Ads are here which will you like

বীৰ চিলাৰায় । Bir Silarai



বীৰ চিলাৰায় । Bir Silarai
বীৰ চিলাৰায় । Bir Silarai

চিলনীৰ দৰে  উৰিছিল আৰু চিলনীৰ দৰে থাপ মাৰি ধৰিছিল শত্ৰুৰ মুৰ। সেয়েহে তেও হেনো চিলাৰায়। চিলনীৰ ৰজা।
          হেমন্ত কুমাৰ ভৰালী (এহেজাৰ বছৰৰ এশগৰাকী এসমীয়া)

ভাৰতৰ বীৰ সেনাপতি অসম সন্তান চিলাৰায় দেৱৰ জন্ম হৈছিল ১৫১০ চনত (আনুমানিক)। কোচ ৰাজবংসৰ প্ৰতিষ্ঠাতা মহা প্ৰতাপি ৰজা বিশ্ব সিংহৰ সন্তান আৰু নৰনাৰায়ণৰ ভাতৃ চিলাৰায় কেৱল এজন পৰাক্ৰমী সেনাপতিয়ে নাছিল; তেখেত এজন দক্ষ পণ্ডিতো আছিল। সংস্কৃত ভাষাৰ অগাধ জ্ঞাতা আছিল। সংস্কৃত ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল সেয়েহে বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য দেৱে কৈছিল, যি জাগি থাকে/যি সীমান্তত থাকে/যি শত্ৰু বধ যজ্ঞৰ মন্ত জানে/যি আদেশ তৰোৱালত লিখে/যি দিগদনাৰ ধূলি উৰুৱাই ঘোঁৰা চেঁকুৰাই যায়/যি শঙ্খ বজায়/যি হৈমন্তী ফুলেৰে জন্মভুমিক পূজা কৰে/অৰুণ বৰুণ প্ৰভাতত/তেঁৱেই বীৰ চিলাৰায়/নিজে জাগি থাকে/স্বদেশক জগায় ৰাখে।

তেখেতৰ আচল নাম শুক্লধ্বজ আছিল। জন্মৰেপৰা তেখেতৰ শ্বেতৰোগ আছিল আৰু সেয়েহে পিতৃ বিশ্বসিংহয়ে তেখেতক এই নামটো দিয়ে। কোচ সকল আছিল হিন্দু ধৰ্মালম্বী আৰু পুৰোহিত তন্ত্ৰ দ্বাৰা পৰিচালিত বিশ্বসিংহয়ে চিলাৰায় আৰু নৰনাৰয়ণক (অৱশ্যে নৰনাৰায়ণৰ আচল নাম মল্লদেৱ আছিল) কাশীৰ ব্ৰহ্মানন্দৰ ওচৰলৈ জ্ঞান অৰ্জন কৰিবলৈ পঠায়। কিন্তু সিহতে জ্ঞান অৰ্জন কৰি থকাৰ সময়তে প্ৰায় ১৫৪০ চনত বিশ্বসিংহৰ মৃত্যু হয়; আৰু ককায়েক নৰসিংহয়ে সিংহাসন দখল কৰি লয়। শিক্ষা শেষ কৰি অহাৰ পিছত যেতিয়া নৰসিংহক সিংহাসনত দেখিলে তেতিয়া দুই ভাতৃয়ে যোদ্ধ ঘোষণা কৰিলে। যত নৰসিংহ পৰাস্ত হবলগীয়া হয়। আৰু ৰজা হয় নৰনাৰায়ণ আৰু সেনাপতি হয় চিলাৰায়।

আহোমৰ সৈতে যুদ্ধ

নৰনাৰায়ণ ৰজা হোৱাৰ পিছত আহোমৰ সৈতে শত্ৰুতা বেছি বাঢ়ি যায়। অৱশ্যে বিশ্ব সিংহ আৰু আহোমৰ সম্পৰ্কও ভাল নাছিল যদিও কিছুমান ইতিহাস বিদৰ মতে সিহতৰ সম্পৰ্ক সিমানো বেয়া নাছিল। এইটো উল্লেখ আছে যে বিশ্বসিংহয়ে ১৫৩৭ চনত আহোম ৰজা চুহুংমুঙৰ সৈতে মিত্ৰতা স্থাপন কৰে। কিন্তু পিচলৈ লাহে লাহে সম্পৰ্ক বেয়া হবলে ধৰে; আৰু নৰনাৰায়ণৰ সময় চোৱাত মিত্ৰতাই শত্ৰুতাৰ স্থান দখল কৰে।

