৈ উঠিব ধৰিছিল সেই শিপাডালক পানী যোগান
ধৰাৰ কাম কৰিছিল এই দুৰ্নীতিগ্ৰস্ত নিৰ্বাচনটোয়ে। এই নিৰ্বাচনটোয়ে জন্ম দিয়ে
হিয্ব-উল-মুজাহিদিনৰ প্ৰমুখ চেয়াদ চাল্লাহ উদ্দীনৰ নিচিনা উগ্ৰপন্থীৰ। পৰিস্থিতি
ভয়ানক হৈ পৰে। আফগানী মুজাহিদীন আৰু পাকিস্তানী উগ্ৰপন্থী সকলো কাশ্মীৰত জপিয়াই
পৰে। শাসন ব্যৱস্থা নোহোৱা হৈ পৰে, ন্যায় ব্যৱস্থা নোহোৱা হৈ
পৰে। ফলত ৬০০ বচৰ পিচত জানুৱাৰী ১৯৯০ ত সন্ত্ৰাসবাদীৰ ৰুপত চিকান্দাৰ সাহ মিৰৰ
ক্ষমতাৰ ইতিহাসৰ পুনৰাবৃত্তি হয়। এক প্ৰচণ্ড ধুমুহা কাশ্মীৰত বিয়পি পৰে। সেই
ধুমুহায়ে কাশ্মীৰী পণ্ডিত সকলোক অতি নিষ্ঠুৰভাৱে নিশেষ কৰি দিয়ে। প্ৰায় ৩ লাখ
কাশ্মীৰী পণ্ডিত ৰাতিৰ ভিতৰতে নিজৰ ঘৰ মাটি এৰি অন্য ৰাজ্যলৈ পলায়ণ কৰিবলৈ বাধ্য
হৈ পৰে। যিদৰে বাধ্যহৈ পৰিছিল ৬০০ বচৰ আগতে। আৰু যিবোৰে থাকি যায় সিহঁতৰ নৃশংস
অৱস্হা হয়। সিহতৰ পক্ষে মাত মাতিবপৰা ক্ষমতা কাৰো নাছিল। ইতিহাস বৰ নিষ্ঠুৰ ই
বিভিন্ন ৰুপত পুনৰাবৃত্তি হবয়ে। অৱশেষত, বহুতো কাশ্মীৰী পণ্ডিতৰ মৃত্যুৰ পিছত
কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰত বৃহৎ পৰিমাণৰ আৰ্মী পঠাই আৰু ৰাজ্যপাল যগমোহন
মালহত্ৰাই ১৯৯০ ত ৰাজ্যপাল শাসনৰ ঘোষণা কৰে। এই শাসন ১৯৯৬ লৈ থাকে। এই
নৃশংস অৱস্থাৰ প্ৰধান কাৰণ যদি চোৱা যায় তেতিয়া সম্মুখত স্পষ্ট ভাবে আহি পৰিব
অনুচ্ছেদ ৩৭০। অনুচ্ছেদ ৩৭০ কেঞ্চাৰৰ নিচিনাকৈ জম্মু কাশ্মীৰত বিয়পি আছিল, যিয়ে
নিজৰ স্বৰুপ দেখুৱাই ১৯৮৯ ত। ভাৰতৰ প্ৰতিখন ৰাজ্য অসহায় হৈ পৰিছিল কেৱল ভাৰতৰে নহয়
কাশ্মীৰৰ সাধাৰণ জনতাও অসহায় হৈ পৰিছিল। এই অনুচ্ছেদ ৩৭০ য়ে ১৯৪৯ ৰপৰায়ে
সন্ত্ৰাসবাদীৰ শিপাডাল মজবুত কৰি আহিছিল। বিভিন্ন সন্ত্ৰাসবাদীৰ সৃষ্টি কৰি
আহিছিল। পাকিস্তানৰ স্বৰুপো উলাই পৰিছিল।
১৯৯৬ ত আকৌ নিৰ্বাচন হল আকৌ আব্দুলাৰ চৰকাৰ আহিল। কিন্তু সমস্যা নকমিল। কাশ্মীৰত সন্ত্ৰাসবাদীৰ সংখ্যা বাঢ়িল আৰু লগতে সিহতৰ লগত যুঁজিবলৈ বাঢ়িল আৰ্মীৰ সংখ্যা। মাজত ফাচিল জম্মু কাশ্মীৰৰ সাধাৰণ জনতা; যিসকলক সন্ত্ৰাসবাদীক বন্ধু আৰু ভাৰতীয় সৈন্যক শত্ৰু বুলি ভাবিব