Ads are here which will you like

Deepavali, the festival of lights - পোহৰৰ উৎসৱ দীপাৱলী | দীপাৱলীৰ বিষয় কিছুমান গুৰুত্বপূৰ্ণ তথ্য



Deepawali, the festival of lights - পোহৰৰ উৎসৱ দীপাৱলী । দীপাৱলীৰ বিষয় কিছুমান গুৰুত্বপূৰ্ণ তথ্য
Deepavali, the festival of lights - পোহৰৰ উৎসৱ দীপাৱলী । দীপাৱলীৰ বিষয় কিছুমান গুৰুত্বপূৰ্ণ তথ্য 

পোহৰৰ উৎসৱ দীপাৱলী। জ্ঞানৰ উৎসৱ দীপাৱলী। অন্ধকাৰৰ কলা চাউনি গুচাই পৃথিৱীখন পোহৰ কৰি তুলা উৎসৱ হয় দীপাৱলী। দীপাৱলী উৎসৱ হয় অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়ৰ।

দীপাৱলী উৎসৱ ভাৰতৰ অতি গুৰুত্বপুৰ্ণ উৎসৱ হয়। এই উৎসৱ নেপালতো অতি উৎসাহ আৰু উল্লাসেৰে পালন কৰা হয়। দীপাৱলী হয় পাচ দিনৰ উৎসএই উৎসৱ প্ৰতি বছৰৰ কাৰ্তিক (কাতি মাহ) কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ দিনৰপৰা আৰম্ভ হয় প্ৰতি এটা দিনত বিভিন্ন মহান কাৰ্য্য সম্পূৰ্ণ হৈছিল। সেই কাৰ্য্য সমূহ প্ৰমাণ হয়, অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয়ৰ। অর্থাৎ আপোনী কব পাৰে যে দীপাৱলী প্ৰতীক হয় অন্যায়ৰ অন্ধাকৰক গুচাই ন্যায়ৰ চাকীৰে এই জগতখন পোহৰাই তুলাল

দীপাৱালী উৎসৱৰ অৰ্থ আৰু গুৰুত্বপূৰ্ণ তথ্য

দীপাৱলী নামটো সংস্কৃতৰ দুটা শব্দৰপৰা উৎপন্ন হৈছে, দীপ যাৰ অৰ্থ চাকী(অর্থাৎ পোহৰ যি জ্ঞানৰ প্ৰতিক হয়) আৰু আনটো হৈছে আৱলী যাৰ অৰ্থ শৃক্ষলা অর্থাৎ দীপাৱলী হৈছে চাকী মানে জ্ঞানৰ শৃক্ষলা। ইয়াক দীপোৎসৱ বা দীৱালী বুলিও কোৱা হয়। ইয়াৰ ভিতৰত দীৱালী শব্দটো সৰ্বাধিক প্ৰয়োগ কৰা হয়। আনহাতে দীপাৱলীৰ অৰ্থয়ে আমাৰ দেশ ভাৰতৰ অৰ্থকো প্ৰতিফলিত কৰে। কাৰণ ভা ৰ অৰ্থ পোহৰ আৰু জ্ঞান আৰু আৰতী ৰ অৰ্থ সমৰ্পিতদীপাৱলী মানে পোহৰ আৰু জ্ঞানৰ শৃক্ষলা আৰু ভাৰত মানে পোহৰ আৰু জ্ঞানৰ ওপৰত সমৰ্পিত। অর্থাৎ দুয়োটা শব্দয়ে পোহৰ আৰু জ্ঞানৰ শৃক্ষলাক সমৰ্পনৰ কথা কয়।

দীপাৱলী উৎসৱৰ বিষয় ইতিহাসৰ কিছুমান তথ্য

দীপাৱলী দিনাখন কেইবাটাও মহান কাৰ্য্য সম্পূৰ্ণ হৈছিল সেয়েহে এইটো কবলৈ কঠিন হব যে দীপাৱলী প্ৰধানকৈ কোনটো সময়ৰপৰা পালন কৰি অহা হৈছে। কিন্তু এইটো নিশ্চিত যে ইয়াৰ ইতিহাস বহুত প্ৰাচীন। সময়ৰ সোতত দীপাৱলীত বহুতো মহান কাৰ্য্য সংঘতিত হল আৰু সেই কাৰ্য্য সমূহ উৎসৱ হিচাপে দীপাৱলীত সংলগ্ন হল। ধাৰণা আছে যে এই দীপাৱলীৰ দিনাখনে ৰাইজৰ কাৰণে নিজৰ জীৱন সমৰ্পিত কৰা ভগৱান শ্ৰীৰামে ৰাৱনৰ ৱধ কৰি নিজ ৰাজ্য আয়োধ্যা উভতি আহিছিল।