বীৰ চিলাৰায় আৰু নৰনাৰায়ণে প্ৰথমে আহোম ৰাজ্য আক্ৰমণ কৰিব বিচৰা নাছিল। কিন্তু বিভিন্ন কাৰণত নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰাবলৈ বাধ্য হয়তাৰে ভিতৰত এটা কাৰণ আছিল ১৫৪৩ চনত গড়গঞা আহোম ৰজা চুক্লেংমুঙৰ সৈন্যই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে পহৰা দি থকা সৈন্যক খেদি পঠিয়ালে তেতিয়া চিলাৰায় ক্ৰোধিত হৈ পৰিছিল। তদুপৰি ১৫৪৩ চনত কোচ ৰাজবংশৰ তিনিজন ৰাজকুমাৰ আৰু এগৰাকী ৰাজকুমাৰীয়ে ভালেমান দেহৰক্ষী লগত লৈ আহোম শাসনৰ প্ৰভাৱত থকা ব্ৰহ্মকুণ্ডলৈ ফুৰিবলৈ গৈছিল। এওলোকক আহোম সৈন্যই আক্ৰমণ কৰি ৰাজকুমাৰ দীপনাৰায়ণক হত্যা কৰে আৰু ৰাজকুমাৰী লীলাৱতীক অপহৰণ কৰে। অৱশ্যে আন দুজন ৰাজকুমাৰে(হেমচন্দ্ৰ আৰু ৰামচন্দ্ৰ) আহোম সৈন্যৰ ওপৰত আক্ৰমণ চলাই আৰু আহোম ৰাজ্যৰ চাঙ্গিনীমুখ দখল কৰে। এইবোৰ কাৰণত কোচ আৰু আহোমৰ মাজত শত্ৰুতা বৃদ্ধি হয়। ফলত ১৫৪৬ চনত আহোমৰ লগত যুদ্ধ হয়। সেই যুদ্ধত চিলাৰায়ৰ পৰাক্ৰমৰ আগত আহোম সকল তিষ্ঠিব নোৱাৰা হৈ পৰে; আৰু আহোম সৈন্য নাৰায়ণপুৰলৈ পলাবলৈ বাদ্ধ্য হৈ পৰে। এই যুদ্ধতে চিলাৰায়ে ভাই গোসাইকমলক কোঁচ ৰাজ্যৰপৰা নাৰায়ণপুৰলৈ ৩৫০ মাইল দীঘল আলি বান্ধিবলৈ নিৰ্দেশ দিছিল যাতে এই আলি উজাই গৈ আহোম ৰাজ্য আক্ৰমণ কৰিব পাৰে। ১৫৪৭ চনত আলি সম্পূৰ্ণ হৈছিল।

যুদ্ধত পৰাস্ত হৈ আহোমসকল শান্তহৈ থকা নাছিল। সিহতে আক্ৰমণৰ পৰিকল্পনা তৈয়াৰ কৰি আছিল। যিতু কোনেও ভবা নাছিল। ফলত আহোম সেন্যয়ে হঠাৎ এদিন আক্ৰমণ কৰি চলাই আৰু এই পিছলাপাৰৰ যুদ্ধত কোচ সকল হাৰিব লগা হয়। কিন্তু এই পৰাজয়ৰ আন এটা কাৰণ খাদ্যৰ নাটনিও আছিল। চিলাৰায়ে পৰাজয়ৰ যন্ত্ৰণা মনৰপৰা গুচাবপৰা নাছিল।