শিকাইছিল। আৰু সিহতক আকাশ চুম্বী ভাৰত বিৰোধী ভাষণেৰে হাতত শিল আৰু বন্দুক তুলি দিয়া কাম কৰিছিল কিছুমান নেতায়ে। যি নেতা সকলে কাশ্মীৰী সকলোক হাতত বন্দুক লব কৈ নিজৰ লৰা ছোৱালীক বিদেশত থাকিব কয়। কাশ্মীৰ ঘাটিত প্ৰকৃত অৰ্থত সন্ত্ৰাসবাদ কমাবলৈ চেষ্টা কৰিছিল কেৱল ভাৰত চৰকাৰেহে আৰু ইয়াৰে ভিতৰত অতল বিহাৰী বাজপায়ৰ নীতি সমুহৰ ফলত ২০১২ লৈকে কাশ্মীৰত সন্ত্ৰাসৰ পৰিমাণ বহুত কমি গৈছিল। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰ্মীয়ে বহুতো সফল Operation অবলম্বন কৰিছিল। কিন্তু পৰিস্থিতি আকৌ বেয়া হবলৈ ধৰে ২০১৩ ৰপৰা। কিন্তু ইতিহাসে যিদৰে সময়ে সময়ে নিজৰ নিষ্ঠুৰৰুপ দেখাই ঠিক সেইদৰে ই নিজৰ কৰুণৰুপটোও নেদেখোৱাকৈ নেথাকে।
১৯৯৬ ত আকৌ নিৰ্বাচন হল আকৌ আব্দুলাৰ চৰকাৰ আহিল। কিন্তু সমস্যা নকমিল। কাশ্মীৰত সন্ত্ৰাসবাদীৰ সংখ্যা বাঢ়িল আৰু লগতে সিহতৰ লগত যুঁজিবলৈ বাঢ়িল আৰ্মীৰ সংখ্যা। মাজত ফাচিল জম্মু কাশ্মীৰৰ সাধাৰণ জনতা; যিসকলক সন্ত্ৰাসবাদীক বন্ধু আৰু ভাৰতীয় সৈন্যক শত্ৰু বুলি ভাবিব শিকাইছিল। আৰু সিহতক আকাশ চুম্বী ভাৰত বিৰোধী ভাষণেৰে হাতত শিল আৰু বন্দুক তুলি দিয়া কাম কৰিছিল কিছুমান নেতায়ে। যি নেতা সকলে কাশ্মীৰী সকলোক হাতত বন্দুক লব কৈ নিজৰ লৰা ছোৱালীক বিদেশত থাকিব কয়। কাশ্মীৰ ঘাটিত প্ৰকৃত অৰ্থত সন্ত্ৰাসবাদ কমাবলৈ চেষ্টা কৰিছিল কেৱল ভাৰত চৰকাৰেহে আৰু ইয়াৰে ভিতৰত অতল বিহাৰী বাজপায়ৰ নীতি সমুহৰ ফলত ২০১২ লৈকে কাশ্মীৰত সন্ত্ৰাসৰ পৰিমাণ বহুত কমি গৈছিল। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰ্মীয়ে বহুতো সফল Operation অবলম্বন কৰিছিল। কিন্তু পৰিস্থিতি আকৌ বেয়া হবলৈ ধৰে ২০১৩ ৰপৰা। কিন্তু ইতিহাসে যিদৰে সময়ে সময়ে নিজৰ নিষ্ঠুৰৰুপ দেখাই ঠিক সেইদৰে ই নিজৰ কৰুণৰুপটোও নেদেখোৱাকৈ নেথাকে।
২০১৪ ত কেন্দ্ৰত নৰেন্দ্ৰ দামোদৰ মোদীৰ নেতৃত্বত ভাৰতীয়
জনতা পাৰ্টীৰ উদয় হয়। সমগ্ৰ ভাৰতৰ লগতে কাশ্মীৰৰ সমস্যাত হেৰাই যোৱা জম্মু আৰু
লাদ্দাকেও আশাৰ ৰেঙনি দেখিব ধৰে। কিন্তু কাশ্মীৰত উগ্ৰপন্থীৰ উৎপাত বাঢ়িব ধৰে।