যদি আমি লিখিত তথ্যৰ কথা কও তেনেহলে দীপাৱলীৰ উল্লেখ পদ্ম পূৰাণ আৰু স্কন্দ পূৰাণত পোৱা যায়। শতাব্দী ৭ ত ৰজা হৰ্ষয়ে সংস্কৃত নাটক নাগনন্দত এই দীপাৱলীক দীপপ্ৰতিপাদু বুলি অভিহিত কৰিছে। এই দীপাৱলী দিনাখনে মাঁ লক্ষ্মী পূজাৰ লগতে মাঁ কালীৰ পূজাৰো বিধান আছে।

দীপাৱলী দিনাখন পালন কৰা পাচ দিন

১) দীপাৱলীৰ প্ৰথম দিনাখনক ধনতেৰচ (ধনতেৰস) হিচাপে পালন কৰা হয়। ধনতেৰচৰ দিনাখনে ভুগৱান ধন্ৱন্তৰি জন্ম হৈছিলে। কাৰ্তিক কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ দিনা ধনতেৰচ পালন কৰা কাৰণে ইয়াক ধনত্ৰয়োদশী বুলিও কোৱা হয়।

২) দীপাৱলীৰ দ্বিতীয় দিনক নৰক চতুৰ্দ্দশী নাইবা সৰু দীপাৱলী (চোটা দীপাৱলী) বুলি কোৱা হয়। ধাৰণা আছে যে ভগৱান শ্ৰীকৃষ্ণয়ে নৰকাসুৰ ৰাক্ষকক ৱধ কৰি সোল্ল হাজাৰ এশ কন্যাক মুকলি কৰি দিছিল। এই সৰু দীপাৱলীৰ দিনাখনে মৃত্যুৰ দেৱতা যমৰাজক কাৰণে চাকী জ্বলোৱাৰ বিধান আছে।

৩) দীপাৱলীৰ তৃতীয় দিনাখন লক্ষ্মী পূজা আৰু অসমৰ আৰু বাংগালৰ লগতে ভাৰতৰ কেইবা ঠাইতে কালী পূজা হিচাপে পালন কৰা হয়।

·         কালী পূজাঃ কাৰ্তিক কৃষ্ণ পক্ষৰ অমাৱশ্যাৰ ৰাতি কালী পুজা পালন কৰাৰ বিধান আছে। মাঁ কালীয়ে ৰক্টবীজ নামৰ অসুৰৰ ৱধ কৰি সংসাৰখনক অন্যায়ৰ অন্ধকাৰৰপৰা মুক্ট কৰিছিল।

·         লক্ষ্মী পূজাঃ এই দিনটোৰ কাৰণে মানুহে নিজৰ ঘৰ-দোৱাৰ চাফ-চিকুণ কৰি ৰাখে কাৰণ বিশ্বাস আছে যে এই দিনাখনে সম্পতিৰ দেৱী আৰু ভগৱান বিষ্ণুৰ পত্নী মাঁ লক্ষ্মীয়ে নিজৰ ভক্তসকলোক চাবলৈ সিহতৰ ঘৰলৈ আহে। এই কাৰণে ভক্তয়ে নিজৰ ঘৰ-দোৱাৰ চাফ-চিকুণ কৰি ৰাখে আৰু সন্ধিয়াৰ সময়ত চাকী-বন্তী জ্বলাই অমাৱশ্যাৰ কলা জগতখনক জ্ঞানৰ পোহৰৰে পোহৰাই তুলি মাঁ লক্ষ্মী আৰু মাঁ কালীৰ আৱাহন কৰে।