বিজয় আভিযান

আহোম ৰজা চুক্লেংমুঙৰ ১৫৫২ চনত মৃত্যু হয় আৰু ৰজা হয় ছুখামফা বা খোৰা ৰজা। ৰজা নৰনাৰায়ণে সকলো পাহৰি একতা স্থাপন কৰিবলৈ ১৫৫৫ চনত আহোম ৰজাৰ আগত মিত্ৰতাৰ প্ৰস্তাৱ আগৱঢ়াইকিন্তু খোৰা ৰজায়ে অগ্ৰাজ্য কৰি দিলে। ফলত চিলাৰায়ে ১৫৬২ আৰু ১৫৬৩ ত দুবাৰকৈ আহোম ৰাজ্য আক্ৰমণ কৰিলে আৰু আহোম সকলোক পৰাজিত কৰি ৰাজধানী গড়গাৱত বিজয়ধ্বজ উৰুৱালে। ইয়াৰ পিছৰেপৰা চিলাৰায়ৰ বীৰ গাঠা আৰম্ভ হয়। আহোমক পৰাজিত কৰি চিলাৰায় কছাৰী ৰজাক নিজৰ কৰতলীয়া কৰে। সেই সময়চোৱাত ডিমৰীয়া ৰজা প্ৰত্নেশ্বৰকো নিজৰ অধিনত আনে। ইয়াৰ পিছত জয়ন্তীয়া আৰু ত্ৰিপুৰা ৰাজ্য আক্ৰমণ কৰি ৰজাক হত্যা কৰে। আনফালে মণিপুৰৰ ৰজায়ে যুদ্ধৰপৰা হাত সাৰিবলৈ সন্ধিৰ প্ৰস্তাব দিয়ে। ইয়াৰ পিছত চিলাৰায়ে ডিমৰু, চিলেট, খৈৰাম, গাৰো আদি অঞ্চলৰ ৰজা সকলোক নিজৰ অধিনত আনে এইদৰে চিলাৰায়ে উত্তৰ-পূবৰ প্ৰায়ভাগ ঠাইয়ে দখল কৰিবলৈ সক্ষম হয়কচাৰী ৰজায়ে বচৰি ৭০ হাজাৰ টকাৰ কৰ, এহেজাৰ সোণৰ মহৰ আৰু ৬০ টাকৈ হাতী দিবলৈ বাধ্য হৈছিল। মণিপুৰৰ ৰজায়ো বচৰি ২০ হাজাৰ টকাৰ কৰ, তিনিশ সোণৰ মহৰ আৰু ১০ টাকৈ হাতী দিবলৈ মান্তি হৈছিল। ফলত কোচ ৰাজ্য ধন-সোণেৰে চহকী হৈ পৰিছিল।

উত্তৰ-পূৰ্বাঞ্চলত নিজৰ ক্ষমতা বিস্তাৰ কৰাৰ পিছত চিলাৰায় গৌড় ৰাজ্য আক্ৰমণ কৰিবলৈ মন মেলিছিল। কিন্তু ইয়াত কিছুমান ইতিহাসকাৰৰ মতভেদ আছে। পাৰ্চী গ্ৰন্থবোৰৰ মতে চিলাৰায় গৌড় ৰাজ্য আক্ৰমণ কৰিব বিচৰা নাছিল। গৌড় ৰজাহে কোচ ৰাজ্য আক্ৰমণ কৰিছিল-মুচলমান ধৰ্মৰ ব্যাপকতা প্ৰচাৰৰ বাবেচুলেইমান কৰানীৰ সেনাপতি কালাপাহাৰে কোচ ৰাজ্য আক্ৰমণ কৰিলে আৰু চিলাৰায় পৰাজয়ৰ মুখ দেখিব লগা হল। চিলাৰায় বন্দী হব লগা হল। ইফালে যুদ্ধ জয় কৰি কালাপাহাৰে তাণ্ডব ৰুপ ধাৰণ কৰিছিল। বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ ভাঙিছিল। কামাখ্যা মন্দিৰো ধংস কৰিছিল কালাপাহাৰে। আপোনী শুনি আচৰিত হব যে কালাপাহাৰ বংশগতভাবে মুচলমান নাছিল। তেখেতে হিন্দু বিদ্বেষী হৈ মুছলমান ধৰ্ম গ্ৰহণ কৰি গৌড়্ ৰাজ্যৰ সেনাপতি হৈছিল।

ইফালে চিলাৰায়ক কাৰাগাৰপৰা মুক্তি কৰি দিয়া হল। ইয়াৰ কাৰণ নিশ্চিতভাৱে কবপৰা নাজায়কিন্তু প্ৰধানকৈ দুটা কাৰণ প্ৰচলিত আছে। প্ৰথমটো গৌড়্ ৰজাৰ মাতৃক সাপে খোটাৰ সময়ত আন কোনো কবিৰাজে ভাল কৰিব নোৱাৰাত চিলাৰায়ে ৰাজমাতৃক নিজৰ চিকিৎসা বিদ্যাৰে সুস্থ কৰি মৃত্যু মুখৰপৰা উদ্ধাৰ কৰিছিল। আনটো হল পাঠান উজীৰ লোডী খানৰ পৰামৰ্শ মতে চুলেইমান কৰানীয়ে চিলাৰায়ক মুক্তি দিছিল। কাৰণ সেই সময়ত মৌগলসকলে গৌড় ৰাজ্য আক্ৰমণ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছিল। সেয়েহে চিলাৰায়ক মুক্তিদি নৰনাৰায়ণক সন্তুষ্ট কৰিব বিচাৰিছিল যাতে যুদ্ধত কোচ সকলোৰপৰা সহায় পাব পাৰে। কিন্তু কালাপাহাৰে অসমক কৰা ধংসলীলা চিলাৰায় পাহৰা নাছিল।