কাশ্মীৰৰ কিছুমান নেতায়ে উদণ্ড ভাষণেৰে ডেকা চামক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা
কৰে। ধৰ্মৰ নামত কট্টৰতা বাঢ়িব ধৰে। মোদী চৰকাৰৰ কৰিবলগীয়া বহুত আছিল কিন্তু সময়
আছিল মাত্ৰ পাচ বচৰ। ইপিনে ২০১৫ ত কাশ্মীৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ লগত
মিত্ৰজোত কৰি People Democratic Party জয় হয়। ভাৰতীয় জনতা পাৰ্টী
আৰু PDP ৰ বিচাৰ ধাৰা সম্পূৰ্ণ ভিন্ন আছিল। কিন্তু মোদী চৰকাৰৰ চকু
বৰ্তমানত নহয় ভবিষ্যৎত আছিল। মোদী চৰকাৰে কাশ্মীৰ সমস্যা আৰু পাকিস্তানৰ হস্তক্ষেপ, চীনৰ দৃষ্টি, আমেৰিকাৰ বাহাদুৰি, OIC
(Operation of Islamic Corporation) ৰ দৃষ্টি, আৰু আটাইতকৈ ডাঙৰ বিষয় ৰাষ্ট্ৰীয়
সংঘৰ দৃষ্টি এই সকলোৰে বিষয় ভালদৰে পৰিচিত আছিল। সেয়ে মোদী চৰকাৰে প্ৰথমে
আন্তঃৰাষ্ট্ৰীয় মহলত নিজৰ দবদবা বনালে। সকলোৰে লগত ভাৰতৰ সম্পৰ্ক বেচি মধুৰ
কৰিবলৈ ধৰিলে। ইয়াৰ ফলস্বৰূপে OIC ৰপৰা ভাৰতক নিমন্ত্ৰণো দিয়া হৈছিল আৰু
পূৰ্ব বিদেশ মন্ত্ৰী স্বৰ্গীয় সুষমা স্বৰাজজী তাত উপস্থিতও হৈছিল। সকলো স্থিতি
নিজৰ হাতত অহাৰ পিছত মোদী চৰকাৰে কেৱল অপেক্ষা কৰিছিল শুদ্ধ সময়ৰ। আৰু যেতিয়া আহিল
তেতিয়া হাতৰপৰা যাব নিদিলে।
২০১৮ ত যেতিয়া BJP য়ে বিভিন্ন কাৰণত People
Democratic Party ৰপৰা সমৰ্থন ঘুৰাই লয় তেতিয়া জম্মু কাশ্মীৰত চৰকাৰ ভংগ হয়
আৰু সেই বাবে ৰাজ্যপাল নাৰিন্দৰ নাথ বোহৰায়ে ২০ জুন ২০১৮ ত ৰাজ্যপাল শাসন লগাই
দিয়ে। জম্মু
কাশ্মীৰ সংবিধানৰ অনুচ্ছেদ ৯২ ত লিখা আছে যে জম্মু কাশ্মীৰত ৰাজ্যপাল শাসন ৬ মাহৰ
কাৰণে লাগিব। এই সময়চোৱাত বিধানমণ্ডলৰ সকলো ক্ষমতা ৰাজ্যপালৰ হাতত থাকিব। ৬ মাহত
চৰকাৰ গঠন নহলে বা পৰিস্থিতি নিয়ন্ত্ৰণ নহলে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হব। সেয়েহে
৬ মাহ পিছত চৰকাৰ গঠন নোহোৱা দেখি ৰাজ্যপাল সত্য পাল মালিকে (২৩ আগষ্ট ২০১৮ ত
নাৰিন্দৰ বোহৰাৰ ঠাইত সত্য পাল মালিক ৰাজ্যপাল হয়) ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক
ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিবলৈ অনুৰোধ কৰে । ফলত ২০ দিচেম্বৰ ২০১৮ ত জম্মু
কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন আৰম্ভ হয়। আৰু জম্মু কাশ্মীৰৰ বিধানমণ্ডলৰ সকলো
শক্তি কেন্দ্ৰীয় সংসদত আহি পৰে। এতিয়া বিজেপিয়ে কেৱল ২০১৯ ৰ নিৰ্বাচনত জয়যুক্তৰ
অপেক্ষাত আছিল। বিজেপি জয়যুক্ত হল। অৰ্থাৎ ৬০০ বচৰৰ পিচত বোদ্ধ শাহৰ শাসনৰ ইতিহাস
পুনৰাবৃত্তি হবলৈ গৈ আছিল।
২৮ জুন ২০১৯ ত অমিত সাহে জম্মু কাশ্মীৰৰ পৰিস্থিতি দেখি আৰু
৬ মাহৰ বাবে ৰাষ্ট্ৰপতি শাসন বঢ়াবলৈ প্ৰস্তাব আনে আৰু সংসদত পাচ হৈ যায়। এতিয়া
সময় আহি পৰিল অনুচ্ছেদ ৩৭০ ৰ উপখণ্ড ৩ ৰ প্ৰয়োগৰ যত লিখা আছে "Not
withstanding anything in the foregoing provisions of this article, the
President may, by public notification, declare that this article shall cease to
be operative or shall be operative only with such exceptions and modifications
and from such date as he may specify". অৰ্থাৎ "পূৰ্ববৰ্তী বিধানত যিয়ে লিখা
নাথাকক কিয় ৰাষ্ট্ৰপতিয়ে ৰাজহুৱা আদেশেৰে এইটো ঘোষণা কৰিব পাৰে যে এই ধাৰা (৩৭০)
কিছুমান অপবাদ বা সংশোধনী এৰি দিলে সমাপ্ত হৈ যাব। কিন্তু ইয়াৰ এটা চৰ্ত আছে যে
ইয়াৰ কাৰণে ৰাজ্যৰ সংবিধান সভাৰ অনুমতি লাগিব।" কিন্তু জম্মু কাশ্মীৰৰ
সংবিধান সভা ১৯৫৭ ত ভংগ হৈ যায় আৰু তাৰ ঠাই লয় বিধানসভায়ে। সেয়েহে এইতো কোৱা
অৰ্থহীন হব যে সংবিধান সভা নাই বাবে ৩৭০ গুচাবপৰা নাজাব। গতিকে বিধান সভাৰ অনুমতিৰ
প্ৰয়োজন আছিল। কিন্তু জম্মু কাশ্মীৰত বিধানসভা ভংগ হৈছে ৰাজ্যপালৰপৰা ৰাষ্ট্ৰপতি
শাসন চলি আছে গতিকে জম্মু কাশ্মীৰৰ বিধানসভাৰ ঠাই লৈছে ৰাজ্যসভা আৰু লোকসভাই। ইয়াত বিল
পাছ হৈ যোৱাৰ পিছত জম্মু কাশ্মীৰৰ ৰাজ্যপালৰ অনুমতিৰ প্ৰয়োজন হব আৰু পাছহৈ অহা বিল
এখন ৰাজ্যপালে অসমৰ্থ কৰাৰ কোনো প্ৰশ্নয়ে নুঠে। গতিকে এতিয়া কেন্দ্ৰীয় সংসদৰ সময়
আছিল। ৫ আগষ্ট ২০১৯ ত অমিত সাহে ৰাজ্যসভাত জম্মু কাশ্মীৰ পুনৰগঠন বিল (Jammu
Kashmir Reorganisation Bill) আনে আৰু বহুতো উখল মাখল পৰিবেশৰ মাজত ৬১ টা বিৰোধ আৰু ১২৫ টা