মাঁ কালীয়ে ঘৰখনক দুষ্ট শক্তিৰপৰা ৰক্ষা কৰে আৰু মাঁ লক্ষ্মীয়ে ঘৰখনক সমৃদ্ধিশালী কৰে। এইটো এজন মাঁৰ প্ৰতিচ্ছবি হয়, যিয়ে নিজৰ ঘৰখনৰ কাৰণে হাজাৰ ত্যাগ স্বীকাৰ কৰে আৰু অপশক্তিৰপৰা ঘৰখনক ৰক্ষা কৰি ঘৰখন সমৃদ্ধিশালী কৰে।

৪) দীপাৱলী চতুৰ্থ দিনাখনক এন্নকুত বা পডবা নাইবা গৌৱাৰ্ঘন পুজা নামেৰে জনা যায়।

৫) দীপাৱলীৰ পঞ্চম দিনাখনত ভাই দুজ উৎসৱ পালন কৰা হয়। এইটো ভাই-ভনীৰ উৎসৱ হয়।এই উৎসৱটোয়ে ভাই-ভনীৰ পৱিত্ৰ সম্পৰ্কক আৰু বেচি দৃঢ় কৰি তুলে। এই উৎসৱটোক বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নামেৰে জনা যায়। নেপালী মানহে এই উত্সৱক ভাই টিকা হিচাপে পালন কৰে। অন্য ঠাইত ইয়াক ভাই বীজ বা ভাই ফোনটা নামেৰেও জনা যায়।

দীপাৱলীৰ আলোচনা। দীপাৱলীৰপৰা Pollution হয়নে?

বহুত মানুহে দীপাৱলীৰ আলোচনা কৰে যে এই দিনাখন আৰু ইয়াৰ পিছত Pollution বহুত বেচি হয়। কিন্তু দৰাচলতে সেই Pollution ফটকাৰ নিচিনা সামগ্ৰীৰে হয়, যিতুক ফটকা Company বোৰে নিজৰ লাভৰ কাৰণে প্ৰচাৰ কৰে। দীপাৱলীটো পোহৰৰ উৎসৱ হয়, হাঁহী আৰু উল্লাসৰ উৎসৱ হয় মানুহৰ মনৰপৰা ভেদা-ভেদ আতৰ কৰি একটা স্হাপনৰ উৎসৱ হয়। যি উৎসৱ কেইবা হাজাৰ বচৰৰপৰা পালন কৰি অহা হৈছে। ফটকা ফুটাই Pollution উৎপন্ন কৰাটো চাগে কেইবচৰ মানৰপৰা আৰম্ভ হৈছে। মানুহ মনোৰঞ্জন প্ৰিয় হয়। সেই কাৰণে কিছুমান মানুহে ফটকাৰ প্ৰয়োগ কৰে, যাৰ ফলত Pollution ৰ মাত্ৰ বহুত বাঢ়ি যায়। কিন্তু মানুহে বুজি পোৱা হৈছে। এতিয়া মানুহে ৱাতাৱৰণৰ প্ৰতি বহুত সতৰ্কও হৈছে। সেই কাৰণে মানুহে ফটকাটকৈ মিঠাই আৰু অন্য সামগ্ৰী ক্ৰয় কৰাত নিজৰ টকা লগাই আছে। সেয়েহে দীপাৱলীৰ আলোচনা কৰাৰ আগতে ইয়াৰ মহত্বৰ বিষয় বুজিবলৈ যত্ন কৰাটো ভাল।

শুভ-কামনা

দীপাৱলী কেৱল এটা উৎসৱ নহয়। এইটো এটা পৰিচয় হয়। এইটো পৰিচয় হয় আমাৰ ইতিহাসৰ, এইটো পৰিচয় হয় আমাৰ সভ্যতাৰ, এইটো পৰিচয় হয় আমাৰ চিন্তা-ধাৰাৰ। জ্ঞান ৰুপি পোহৰৰ প্ৰতিক এই দীপাৱলীৰ শুভ ক্ষণত আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈ lekh-ndc.com ফালৰপৰা অশেষ শুভকামনা। নিজৰ আৰু আত্মীয়ৰ লগতে সমাজৰ প্ৰতেক ব্যক্তিৰে যত্ন লব।

হিন্দীত পঢ়িবলৈ ইয়াত ক্লীক কৰক--> हिन्दी में
ইংৰাজীত পঢ়িবলৈ ইয়াত ক্লীক কৰক--> In English


।। লেখ পঢ়াৰ বাবে বহুত বহুত ধন্যৱাদ ।।