প্ৰথমে দুই ভাতৃয়ে মঠ-মন্দিৰ সমূহ নিৰ্মাণ আৰু মেৰামতি কৰে। তাৰ পিছত প্ৰতিশোধ লোৱাৰ কথা চিন্তা কৰে। এইবাৰ চিলাৰায়ে কোনো ভুল কৰিব বিচৰা নাছিল। আৰু সেয়েহে দিল্লী সম্ৰাত আকবৰৰ সৈতে সম্পৰ্ক ভাল কৰিব ধৰিলে। ইয়াৰ বাবে নৰনাৰায়ণে বহু উপহাৰো পঠাইছিলে। আকবৰ আৰু নৰনাৰায়ণৰ মাজত মিত্ৰতা স্থাপন হল আৰু এইটো ঠিৰাং কৰিলে যে মোগলৰ সেনাপতি মানসিংহয়ে পশ্চিমৰপৰা আৰু চিলাৰায়ে পূব দিশৰপৰা আক্ৰমণ কৰিব। ফলত এই যুদ্ধত গৌড়ৰ চুলতান অতি সহজে পৰাজিত হল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সহায়

আহোম সকল আৰু মহাপুৰুষ শংকৰদেৱৰ সম্পৰ্ক লাহে লাহে বেয়া হব ধৰিছিলে। তেতিয়া মহাপুৰুষ শংকৰদেৱে চিলাৰায়ৰ ওচৰত সহায় বিচাৰি আহিছিল। আৰু তেখেতে মহাপুৰুষ শংকৰদেৱক নিজ বাসভৱনতে প্ৰস্ৰয় দিছিল। চিলাৰায়ে কথাটো ইমানে গোপনীয় ৰাখিছিল যে ৰজা নৰনাৰায়ণেও প্ৰথমে ইয়াৰ সম্ভেদে পোৱা নাছিল। পিছত নৰনাৰায়ণ আৰু মহাপুৰুষ শংকৰদেৱৰ বন্ধুত্ব গঢ়ি উঠিছিল।

চিলাৰায়ে শংকৰদেৱৰ ভাতৃ ৰাম ৰায়ৰ কন্যা ভুৱনেশ্বৰীক বিয়া কৰাইছিল। বৈষ্ণৱক কোচৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি দিয়াত এখেতৰ বহুত অৰিহণা আছে। যদি আহোম ৰজাৰ আক্ৰমণত পলাই যোৱা শংকৰদেৱে কোচ ৰাজ্যতো আশ্ৰয় নাপালেহেতেন, তেন্তে আজি অসম ভুমিত সুস্থ অসমীয়া জাতি আৰু সংস্কৃতি জীয়াই থাকিলেহেতেন নে নাই সন্দেহ।

শংকৰদেৱৰ মৃত্যুৰ ২ বচৰ পিচত আৰু গৌড় সকলোক পৰাজিত কৰাৰ পিচতে ৬১ বচৰ বয়সত ১৫৭১ চনত এই মহা প্ৰতাপী সেনাপতি চিলাৰায়ৰ মৃত্যু হয়।

চিলাৰায়ৰ মৃত্যুৰ পিছত কোচ সকলোৰ বিজয়ৰ অভিযানৰ অন্ত পৰে। গেইটপৰ বুৰণ্জী মতে, চিলাৰায়ৰ মৃত্যুৰ ছয় বচৰৰ পিছত অৰ্থাৎ ১৫৭৭ চনত বৰদাদো, গভা নায়ক আৰু বৰকাতো নামেৰে তিনিজন লোকে কোচ ৰাজ্যত বিদ্ৰোহ ঘোষণা কৰিছিল। কিন্তু তেওলোকে পৰাজয় বৰণ কৰি ১৪,০০০ সৈন্যৰে পলাই গৈ আহোম ৰজাৰ ৰাজ্যত আশ্ৰয় লৈছিল। প্ৰায় দুকুৰি চাৰি বচৰ ৰাজত্ব কৰাৰ পিচত ১৫৮৪ (কিছুমানৰ মতে ১৫৮৭) চনত নৰনাৰায়ণ স্বৰ্গী হয়। তেওৰ দিনত কোচ ৰাজ্যই উন্নতিৰ এক চৰম সীমাত উপনিত হৈছিল। অৱশ্যে তেওৰ এই সাফাল্যত ভাতৃ চিলাৰায়ৰ কৃতিত্বহে বেছি আছিল। সকলোবোৰ ৰাজনৈতিক সিদ্ধান্ত চিলাৰায়ে লৈছিল আৰু ৰাজকাৰ্যৰ প্ৰতিটো ক্ষেত্ৰতে তেওঁহে প্ৰভুত্ব বিস্তাৰ কৰিছিল