সমৰ্থনেৰে বিল পাচ হৈ যায়। ইয়াত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দজীয়েও অনুচ্ছেদ
৩৭০ ৰ উপখণ্ড ১ ৰ জৰিয়তে এই বিলখন মঞ্জুৰি দি দিয়ে। ইয়াৰ পিছত সময় আহিল লোকসভাৰ
যত বিজেপিৰ বহুমত আছে। ৬ আগষ্ট ২০১৯ ত বিল পাছ হল। ইয়াৰ পিচতে ৩৭০ ৰ খণ্ড ১ এৰি ৩৫
(ক) ধৰি সকলো খণ্ডৰ অস্তিত্ব নোহোৱা হৈ পৰিল। জম্মু কাশ্মীৰ ৰাজ্যৰ দুটা ভাগ হল। নিজৰ অস্তিত্ব হেৰাই
পেলোৱা লাদ্দাক হল বিধানমণ্ডল ৰহিত কেন্দ্ৰীয় শাসিত প্ৰদেশ আৰু জম্মু কাশ্মীৰ হল
বিধানমণ্ডলীয় কেন্দ্ৰীয় শাসিত প্ৰদেশ। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এইটোও কৈছে
যে পিছলৈ কেন্দ্ৰীয় শাসিত অঞ্চৰপৰা ৰাজ্যত পৰিৱৰ্তিত কৰি দিয়া হব।
এক ইতিহাসৰ সুচনা হল। এক অভিলেখ সৃষ্টি হল। ১৯৫১ চনত
শ্যাম প্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় জন সংঘৰ মাধ্যমেৰে আৰম্ভ কৰা প্ৰচেষ্টা ২০১৯ ত
ভাৰতীয় জনতা পাৰ্টীয়ে কাৰ্য্যত পৰিণত কৰিলে । বহু বচৰ অপেক্ষা কৰিব লগা হল।
বহু জোৱান স্বহীদ হব লগা হল। প্ৰায় ৪২ হাজাৰ লোক নিহত হল। কেৱল কিছুমান নেতাৰ
কাৰণে যিয়ে ৩৭০ গুচাবলৈ বিচৰা নাছিল। এই ৩৭০ ধাৰাৰ কোনো প্ৰয়োজনীয়তা নাছিল। Instrument
of Accession ত ৰজা
হৰি সিং আৰু মাউন্টবেটনৰ চহীৰে সম্পুৰ্ণ কাশ্মীৰ ভাৰতৰ অধীনত আহি যায়। ইয়াত
কাশ্মীৰক ৩৭০ ৰ নিচিনা বিশেষ অধিকাৰ দিয়াৰ কোনো প্ৰয়োজনীয়তাও নাছিল। সেই সময়ৰ
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদেও এই কথাটোকে কৈছিল। কিন্তু এজন দুজন লোকক সন্তুষ্ট
কৰিবলৈ ৰূপায়ন কৰা হল ধাৰা ৩৭০। নেহৰুজীয়ে ভাবিছিলে সময়ৰ
সোঁতত ৩৭০ ও বৈ যাব। সময়ৰ সোতটো বৈ গৈ থাকিল কিন্তু ৩৭০ য়ে নদীত এটা দ্বীপৰ
নিৰ্মাণ কৰি গৈ থাকিল। যি দ্বীপে নদীৰ মাজত পুখুৰীৰ নিৰ্মাণ কৰিব ধৰিছিল। নদীৰ পানী
ৰুধিব বিচাৰিছিল। আৰু যেতিয়াই সেই দ্বীপক ভাঙিবলৈ চেষ্টা কৰা হয় তেতিয়াই দ্বীপ
নিৰ্মাণৰ সপোন দেখা সকলোৰ শুভাকাংক্ষী সকলে জাঙুৰ খাই উঠে। দ্বীপত ৰাখি থোৱা
বিভিন্ন বিশুদ্ধ পদাৰ্থৰে পানী বিশুদ্ধ কৰিবলৈ চেষ্টা কৰে আৰু কয় নদীয়ে আমাৰ
অস্তিত্ব নোহোৱা কৰিব বিচাৰিছে। এই নদী আমাৰ শত্ৰু আৰু আমাৰ মিত্ৰ হল ওচৰতে বৈ যোৱা দ্ৰেনটো। সেই পুখুৰীটোৰ জীৱ
সমুহৰ কিছুমানে তাকে সত্য বুলি ভাবি বিৰোধ পৰিদৰ্শন কৰিব ধৰে। আৰু সেই শুভাকাংক্ষী
সকলে প্ৰথমে দ্ৰেনত লুতুৰি পুতুৰি হৈ পুখুৰী লেতেৰা কৰাৰ নামত টকা ঘটিব তাৰ পিছত
পুখুৰীত জপিয়াই নিজৰ গাটো চাফা কৰি পুখুৰীৰ পানী লেতেৰা কৰি নদীত জপিয়াই পুখুৰী চাফা কৰাৰ
নামত টকা খুজিব আৰু সেই টকাৰে ৰজাৰ জীৱন অতিবাহিত কৰি নিজৰ লৰা ছোৱালীক বিষাক্ত
কৰি পেলোৱা পুখুৰীত নাৰাখি দূৰৰ নদীত বসতি কৰিবলৈ পঠাই দিয়ে। কিন্তু এতিয়া যেতিয়া
৩৭০ গুচাই দিয়া হৈছে সিহঁতৰ মুৰে কাম নকৰা হৈছে লগতে কাম নকৰা হৈছে দ্ৰেনটোৰ। কাৰণ
এতিয়া সিহতে পুখুৰিতো লেতেৰা কৰিব নোৱাৰিব। এতিয়া ৩৭০ গুচোৱাৰ পিছত দ্বীপটো লাহে
লাহে খহিব ধৰিছে। প্ৰথম অৱস্থাত পুখুৰীত থকা কিছুমান জীৱয়ে হয়টো ভয় খাব পাৰে কাৰণ
অত বছৰে সিহঁতক ভাৰত বিৰোধী বক্তব্যৰে ভয় খোৱাই অহা হৈছে কিন্তু কেইমাহ পিছত
যেতিয়া নদীৰ প্ৰকৃত স্বৰূপ দেখিব তেতিয়া সিহতে সকলো বুজি পাব। সিহতে বুজি পাব সিহত
এই নদিটোৰে প্ৰকৃত অংশ। সিহতে বুজি পাব অত বছৰে সিহঁতে নদীৰ নামত পুখুৰীত বসবাস
কৰিছিল আৰু বিষাক্ত নলাক নিজৰ ভাই বুলি ভাবিছিল।
বিজেপিয়ে ৩৭০ ক ন্যাস কৰিবলৈ সক্ষম হল কিন্তু বিজেপিৰ কাম
ইয়াতে শেষ হোৱা নাই। বৰং আৰম্ভয়ে হৈছে। কাশ্মীৰক উগ্ৰপন্থী আৰু দুৰ্নীতিমুক্ত
ৰাজ্য কৰাৰ লগতে এখন শান্তি আৰু উন্নয়নশীল ৰাজ্য কৰাৰ দায়িত্বও কিন্তু বিজেপিৰে।
অৱশ্যে ইয়াত কেৱল বিজেপি বুলি কলে ভুল হব কাৰণ এখন দেশৰ উন্নয়নত যিদৰে চৰকাৰৰ মুখ্য
ভুমিকা থাকে ঠিক সেই দৰে সেই দেশৰ ৰাইজৰো সহায় অবিহনে দেশ উন্নয়নৰ কল্পনা কৰিব
নোৱাৰি। ইয়াৰ বাবে প্ৰয়োজন হয় একতাৰ আৰু সেই একতাক ধৰি ৰাখিবলৈ প্ৰয়োজন হয়
বিশ্বাসৰ। চৰকাৰেও ৰাইজৰ বিশ্বাসত ঠিয় হব লাগিব আৰু ৰাইজেও চৰকাৰৰ ওপৰত বিশ্বাস
ৰাখিব লাগিব। মনত ৰাখিব বিশ্বাস আৰু একতা বিহীন সমাজত ১০০ জন জ্ঞানী মানুহ বসবাস
কৰিলেও সেই সমাজ কেতিয়াও উন্নত হব নোৱাৰে। কাৰণ তাত বিভেদৰ অস্ত্ৰয়ে বিভিন্ন পথৰ
নিৰ্মাণ কৰিব যি পথৰ কেতিয়াও মিলন নহয়।