বীৰ চিলাৰায়ে প্ৰায় ৬ লাখ শৈন্যৰ নেতৃত্ব বহণ কৰিছিল। বিখ্যাত ইতিহাসবিদ আৰনল্দ জি. তয়ইনবি (Arnold J. Toynbee) য়ে চিলাৰায়ক এজন বীৰ যোদ্ধা হিচাপে সন্মানিত কৰিছে। তেখেতক শিবাজী, নেপলিয়ান বৰ্ণাপাতৰ লগত তুলনা কৰিছে। এনে এজন বীৰ মহা প্ৰতাপী ৰজা আছিল চিলাৰায়। যাৰ বীৰত্ব ইতিহাসবিদ তয়ইনবিয়ে মানিছিল আৰু তেখেতে বিশ্বক চিলাৰায়ৰ বিষয় অৱগত কৰাইছিল। কিন্তু আজি মাতৃ ভাৰতৰ বীৰ অসম সন্তান চিলাৰায় কেৱল এটা অঞ্চলতে সীমাবদ্ধ হৈ থাকিল।

সামৰণি 

বীৰ চিলাৰায় কোচ ৰাজ্যৰ সেনাপতি আছিল। আছিল অসম সন্তান। আহোমে হওক বা কোচ ৰাজ বংশয়ে হওক অসমৰ অনিস্থ কোনেও বিচৰা নাছিল। অসমক খংণ্ড খংণ্ড কৰি বিভক্ত কোনেও কৰিব বিচৰা নাছিল। বিচাৰিছিল একতা। যাতে অসমক বিশ্বৰ দৰবাৰত সুপ্ৰতিস্থিত কৰিবপৰা যায় কিমান সপোন আছিল এই অসমখনকলৈ। নিজৰ মৃত্যুৰ কথাও তিলমাত্ৰ চিন্তা কৰা নাছিল। আজি বীৰ চিলাৰায় নাই, বীৰ লাচিতো নাই, নাই মহাপুৰুষ শংকৰদেৱ কিন্তু আছে মাতৃ অসম ভূমি আৰু আছো আমিএই অসম ভূমিক বিশ্বৰ দৰবাৰত সুপ্ৰতিস্থিত কৰাৰ দায়িত্ব এতিয়া আমাৰ। তাৰ বাবে প্ৰথমে আমি এক হব লাগিব। চৰকাৰ এক হব লাগিব। ৰাইজ এক হব লাগিব। চৰকাৰ আৰু ৰাইজ এক হব লাগিব। নিজৰ মাজৰ মতভেদ সমূহ দুৰ কৰি, একতাৰ এনাজৰিৰে সকলোকে বান্ধিব লাগিব। যদি বিভেদ আছে সেই বিভেদ সমূহ সকলোৱে মিলি সমাধান কৰিব লাগিব। বিভেদ আছিল কাৰণে আমি গুলাম হব লগা হৈছিল। বিভেদ আছিল কাৰণে আমি অত্যাচাৰ সহ্য কৰিব লগা হৈছিল যি অসম ভূমিৰ ওপৰত মোগলে ক্ষমতা বিস্তাৰ কৰিব নোৱাৰিল, যি অসম ভূমিৰ ওপৰত গৌড় সকলে ৰাজত্ব কৰিব নোৱাৰিৰে, যি অসম ভূমিৰ ওপৰত দৃষ্টি ৰখা খিলজী সকলোৰ চকু ওলাই লোৱা হৈছিল সেই অসম ভূমি মানৰ গুলাম হব লগা হৈছিল । ইংৰাজৰ গুলাম হব লগা হৈছিল। কাৰণ আমাৰ মাজত মত ভেদ আছিল। ক্ষমতাৰ লোভ আছিল। কিন্তু এতিয়া সকলো ভেদা ভেদ দুৰ কৰি এক হোৱাৰ সময় আহি গৈছে। অনৈক্যৰ মাজত একৈ স্থাপনাৰ সময় আহি গৈছে। নিজৰ স্বাৰ্থপৰতা আৰু ক্ষমতাৰ লোভ এৰি ৰাজ্য নিৰ্মাণেৰে দেশ নিৰ্মাণৰ সময় আহি গৈছে। এই অসম ভুমি আকৌ সোণৰ অসম কৰাৰ সময় আহি গৈছে। যদি আজি এতিয়ায়ে আমি এক নহও আৰু কেতিয়াও হব নোৱাৰিম।